ETV Bharat / bharat

'হিংসাৰ পৰিৱৰ্তে হিংসা' দৃষ্টিভংগী যথেষ্ট উত্তেজিত : ডি. এছ. হুদা

author img

By

Published : Oct 23, 2019, 5:49 PM IST

অৱসৰপ্ৰাপ্ত লেফ. জেন ডি. এছ. হুদাই ভাৰত-পাকিস্তান সম্পৰ্ক সন্দৰ্ভত প্ৰকাশ কৰিছে এক প্ৰবন্ধ ৷

ডি. এছ. হুদা

নিউজ ডেস্ক, 23 অক্টোবৰ : ভাৰত আৰু পাকিস্তানৰ নিয়ন্ত্ৰণ সীমাৰেখা (LoC) ত 20 অক্টোবৰৰ দিনটোক অন্যতম ৰক্তাক্ত দিন হিচাপে গণ্য কৰা হয় ৷ দুয়োটা পক্ষৰ পৰা অধিক ক্ষয়-ক্ষতিৰ তথ্য প্ৰদান কৰিলেও 9 জনকৈ সেনা আৰু সাধাৰণ লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হৈছিল ৷ ভাৰতীয় সেনাই টোপ ব্যৱহাৰ কৰি পাকিস্তান সীমান্তৰ সন্ত্ৰাসবাদী ছাউনীত আক্ৰমণ কৰিছিল আৰু জেনেৰেল বিপিন ৰাৱটে প্ৰদান কৰা তথ্য অনুসৰি, ছয়ৰ পৰা দহজন পাকিস্তানী সেনা নিহত হোৱাৰ লগতে তিনিটা সন্ত্ৰাসবাদী শিবিৰ ধংস হৈছিল ৷ ইয়াৰ পৰিৱৰ্তে পাকিস্তানী সৈন্যই সংবাদ মাধ্যমৰ আগত ভাৰতৰ এই দাবীক অগ্ৰাহ্য কৰাৰ লগতে 9 জন ভাৰতীয় সৈন্যকহে হত্যা কৰা বুলি বিবৃতি দিছিল ৷

ইয়াৰ পাচতে সংঘটিত হোৱা প্ৰতিটো যুদ্ধবিৰতি উলংঘাৰ সময়ত তৰ্ক যুদ্ধত লিপ্ত হৈছিল দুই চুবুৰীয়া ৰাষ্ট্ৰ ভাৰত আৰু পাকিস্তান ৷ লগতে দুয়ো ৰাষ্ট্ৰৰ টুইটাৰ যুদ্ধাই মিছা ভিডিঅ' পোষ্ট কৰি বাদানুবাদত লিপ্ত হৈছিল ৷

নিয়ন্ত্ৰণ সীমাৰেখাত টোপ ব্যৱহাৰ কৰাৰ দশক পাৰ হোৱাৰ পাচত দুয়ো দেশৰ মাজত যুদ্ধবিৰতি উলংঘা চুক্তি, 2003 স্বাক্ষৰিত হয় ৷ ইয়াৰ পাচৰ দহ বছৰলৈ সীমান্তত বাস কৰা সাধাৰণ লোকসকলে স্বস্তিৰ নিশ্বাস পেলাইছিল ৷ মই সাধাৰণ জনতাৰ কথা এই কাৰণেই উল্লেখ কৰিছো যিহেতু তেওঁলোকেই আটাইতকৈ কমকৈ সুৰক্ষিত আৰু যুদ্ধবিৰতি উলংঘাৰ সময়ত সৰ্বাধিক ভুক্তভোগী ৷ 2018 চনৰ মে' মাহত অৰ্নিয়া চেক্টৰৰ গ্ৰাম্য লোকসকলে পাকিস্তানৰ গুলীবৰ্ষণৰ পৰা বাচিবৰ বাবে নিজৰ বাসগৃহ পৰিত্যাগ কৰিছিল আৰু একেই দৃশ্য সীমাৰ সিটো ফালেও পৰিলক্ষিত হৈছিল ৷

মোৰ দৰ্শনত, 2013 চনতে সকলোবোৰ সলনি হৈছিল,সেই সময়তে কাশ্মীৰৰ সুৰক্ষা ব্যৱস্থাত বিভিন্ন প্ৰযুক্তিৰ ব্যৱহাৰ আৰু ভাৰতৰ প্ৰতি সহৃদয়তা প্ৰদৰ্শন কৰা নৱাজ শ্বৰীফৰ বিজয় দেখি পাকিস্তান অপ্ৰস্তুত হৈ পৰিছিল ৷ ইয়াৰ ফলতে হিৰানগৰ,ছাম্বা আৰু জেংগলটত সুৰক্ষা বাহিনীৰ ওপৰত আক্ৰমণ আৰু যুদ্ধবিৰতি উলংঘা কৰা হৈছিল ৷

