ETV Bharat / bharat

SIIৰ প্ৰতিষেধকৰ জৰুৰী ব্য়ৱহাৰৰ বাবে বিশেষজ্ঞ কমিটীৰ বৈঠক - কন্ট্ৰোলাৰ

সীৰম ইনষ্টিটিউট অব ইণ্ডিয়াৰ এগৰাকী শীৰ্ষ বিষয়াৰ মতে ড্ৰাগছ কন্ট্ৰোলাৰ অব ইণ্ডিয়াৰ চাবজেক্ট এক্সপাৰ্ট কমিটী ( এচ ই চি )য়ে কভিড-১৯ প্ৰতিষেধকৰ জৰুৰী ব্য়ৱহাৰৰ অনুমতিৰ বাবে (এচ আই আই )ৰ আবেদন সন্দৰ্ভত আলোচনাৰ বাবে এক বৈঠকৰ আয়োজন কৰিব ।

SIIৰ প্ৰতিষেধকৰ জৰুৰী ব্য়ৱহাৰৰ বাবে বিশেষজ্ঞ কমিটীৰ বৈঠক

author img

By

Published : Dec 30, 2020, 8:15 PM IST

নেশ্য়নেল ডেস্ক , ৩০ ডিচেম্বৰ : বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো চলিছে কৰণা প্ৰতিষেধক প্ৰস্তুতৰ প্ৰক্ৰিয়া । তথ্য় অনুসৰি ড্ৰাগছ কন্ট্ৰোলাৰ অব ইণ্ডিয়াৰ চাবজেক্ট এক্সপাৰ্ট কমিটী ( এচ ই চি )য়ে কভিড-১৯ কোভিশ্বীল্ড প্ৰতিষেধকৰ জৰুৰী ব্য়ৱহাৰৰ অনুমতিৰ বাবে সীৰম ইনষ্টিটিউট অব ইণ্ডিয়া (এচ আই আই )ৰ আবেদন সন্দৰ্ভত আলোচনাৰ বাবে এক বৈঠকৰ আয়োজন কৰিব । এক সূত্ৰ মতে, এই বৈঠকত কেৱল এচ আই আইৰ আবেদনকহে বিবেচনা কৰা হ'ব । বৈঠকৰ পিছত এচ ই চিৰ মত ড্ৰাগছ নিয়ন্ত্ৰকৰ অনুমোদনৰ বাবে পঠিওৱা হ'ব ।

কোভিশ্বীল্ডৰ প্ৰস্তুতকৰণ পুণেৰ এচ আই আইৰ চিম্পাঞ্জী এডেনোভাইৰাছত এচট্ৰাজেনেকা কোম্পানীৰ সহযোগত কৰি থকা হৈছে । ইতিমধ্য়ে এই প্ৰতিষেধকৰ ২য় আৰু ৩য় পৰ্যায়ৰ ক্লিনিকেল টেষ্টৰ বাবে অনুমতি দিয়া হৈছে আৰু জৰুৰী ব্য়ৱহাৰৰ অনুমতিৰ বাবে আবেদন কৰিছে । উল্লেখ যে প্ৰতিষেধকৰ জৰুৰী ব্য়ৱহাৰৰ অনুমতিৰ বাবে আবেদন বিচৰা এচ আই আই একমাত্ৰ স্বদেশী প্ৰতিস্থান । এই প্ৰতিস্থানলৈকে যোৱাটো মাহত পৰ্যবেক্ষণৰ বাবে গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।

লগতে পঢ়ক :আধুনিক প্ৰযুক্তি বিদ্য়াই মহামাৰীজনিত কষ্ট হ্ৰাস কৰিছে : ৰাষ্ট্ৰপতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.