নিউজ ডেস্ক, 28 অক্টোবৰ: সোমবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ প্ৰমুখ্য অজিত ডোভালৰ সৈতে মিলিত হয় ভাৰত ভ্ৰমণলৈ অহা ইউৰোপিয়ান সংঘৰ এটা প্ৰতিনিধিৰ দল ৷
মঙলবাৰে কাশ্মীৰ ভ্ৰমণলৈ যাব ইউৰোপিয়ান সংঘৰ প্ৰতিনিধি দলটো ৷ যাৰ বাবে সোমবাৰে অজিত ডোভাল,উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৰ সৈতে মিলিত হয় প্ৰতিনিধি দলটো ৷ দলটোৱে 370 অনুচ্ছেদ প্ৰত্যাহাৰৰ পাচত বৰ্তমানৰ কাশ্মীৰৰ পৰিস্থিতি সন্দৰ্ভত আলোচনাত মিলিত হয় ৷ চৰকাৰী তথ্য অনুসৰি দলটোৱে মঙলবাৰে কাশ্মীৰ ভ্ৰমণলৈ ৰাওনা হ’ব ৷ 28 জনীয়া প্ৰতিনিধিৰ দলটোৱে সোমবাৰে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি ভেংকায় নাইডুৰ সৈতেও মিলিত হয় ৷