শিলিগুৰি: 24 মাৰ্চ : কৰ'ণা ভাইৰাছক লৈ সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি হোৱাৰ সময়তে আজি পুৱাৰে পৰাই শিলিগুৰিত আৱদ্ধ হৈ আছে অসমৰ 30 জনতকৈয়ো অধিক শ্ৰমিক ৷ কৰ'ণা ভাইৰাছৰ বাবে বহি:ৰাজ্যত কৰ্মৰত ব্যক্তিসকলে ঘৰলৈ উভতাৰ পথত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ৷ উল্লেখযোগ্য যে, কেৰেলাত কৰ্মৰত অসমৰ প্ৰায় অৰ্ধ-শতাধিক লোকে নিজ গৃহলৈ উভতাৰ পথত পশ্চিম বংগৰ শিয়ালদহ ৰে'ল ষ্টেচনত আৱদ্ধ হৈ থাকিব লগা হয় ৷
আনকি তেওঁলোকৰ ওপৰত প্ৰশাসনে লাঠি চাৰ্জ কৰাৰো অভিযোগ উত্থাপন হয় ৷ সেই সময়তে সেই অসহায় শ্ৰমিক সকলক সহায় কৰিবলৈ আগবাঢ়ি আহে ইটিভি ভাৰতৰ সাংবাদিক ৷ সাংবাদিক গৰাকীয়ে শ্ৰমিক সকলক শিয়ালদহ ষ্টেচনৰ পৰা শিলিগুৰিলৈ ৰেলৰে পঠাই শিলিগুৰিৰ পৰা বাছৰে অসমলৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে ৷ কিন্তু শিলিগুৰিৰ পৰা কোনো বাছে তেওঁলোকক অসমলৈ নিবলৈ অস্বীকাৰ কৰে যাৰ ফলত পুৱাৰে পৰাই শিলিগুৰিতে আৱদ্ধ হৈ আছে শ্ৰমিক কেইজন ৷ এতিয়া অসম চৰকাৰৰ সহায় বিচাৰিছে শ্ৰমিক কেইজনে৷ সাংবাদিক গৰাকীৰ এই মহানুভৱতাক এতিয়া শলাগ লৈছে সকলোৱে ৷