ETV Bharat / bharat

কৃষক বিদ্ৰোহঃ দিল্লী-হাৰিয়ানাৰ ৫খন টোল গে'টৰ বাবে সাজু ৩,৫০০ আৰক্ষী

author img

By

Published : Dec 12, 2020, 4:24 PM IST

দিল্লীৰ কৃষক বিদ্ৰোহে কঁপনি তুলিছে কেন্দ্ৰত । আলোচনাৰে মীমাংসা কৰাৰ কেন্দ্ৰৰ আশাত চেঁচা পানী পৰা পিছত এইবাৰ কৃষকক বাধা দিবলৈ সাজু কৰা হৈছে ৩,৫০০ আৰক্ষী জোৱানক । দিল্লী-হাৰিয়ানাৰ ৫খন টোল গে'টত প্ৰয়োজন সাপেক্ষে নিৰাপত্তাৰ দায়িত্বত থাকিব এই আৰক্ষী বাহিনী । কৃষি আইনৰ বিৰুদ্ধে কৃষকে প্ৰতিবাদ তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়াৰ পিছতে এই ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে ।

দিল্লী-হাৰিয়ানাৰ ৫খন টোল গে'টৰ বাবে সাজু ৩,৫০০ আৰক্ষী

নেশ্যনেল ডেস্ক, ১২ ডিচেম্বৰ: কৃষকে দিল্লী সীমান্তত সাব্যস্ত কৰা প্ৰতিবাদ, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আদি কাৰ্যসূচী ক্ৰমাৎ বৃদ্ধি পাই অহাত থৰকাচুতি হেৰাইছে কেন্দ্ৰীয় চৰকাৰৰ । তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে কৃষক ইউনিয়নে বিদ্ৰোহ তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়াৰ প্ৰত্যুত্তৰত চৰকাৰেও নিৰাপত্তা ব্যৱস্থা পূৰ্বতকৈ অধিক কটকটীয়া কৰি তুলিছে । ফৰিদাবাদ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, টোল গে'টসমূহক সুৰক্ষা দিয়াৰ বাবে আৰু যাতায়াত সুচল কৰাৰ বাবে অধিক আৰক্ষী জোৱান নিয়োগ কৰা হৈছে ।

প্ৰয়োজন সাপেক্ষে ৩,৫০০ আৰক্ষী জোৱানক দিল্লী-হাৰিয়ানাৰ ৫খন টোল গে'টত সষ্টম কৰা হ'ব । বদৰপুৰ ব'ৰ্ডাৰ, গুৰুগ্ৰাম ফৰিদাবাদ, কুণ্ডলী-গাজিয়াবাদ-পলৱাল, পালী ক্ৰাছাৰ আৰু ট'ল গেটত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে তীক্ষ্ণ নজৰ দিব । উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা সকলো সা-সৰঞ্জাম আৰক্ষীয়ে সকলো ব্যৱস্থা সাজু কৰি ৰাখিছে । ড্ৰোণেৰে ওপৰৰ পৰা পৰিস্থিতি পৰ্যবেক্ষণ কৰা হ'ব ।

আৰক্ষীৰ উপ-আয়ুক্ত অৰ্পিত জৈনে কয় যে, 'আমি সকলোকে সন্মান কৰো । কিন্তু যদি আইন ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব ।' তিনি খন কৃষি আইনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদে শুক্ৰবাৰে ১৬ দিন অতিক্ৰম কৰে । কৃষক ইউনিয়নে এতিয়া ৰেলপথ অৱৰোধ কৰাৰ হুংকাৰ দিছে । দিল্লী-জয়পুৰ, দিল্লী-আগ্ৰা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ পৰিকল্পনা কৰিছিল কৃষকসকলে । বৃহস্পতিবাৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে, এতিয়াও আলোচনা চলি আছে । সেয়েহে কৃষকসকলক প্ৰতিবাদী কাৰ্যসূচী বন্ধ কৰিবলৈ অনুৰোধ কৰে ।

লগতে পঢ়ক:কাজলগাঁৱৰ পেৰেড গ্ৰাউণ্ডত বিটিচি নিৰ্বাচনৰ ভোটগণনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.