ETV Bharat / bharat

লুপ্তপ্ৰায় মেগনা কাৰ্টা আইন - মেগনা কাৰ্টা আইন

মানৱ অধিকাৰ সম্পৰ্কে বিশ্বৰ এক আংশিক তথ্য ৷ আদিবাসী সকলৰ অধিকাৰ তথা আদৰ্শ পৰিয়ালৰ প্ৰয়োজনীয়তা ৷

Feding Megna Carta
লুপ্তপ্ৰায় মেগনা কাৰ্টা আইন
author img

By

Published : Dec 14, 2019, 1:31 AM IST

নিউজ ডেস্ক, 13 ডিচেম্বৰঃ ৰাষ্ট্ৰসংঘৰ মহত্বপূৰ্ণ আকাংক্ষা এইটোৱে যে বিশ্বৰ সকলো নাগৰিককে স্বাধীনভাৱে সমঅধিকাৰ ভোগ কৰিব পাৰে য’ত কোনো বৈষম্য নাথাকিব ৷ এই বিশ্ব সংস্থাই বিশ্বাস কৰে যে পৃথিৱীত প্ৰত্যেকে সমান অধিকাৰ লৈ জন্ম লাভ কৰিছে ৷ এই বিষয়ত 1948 চনৰ 10 ডিচেম্বৰত বিশ্বৰ সমূহ ৰাষ্ট্ৰই এখন ঐতিহাসিক প্ৰস্তাৱত সন্মতি প্ৰদান কৰিছিল ৷ সেইমৰ্মে 10 ডিচেম্বৰৰ দিনটো বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ প্ৰত্যেক নাগৰিকৰ জন্মগত অধিকাৰক সুৰক্ষা প্ৰদান কৰা প্ৰত্যেক চৰকাৰৰ কৰ্তব্য তথা দায়িত্ব ৷ কিন্তু সময়ে সময়ে সমগ্ৰ বিশ্বৰ নাগৰিকৰ অধিকাৰসমূহ খৰ্ব হৈ আহিছে ৷ বিশ্বৰ বিভিন্ন প্ৰান্তত জাতি-ধৰ্ম, বৰ্ণ, লিংগ তথা বৰণক লৈ বৈষম্য সময়ে সময়ে হৈ আহিছে ৷ নাগৰিকৰ স্বাধীনতাৰ তথা অধিকাৰৰ বাবে ঐতিহাসিক আইন মেগনা কাৰ্টাই স্পষ্ট ৰূপত প্ৰকাশ কৰে যে মানুহৰ অসামৰিক অধিকাৰ খৰ্ব কৰিব নোৱাৰিব ৷

