চত্তীছগড়, ২৬ মে': চত্তীছগড়ত ইটিভি ভাৰতৰ বাতৰিৰ ব্যাপক প্ৰভাৱ । লক্ ডাউন, কৰ'ণা ভাইৰাছৰ ফলত বহু হাস্পতালত এতিয়া দেখা পোৱা গৈছে ৰক্তৰ নাটনি । যাৰ বাবে বহু ৰোগীক এতিয়া ৰক্ত যোগানত অসমৰ্থ হৈছে হাস্পতাল কৰ্তৃপক্ষ । একে অনুৰূপ দৃশ্য় দেখা পোৱা গৈছিল চত্তীছগড়ৰ মাহাছামুন্দ জিলাত । জিলাখনৰ জিলা হাস্পতালত দীৰ্ঘদিনৰ পৰাই দেখা দি আছিল ৰক্ত সংকটৰ সমস্যাই ।
কিন্তু শেহতীয়াকৈ এই ৰক্ত নাটনিৰ কথা গম পাই ইটিভি ভাৰতে হাস্পতালখনৰ বাতৰি সংগ্ৰহ কৰাৰ লগতে জনসাধাৰণক ৰক্তদানৰ বাবে উৎসাহিত কৰে । ইয়াৰ পৰিপেক্ষিততেই ৰক্তদানৰ ক্ষেত্ৰত জিলাখনত ব্যাপক সঁহাৰি লাভ কৰা দেখিবলৈ পোৱা যায় । জানিব পৰা মতে, যোৱা দুটা দিনত হাস্পতালখনত ৮০ জনত কৈও অধিক লোকে ৰক্ত দান কৰে । উল্লেখ্য় যে, লক্ ডাউনৰ পূৰ্বে ২২ মাৰ্চলৈ কেৱল ১৯৫ জন লোকে হে ৰক্তদান কৰিছিল বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।
লক্ষ্যণীয় যে, জিলাখনত এইটোৱে হৈছে একমাত্ৰ ৰক্ত বেংক কেন্দ্ৰ । ২০০৬ চনত স্থাপন কৰা এই কেন্দ্ৰটোত বৰ্তমানে কৰ্মৰত মাত্ৰ চাৰিগৰাকী কৰ্মচাৰী ।