নতুন দিল্লী, 26 অক্টোবৰ : কয়লা কেলেংকাৰীত জড়িতৰ অপৰাধত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দিলীপ ৰায়ক তিনিবছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ দিছে চিবিআইৰ বিশেষ আদালতে ৷ মন্ত্ৰীগৰাকীৰ সৈতে নাম সাঙোৰ খোৱা আন দুগৰাকী ব্যক্তিকো একে শাস্তিৰ নিৰ্দেশ প্ৰদান কৰে আদালতে ৷ ৰাজধানী দিল্লীস্থিত চিবিআইৰ বিশেষ আদালতে পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আন পাঁচগৰাকী ব্যক্তিক কয়লাৰ অবৈধ ব্যৱসায়ত জড়িতৰ অপৰাধত দোষী সাব্যস্ত কৰিছিল ৷ বিগত 6 অক্টোবৰত ৰাউজ এভেন্যু আদালতৰ বিশেষ ন্যায়াধীশ ভৰত পৰাশৰে 1999 চনৰ ঝাৰখণ্ডত কয়লাৰ অবৈধ ব্যৱসায় অব্যাহত থকাৰ কথা পোহৰলৈ আহিছিল ৷ এই ব্যৱসায়ত জড়িত থকাৰ সন্দেহত সাঙোৰ খাইছিল পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নাম ৷
ই ঘটনাটো সংঘটিত হৈছিল ঝাৰখণ্ডৰ গিৰিডীহ জিলাত ৷ জিলাখনত প্ৰায় 105.153 হেক্টৰ ভূমি অবৈধ কয়লা খনন ক্ষেত্ৰ হিচাপে ব্যৱহৃত হৈছিল ৷ যি 1999 চনত কয়লা মন্ত্ৰালয়ৰ দ্বাৰা 14 সংখ্যক স্ক্ৰীনিং কমিটিৰ দ্বাৰা কেষ্ট্ৰোন টেকন’ল’জী লিমিটেডৰ পক্ষত আছিল ৷
ৰায়, অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰী আছিল ৷ মন্ত্ৰীগৰাকীৰ লগতে প্ৰদীপ কুমাৰ বেনাৰ্জী আৰু নিত্যা নন্দ গৌতম,কেষ্ট্ৰোন টেকন’ল’জী লিমিটেড, মহেন্দ্ৰ কুমাৰ আগৰৱালা আৰু কেষ্ট্ৰোন মাইনিং লিমিটেডকো এইক্ষেত্ৰত দোষী সাব্যস্ত কৰা হৈছিল ৷ ভাৰতীয় দণ্ডবিধিৰ অধীনত 409 নং ধাৰাত ৰায়ক দোষী সাব্যস্ত কৰা হৈছিল ৷
বিগত 14 অক্টোবৰত দোষীৰ শাস্তি সম্পৰ্কে হোৱা শুনানিৰ অন্তত চিবিআইৰ বিশেষ আদালতে পূৰ্বৰ মন্ত্ৰীগৰাকীক যাৱজ্জীৱন কাৰাদণ্ড ঘোষণাৰ পোষকতা কৰিছিল ৷ কিন্তু প্ৰাক্তন মন্ত্ৰীগৰাকীক আদালতে তিনি বছৰীয়া কাৰাদণ্ড বিহাৰ পিছত সম্প্ৰতি জামিন মঞ্জুৰ হৈছে দিলীপ ৰায়ৰ ৷
লগতে চাওকঃ মালদ্বীপৰ পৰা উৰণ আৰম্ভ কৰা ছী-প্লেনৰ কোচিত অৱতৰণ