ETV Bharat / bharat

পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাজু থাকক : ৰাজনাথ সিং - সেনা প্ৰধানসকলৰ সৈতে এক বৈঠকত এই নিৰ্দেশ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ

যিকোনো জটিল পৰিস্থিতিৰ সৈতে যুঁজিব পৰাকৈ দেশৰ সেনা বাহিনীক সাজু থাকিবলৈ নিৰ্দেশ ৰাজনাথ সিঙৰ ৷ সেনা প্ৰধানসকলৰ সৈতে এক বৈঠকত এই নিৰ্দেশ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ ৷

পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাজু থাকক
ৰাজনাথ সিং
author img

By

Published : Apr 24, 2020, 10:35 PM IST

নেশ্যনেল ডেস্ক, 24 এপ্ৰিল : Covid-19 ৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিলেও ভাৰতীয় সৈন্য় বাহিনীয়ে সকলোধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ প্ৰস্তুত হৈ থকা উচিত বুলি মন্তব্য কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷

শুকুৰবাৰে পুৱাৰ ভাগত সিঙে স্থল, বায়ু আৰু নৌসেনাৰ সেনা প্ৰধানৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এক বৈঠক অনুষ্ঠিত কৰে ৷ Covid-19 ৰ বিৰুদ্ধে যুঁজিবৰ বাবে সৈন্য বাহিনীয়ে প্ৰস্তুতি আৰু অন্যান্য প্ৰতিৰক্ষামূলক দিশসমূহৰ পৰ্যালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ৷

স্থানীয় কৰ্তৃপক্ষসমূহক Covid-19 ৰ বিৰুদ্ধে যুঁজিবৰ বাবে সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে সৈন্য বাহিনীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে সিং ৷ বৰ্তমানৰ স্বাস্থ্যজনিত সংকটময় পৰিস্থিতিৰ সুবিধা লৈ শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ সকলো বাহিনীকে সাজু হৈ থাকিবৰ বাবে তেওঁ আহ্বান জনায় ৷

তেওঁ লগতে দেশৰ তিনিও সেনা বাহিনীকে প্ৰয়োজন অনুসাৰে বিভিন্ন পদক্ষেপ গ্ৰহণৰ বাবে অৰ্থনৈতিক উৎসসমূহৰ ব্যৱহাৰ কৰিবলৈ কয় যদিও ধনৰ অপচয় কৰাত বাধা আৰোপ কৰে ৷ তেওঁ লগতে সেনা প্ৰধানসকলক আহ্বান জনায় যে, লকডাউনৰ পাচত দেশৰ অৰ্থনীতি সুস্থিৰ কৰিবৰ বাবে তেওঁলোকৰ কোনো পৰামৰ্শ থাকিলে প্ৰদান কৰিব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.