ত্ৰিপুৰা, 22 এপ্ৰিল : তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকমূহুৰ্তত ত্ৰিপুৰাত নিৰ্বাচনী হিংসা । চি পি আই এমৰ এদল সমৰ্থকৰ হাতত গুৰুতৰভাৱে আহত হয় এজন বিজেপি কর্মী । ঘটনাকলৈ অঞ্চলটোত বিৰাজ কৰিছে চেপা উত্তেজনাই ।
কদমতলা-কুৰ্তী বিধানসভা কেন্দ্ৰৰ সাতসংগম অঞ্চলৰ বিজেপি কর্মী ৰাজকুমাৰ দাসৰ ওপৰত চি পি আই এম কর্মী জয়ৰাজ কুৰ্মীয়ে আক্ৰমণ চলায় । দাৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰে বিজেপি কৰ্মীগৰাকীক । পাচত আহত বিজেপি কৰ্মী ৰাজকুমাৰ দাসক প্ৰেৰণ কৰা হয় বজেন্দ্ৰ নগৰ হাস্পতাললৈ । ইপিনে এই সম্পৰ্কত বিজেপিৰ ফালৰ পৰা এখন গোচৰ ৰুজু কৰা হয় কদমতলা আৰক্ষী থানাত ।