ETV Bharat / bharat

ৰমজানত মুম্বাইত সম্ভাৱ্য গণ সমাৱেশ ৰোধিবলৈ ড্ৰ'ণেৰে নিৰীক্ষণ আৰক্ষীৰ

author img

By

Published : Apr 25, 2020, 10:07 AM IST

আজিৰ পৰা আৰম্ভ ইছলাম ধৰ্মালম্বীৰ পৱিত্ৰ মাহ ৰমজান । ৰমজান উপলক্ষে মুম্বাই চহৰত নিৰিক্ষণৰ বাবে ড্ৰ'ণৰ ব্যৱস্থা মুম্বাই আৰক্ষীয়ে । লক ডাউনৰ মাজত সম্ভাৱ্য গণ সমাৱেশৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই ব্যৱস্থা হাতত লৈছে মুম্বাই আৰক্ষীয়ে । আশা কৰা হৈছে ৰমজান উপলক্ষে কিছু বিশেষ ৰেহাই প্ৰদান কৰা হ'ব আৰক্ষী তৰফৰ পৰা ।

Drones to watch over Ramzan gatherings in Mumbai
Drones to watch over Ramzan gatherings in MumbaiDrones to watch over Ramzan gatherings in Mumbai

নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ শনিবাৰৰ পৰা আৰম্ভ হৈছে ইছলাম ধৰ্মালম্বীৰ পৱিত্ৰ মাহ ৰমজান । যাৰ বাবে লক ডাউন আৰু কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে সম্ভাৱ্য ভিৰৰ অনুমান কৰি মুম্বাইত ড্ৰ'ণেৰে নিৰীক্ষণৰ ব্যৱস্থা হাতত লৈছে মুম্বাই আৰক্ষী-প্ৰশাসনে ।

এই সন্দৰ্ভত মুম্বাই আৰক্ষীৰ মুখপাত্ৰ প্ৰণয় আশোকে কয়,আশাৰ অনুৰূপ মুছলমান সকলক "চেহৰী" বা "ইফতাৰ" ক্ৰয় কৰাৰ বাবে কোনো ধৰণৰ বিশেষ ৰেহাই দিয়া নহয় । লক ডাউনৰ মাজত কোনো ধৰণৰ বিশেষ ৰেহাইৰ অনুমতি প্ৰদান কৰা হোৱা নাই ।

ইয়াৰ পূৰ্বে আৰক্ষী-জ'ন ১ ৰ উপ মহাধ্যক্ষ সংগ্ৰামসিং নিশান্দাৰ কৈছিল যে,ৰমজানৰ সময়ত সকলো যাৱতীয় সুৰক্ষা ব্যৱস্থাৰ বাবে সাজু হৈ আছে মুম্বাই আৰক্ষী ।

সকলো মুলছমান লোককে সামাজিক দুৰত্ব মানি চলিবলৈ আহ্বান কৰা হৈছে । কোনো ধৰণৰ ভিৰ মছজিদ,বিল্ডিঙত অথবা ঘৰৰ মূধছত কৰাৰ নিষেধাজ্ঞা প্ৰদান কৰিছে আৰক্ষীয়ে । ড্ৰ'ণেৰে সকলোৰে ওপৰত নিৰীক্ষণৰ ব্যৱস্থা হাতত লৈছে মুম্বাই আৰক্ষীয়ে । এই নিয়ম উলংঘা কৰাসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰো কথা উল্লেখ কৰিছে মুম্বাই আৰক্ষীৰ বিষয়াজনে । ইয়াৰ লগতে আশ্বাস প্ৰদান কৰি কৈ যে,আৰক্ষী,বেচৰকাৰী সংস্থাৰ সহযোগিতাত COVID-১৯ সম্ভাৱ্য অঞ্চল সমূহত মুছলিম লোকসকলক প্ৰয়োজনীয় সকলো সামগ্ৰী যোগান ধৰা হ'ব ।

আনহাতে আজান দিয়াৰ অনুমতি দিয়া হৈছে মছজিদ কৰ্তপক্ষক । কিন্তু নামাজৰ বাবে কোনো ধৰণৰ জন সমাগমৰ অনুমতি প্ৰদান কৰা হোৱা নাই । প্ৰত্যেক বাৰেই ৰমজানৰ সময়ত জাক-জমকতাৰে ভৰি পৰে মুম্বাইৰ অলি-গলি । কিন্তু এইবাৰ কৰ'ণা ভাইৰাছৰ বাবেই এক ব্যতিক্ৰম দৃশ্য দেখা পোৱা গৈছে মায়াৱী নগৰখনত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.