মানৱ অধিকাৰ সুৰক্ষা আইন 1993, ভাৰতবৰ্ষত 8 জানুৱাৰী 1994 চনত কাৰ্যকাৰী কৰা হৈছিল ৷ সেই অধিনিয়ম মতে ৰাজ্যিক স্তৰত মানৱাধিকাৰ গোষ্ঠী স্থাপন কৰা ৷ এমনেষ্টি ইন্টাৰনেশ্বনেলৰ প্ৰতিবেদন অনুসৰি ভাৰতকে ধৰি বিশ্বৰ অন্যান্য ৰাষ্ট্ৰত মানৱ অধিকাৰৰ উলংঘনৰ ঘটনা সঘনাই পোহৰলৈ আহি থাকে ৷ ৰিপ’ৰ্ট অনুসৰি আমেৰিকা, ভেনিজুৱেলা, বাংলাদেশ, ইৰাণ, ইৰাক, য়েমেন, তুৰ্কী আৰু ছিৰিয়াত বিশ্বৰ সবাতকৈ বেছি মানৱ অধিকাৰ উলংঘন হোৱা বুলি জানিব পৰা গৈছে ৷ ইয়াৰ ভিতৰত শিশু অধিকাৰ, মত প্ৰকাশৰ স্বাধীনতা, লিংগ বৈষম্যতা, শিশু আৰু মহিলাৰ বিৰুদ্ধে শোষণ, বৰ্ণ-বৈষম্য, ধৰ্মীয় বৈষম্যতা তথা সামাজিক কৰ্মীৰ হত্যা আদি ঘটনা অন্তৰ্ভুক্ত আছে ৷ মহিলাৰ অধিকাৰৰ সম্বন্ধত ললিতা মুডগল বনাম ভাৰত সংঘ (1995), ছেল্বী বনাম কৰ্নাটক ৰাজ্য, মেহতা বনাম ভাৰত সংঘ(1986) ঘটনা গুৰুত্বপূৰ্ণ ৷ ইয়াৰোপৰি বিশাখা দিশা নিৰে্দশো গুৰুত্বপুৰ্ণ বুলি বিবেচিত হৈছিল ৷ দিল্লীস্থিত স্বেচ্ছাসেৱী সংগঠন ‘নাজ ফাউণ্ডেচনে’ (2009) হিজৰাৰ অধিকাৰৰ বাবে কাম কৰি আছে ৷ প্ৰত্যেক ব্যক্তিয়ে নুন্যতম সুবিধা লাভ কৰাটো এক অধিকাৰ ৷ ভাৰতৰ ভিতৰত অসুস্থ ৰাজ্য হিচাপে বিহাৰ, মধ্য প্ৰদেশ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশক চিহ্নিত কৰা হৈছে ৷ কোকোলাত এতিয়াও খোৱাপানী, পৰিবহণ, বিদ্যুৎ সেৱাৰ দৰে নুন্যতম সুবিধাৰ পৰা বঞ্চিত ৷ প্ৰযুক্তিবিদ্যাৰ দিশত কোটি কোটি টকা খৰছৰ পিচতো কিছুমান ঠাই আজিও উপেক্ষিত নিজৰ নূন্যতম সুবিধাৰ পৰাও ৷ স্বাধীনতাৰ সত্তৰ বছৰৰ পিচতো বঞ্চিত এইসমূহ ঠাই ৷ মেনুৱেল স্কেৱেঞ্জিংগ এক অপৰাধৰূপে গণ্য কৰা হয় ৷ হেলচংকিৰ ঘোষণা অনুসৰি মানুহৰ ওপৰত ঔষধ প্ৰয়োগ কৰা এটা অপৰাধ ৷ অলপতে তেলাংগানাৰ ভদ্ৰাচলম আদিবাসী ছোৱালীৰ ওপৰত এনেকুৱাকৈ প্ৰয়োগ কৰি অহাৰ ঘটনা পোহৰলৈ আহিছে ৷ নাৰী সৰবৰাহ এটা বৃহৎ আইনী অপৰাধ ৷ তেলাংগানাৰ নাল্লামালা নামৰ আদিবাসী অঞ্চলত টকাৰ লালসা দেখুৱাই ঠগবাজী কৰি থকাৰ ঘটনা পোহৰলৈ আহিছে ৷ মহাৰাষ্ট্ৰৰ খৰাং পিড়িত অঞ্চল মাৰাতাৱাড়াৰ কাহিনী অতি মৰ্মান্তিক ৷ এই অঞ্চলৰ বেছিভাগ মহিলাৰ জৰায়ু নাথাকে কাৰণ কুঁহিয়াৰ খেতিত নিয়োজিত এইসকল মহিলাৰ হিস্টেৰেক্টোমীত পীড়িত ৷ কিয়নো তেওঁলোকে নহ’লে নিজৰ মাহিলী ঋতুস্ৰাৱৰ সময়ত কৰ্মস্থলীত উপস্থিত থাকিব নোৱাৰিলেহেতেন ৷ কৰ্মবিমুখতাৰ ভয়ত তেওঁলোকে উপায়হীন হৈ এই কষ্ট ভুগিবলগীয়া হৈছে ৷ ই মানৱ অধিকাৰৰ চৰম উলংঘাৰূপে বিবেচিত হৈছে ৷