2014 চনৰ ভাৰতৰ নিৰ্বাচনৰ জৰিয়তে ভাৰতে এনে এক চৰকাৰ গঠন কৰিলে যি চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি পোষণ কৰিছে ৷ দুয়ো দেশৰ মাজত উদ্বিগ্নতা বৃদ্ধি পোৱাৰ ফলত 2012 চনৰ 100 টা যুদ্ধবিৰতি উলংঘাৰ ঘটনাৰ পৰা 2018 চনত 2000 টালৈ বৃদ্ধি পালে ৷

যুদ্ধবিৰতি উলংঘা কিয় হয়? এয়া ধাৰণা কৰা হয় যে,সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশক ভাৰতৰ পৰা লুকুৱাই ৰাখিবৰ বাবে পাকিস্তানী সৈন্যই এই কাণ্ড সংঘটিত কৰে ৷ নিয়ন্ত্ৰণ সীমাৰেখাত সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰাৰ চেষ্টা চলোৱা ঘটনাৰ পৰা এই অনুমান কৰা হৈছে ৷ গৃহ মন্ত্ৰণালয়ৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি,2014 চনৰ পৰা 2018 চনলৈ 1461 জন সন্ত্ৰাসবাদীয়ে জম্ম-কাশ্মীৰত অনুপ্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল ৷

তথাপিও, অনুপ্ৰৱেশৰ বাবেই গুলীবৰ্ষণ নহয় ৷ নিয়ন্ত্ৰণ ৰেখাত দুয়ো বৈৰী ৰাষ্ট্ৰই নিজৰ অধিকাৰক আনখন দেশৰ ওপৰত জাপি দিয়াৰ চেষ্টা কৰি আহিছে ৷ নৈতিক আধিপত্যৰ সন্ধানত কেতিয়াবা এনেকুৱাও হৈছে যেতিয়া দুয়ো দেশে নিজৰে সৈন্যৰ প্ৰাণ হেৰুৱাইছে ৷ 20 অক্টোবৰত ভাৰতীয় সৈন্যই প্ৰতিশোধ ল'বলৈ গৈ নিজৰে দুজনকৈ সৈন্যক হেৰুৱাইছিল ৷ 'হিংসাৰ পৰিৱৰ্তে হিংসা' দৃষ্টিভংগী যথেষ্ট উত্তেজিত যেন পৰিলক্ষিত হ'লেও প্ৰতিৰক্ষামূলক মনোবৃত্তিয়ে নিয়ন্ত্ৰণ ৰেখাত অৱস্থান কৰা সন্ত্ৰাসবাদক নিৰ্মূল কৰাত সহায় কৰে ৷ লিডেল হাৰ্টে মন্তব্য কৰা অনুসৰি, "বিৰোধী দলৰ সৈন্যৰ মানসিকতাৰ ওপৰত ভিত্তি কৰিহে যুদ্ধ সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা হয়, নিজ দলৰ সৈন্যক যুদ্ধৰ বাবে কেতিয়াও উদ্বুদ্ধ কৰা নহয় ৷"

হিংসাৰ এই কালচক্ৰৰ পৰা হাত সাৰিবলৈ কিবা উপায় আছে নেকি? তাত্বিক দিশত এই প্ৰশ্নৰ উত্তৰ সহজ হ'লেও ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যথেষ্ট কষ্টকৰ ৷ নিশ্চিতভাৱে যুদ্ধবিৰতি উলংঘা সম্পৰ্কত পাকিস্তানী সেনা বৰ্তমান সময়ত আমাতকৈ উৰ্ধত আছে, সেয়েহে তেওঁলোকে সন্ত্ৰাসবাদী অনুপ্ৰৱেশকাৰীৰ ওপৰত চোকা নজৰ ৰখা হ'লে সীমান্তত স্বত স্ফূৰ্তভাৱে হিংসাত্মক ঘটনা হ্ৰাস পালেহেতেন ৷ ইয়াৰ ফলত ভাৰতীয় সেনাইও প্ৰতিশোধ ল'বলৈ চেষ্টা নকৰিলেহেতেন ৷ কিন্তু পাকিস্তানী সৈন্যই এনে কোনো পদক্ষেপ লোৱাৰ সম্ভাৱনা নাই যিহেতু তেওঁলোকে অনুপ্ৰৱেশকাৰীৰ বিষয়টো মানি ল'ব নিবিচাৰে ৷ দুয়ো দেশৰ মাজত উদ্বিগ্নতা বৃদ্ধি পোৱাৰ পাচত দুয়ো পক্ষই এনে কোনো পদক্ষেপ ভৱিষ্যতে গ্ৰহণ কৰাৰো সম্ভাৱনা নাই ৷

সীমান্তত কোনো পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই আৰু কেৱল বন্দুকহে গৰজি উঠাৰ বাহিৰে অন্য গত্যন্তৰ নাই ৷ দুয়ো দেশৰ যিসকল সৈন্য আৰু সাধাৰণ জনতাই প্ৰাণ হেৰুৱালে সেই সকলৰ সন্মানাৰ্থে দুয়ো দেশৰ মাজত আলোচনা প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰাৰ বাহিৰে অন্য উপায় নাই ৷

- ডি. এছ. হুদা,লেফটেনেন্ট জেনেৰেল

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.