নিউজ ডেস্ক, 14 ছেপ্তেম্বৰ : জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাত সোমবাৰে পুনৰ উদ্ধাৰ হয় এটা শক্তিশালী বিস্ফোৰক সামগ্ৰী ৷ সেনা তথা নিৰাপত্তা বাহিনীলৈ বুলি সংস্থাপন কৰা বিস্ফোৰকটো সেনাৰ ৰোড অপেনিং পাৰ্টীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ শ্ৰীনগৰ বাৰামুলা ৰাষ্ট্ৰীয় ঘাইপথৰ পট্টন এলেকাত স্থাপন কৰা হৈছিল বিস্ফোৰকটো ৷
স্থানীয় আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, পৰৱৰ্তী সময়ত সুৰক্ষিত স্থানত বিস্ফোৰকটো নিষ্ক্ৰিয় কৰা হয় ৷
লগতে পঢ়ক : চীনৰ উত্থানে চিন্তাত পেলাইছে নেকি আমেৰিকা যুক্তৰাষ্ট্ৰক !