ETV Bharat / bharat

নিৰ্বাচনী বিধি উলংঘা: ছানী দেউললৈ নিৰ্বাচন আয়োগৰ জাননী - চত্তিশগড়

নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগত বিজেপিৰ প্ৰাৰ্থী ছানী দেউললৈ জাননী জাৰী কৰিছে নিৰ্বাচন আয়োগে ৷ পাঠানকোটত নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পাচত নিৰ্বাচনী প্ৰচাৰত অংশ লৈছিল শেহতীয়াকৈ ৰাজনীতিৰ ক্ষেত্ৰখনত যোগদান কৰা অভিনেতা গৰাকীয়ে ৷

Sunny Deol
author img

By

Published : May 18, 2019, 4:30 PM IST

চত্তিশগড়,18 মে': সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পাচত শুকুৰবাৰে নিশা পাঠানকোটত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল বিজেপি প্ৰাৰ্থী ছানী দেউলে ৷ প্ৰায় দুশ লোক উপস্থিত থকা নিৰ্বাচনী সভাখনত ব্যৱহাৰ কৰা হৈছিল স্পীকাৰ ৷ নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগত প্ৰাৰ্থী গৰাকীলৈ নিৰ্বাচন আয়োগৰ তৰফৰ পৰা জাৰি কৰা হৈছে জাননী ৷

উল্লেখযোগ্য যে, নিৰ্বাচনী বিধি অনুসৰি নিৰ্বাচনৰ 48 ঘণ্টা পূৰ্বৰে পৰা নিৰ্বাচনী প্ৰচাৰত আৰোপ কৰা হয় নিষেধাজ্ঞা ৷ দেওবাৰে অনুষ্ঠিত হ'ব লগীয়া অন্তিম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনত পঞ্জাৱৰ 13 টা লোকসভা সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ শেহতীয়াকৈ বিজেপিত যোগদান কৰা অভিনেতা ছানী দেউলে গুৰদাসপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷

EC issues notice to Sunny Deol for 'violating' poll code
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.