ETV Bharat / bharat

কেব সম্পৰ্কত অসমৰ বিশিষ্ট ব্যক্তিৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ - মানস প্ৰতীম ভূঞা আৰু কৃষ্ণা শৰ্মাৰ মন্তব্য

কেব সম্পৰ্কত বিশিষ্ট সাংবাদিক আৰু বিশিষ্ট প্ৰবক্তা ক্ৰমে মানস প্ৰতীম ভূঞা আৰু কৃষ্ণা শৰ্মাৰ মন্তব্য ৷

মানস প্ৰতীম ভূঞা আৰু কৃষ্ণা শৰ্মা
অসমৰ বিশিষ্ট ব্যক্তিৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ
author img

By

Published : Dec 13, 2019, 6:53 PM IST

নিউজ ডেস্ক, 13 ডিচেম্বৰ : বিশিষ্ট সাংবাদিক মানস প্ৰতীম ভূঞাই মন্তব্য কৰে যে,অসমীয়া লোকে প্ৰতি খোজতে বিভিন্ন ৰাজনৈতিক দলৰ পৰা বিশ্বাসঘাটকতা লাভ কৰি আহিছে ৷ ভাষা-সংস্কৃতি সুৰক্ষিত কৰিব বুলি বিভিন্ন দলক বিশ্বাস কৰি জয়যুক্ত কৰিছিল যদিও অৱশেষত প্ৰতাৰণাৰ বাহিৰে একো লাভ নকৰিলে ৷ অসমীয়া মানুহে এনে পৰিস্থিতি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে ৷ এন আৰ চিৰ জৰিয়তে অবৈধ বাংলাদেশীক অসমৰ পৰা বহিস্কাৰ কৰিব বুলি অসমীয়াই আশা দেখিছিল যদিও নাগৰিকত্ব সংশোধনী আইন আনি বিশ্বাসঘাটকতা কৰা হ'ল ৷

মানস প্ৰতীম ভূঞাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

তেওঁ লগতে কয় যে,কেবৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে হিন্দু-মুছলিমৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে ৷ শ শ জনগোষ্ঠীৰে প্ৰাচীন যুগৰ পৰা একেলগে বাস কৰা উত্তৰ-পূৱ তথা অসমৰ ৰাইজে হিন্দু-মুছলিমৰ বিভেদ কেতিয়াও গ্ৰহণ নকৰে ৷ সেয়েহে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰা এই আইনৰ বিৰোধিতা কৰিছে অসমীয়া জনগণই ৷ এই আইনে বিপদৰ সৃষ্টি কৰিব সেয়েহে অসমীয়া মানুহৰ মাজত ইয়াৰ প্ৰতিফলন দেখা গৈছে ৷ ৰাজনৈতিক নেতৃবৃন্দই অসমীয়াৰ অনুভূতিক বুজি পোৱা উচিত বুলি মন্তব্য কৰে বিশিষ্ট সাংবাদিকজনে ৷

কৃষ্ণা শৰ্মাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

বিশিষ্ট প্ৰৱক্তা কৃষ্ণা শৰ্মাই এই সম্পৰ্কত মন্তব্য কৰে যে,এনে পৰিস্থিতিত অসমীয়াৰ খং নুঠাৰ কোনো কাৰণেই নাই ৷ বিধেয়কখন আইনত পৰিণত হ'লেও বৰ্তমান উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ চিন্তা কৰিলেও কিছু চিন্তা-ধাৰাৰে আগবঢ়া উচিত ৷ অসমীয়াই ধৰ্মৰ ভিত্তিত যি নাগৰিকত্ব প্ৰদানৰ যি প্ৰতিবাদ কৰিছে সেই বিষয়ত কিছু অধ্যয়নৰ জৰিয়তে আগবঢ়া উচিত ৷ সেয়েহে এই ক্ষেত্ৰত আমি অসমীয়াই ব্যৱহাৰিক দিশেৰে আগবাঢ়িব লাগে বুলি মন্তব্য কৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে ৷

আৰু পঢ়ক : অগ্নিগৰ্ভা অসমঃ এই জুই নুমাব কেতিয়া ?

Intro:Body:Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.