বঞ্চিত আদিবাসীঃ

পিচা চুক্তি 1996 পৰামৰ্শ যে বনজ সম্পদৰ ওপৰত আদিবাসীৰ অধিকাৰ আছে আৰু সেইবোৰ তেওঁলোকৰ অনুমতি অবিহনেই এইবোৰ ধ্বংস কৰা কাৰ্য চলি আছে ৷ মধ্যপ্ৰদেশ, উৰিষ্যা আৰু তেলাংগানাৰ নাল্লামালা অঞ্চলত ইউৰেনিয়ামৰ অবাধ ধ্বংস কাৰ্য উল্লেখনীয় ৷ অবাধ গতিত হৈ থকা বন ধ্বংসই ভাবুকিৰ সৃষ্টি কৰিছে ৷ পশ্চিম বংগৰ এটা দ্বীপপুঞ্জত অবাধ গতিত কৰা বন ধ্বংসই ভয়াৱহ ভাবুকিৰ সৃষ্টি কৰিছে ৷

বৰ্তমান সময়ত আশ্বৰ্যজনক ধৰ্ষণকাণ্ডই দেশৰ লগতে সমগ্ৰ বিশ্বতে তোলাপাৰ লগাইছে ৷ কিছুদিন আগত নিৰ্ভয়া তথা দিশা কাণ্ড ইয়াৰ উদাহৰণ ৷ আদিবাসী সম্প্ৰদায়ৰ অধিকাৰৰ ওপৰত বাৰুকৈয়ে প্ৰশ্নৰ উন্মেষ ঘটি আহিছে ৷ শেহতীয়াভাৱে চলোৱা এক সমীক্ষাত এই সম্প্ৰদায়ৰ বহুতৰে বসবাস কৰিবলৈ ঘৰ নাই বুলি পোহৰলৈ আহিছে ৷

আনহাতে নিজৰ নাগৰিকত্বৰ পৰিচয় পত্ৰৰ বাবেও আদিবাসীয়ে নিজ দেশতে সংগ্ৰাম কৰিবলগীয়া হয় ৷ বৃটিছৰ দিনৰ পৰাই আদিবাসীৰ পূৰ্বপুৰুষসকলক অপৰাধী সজোৱা হৈছিল ৷ সেই মনোভাৱ আজিও বৰ্তি থকা বাবে সমাজৰ পদে পদে আদিবাসীসকল শোষণৰ সন্মুখীন হৈ আহিছে ৷ ৰাষ্ট্ৰীয় অপৰাধ পৰিসংখ্যা 2017 অনুসৰি শিশুৰ বিৰুদ্ধে শোষণ আৰু নাৰী সৰবৰাহী কাৰ্যৰ ঘটনাই অধিক ৷

আদৰ্শ পৰিয়াল ব্যৱস্থাৰ প্ৰয়োজনীয়তাঃ

বিশ্বৰ ভিতৰত নেদাৰলেণ্ডে মানৱ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ পিচতে নৰৱে’, কানাডা, চুইডেন, ডেনমাৰ্ক আৰু ছুইজাৰলেণ্ডৰ স্থান ৷ অলপতে হোৱা এটা সমীক্ষাৰ পৰা এই তথ্য লাভ কৰা গৈছে ৷ ছৌদি আৰৱ, চীন, কাটাৰ আৰু ইৰাক এই তালিকাৰ শেষৰফালে নাম সন্নিৱিষ্ট আছে ৷ আদৰ্শ পৰিয়াল সামাজিক অস্তিত্বৰ আধাৰশিলা বুলি গণ্য কৰা হয় ৷ সামাজিক দিশটো সুদৃঢ় কৰাৰ বাবে অতিকৈ প্ৰয়োজনীয় ৷ মানৱতা আৰু নৈতিক মুল্যবোধ শিশুৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰাটো অতিকৈ দৰকাৰী ৷ শিক্ষণৰ মুল্যবোধেই সমাজ এখনৰ দলিল স্বৰূপ ৷ যদি এইবোৰ সঠিক ৰূপত ব্যৱহাৰ হয় তেতিয়াহ’লে বৈষম্যৰ পৰিমাণ বহু ক্ষেত্ৰত হ্ৰাস পাব বুলি আশা কৰিব পাৰি ৷

ড৹ ৰমেশ বুডাৰাম
(অধ্যাপক, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় জনজাতিয় কেন্দ্ৰীয় বিশ্ববিদ্যালয়, মধ্য প্ৰদেশ)

আৰু পঢ়কঃ প্ৰতিবাদকাৰীৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰাৰ দাবী এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ

Intro:Body:

human right 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.