ETV Bharat / bharat

চৰকাৰে প্ৰতিবাদকাৰী কৃষকসকল ঘৰলৈ যাব বুলি ভবা উচিত নহয়:ৰাহুল গান্ধী

author img

By

Published : Jan 29, 2021, 10:11 PM IST

তিনিওখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা লোকসকলক সম্পূৰ্ণ সমৰ্থন প্ৰদানৰ কথা ঘোষণা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ৷ চৰকাৰে এইটো ভৱা উচিত নহয় যে, প্ৰতিবাদকাৰী কৃষকসকলে ইয়াৰ পৰা নিজ ঘৰলৈ উভটি যাব ৷

NAT_Rahul Gandhi assures full support to protesting farmers_29012021_Tauseef
চৰকাৰে প্ৰতিবাদকাৰী কৃষকসকল ঘৰলৈ যাব বুলি ভবা উচিত নহয়:ৰাহুল গান্ধী

নিউজ ডেস্ক,29 জানুৱাৰী: তিনিওখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদকৰা লোকসকলক সম্পূৰ্ণ সমৰ্থন প্ৰদানৰ কথা ঘোষণা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ৷ চৰকাৰে এইটো ভৱা উচিত নহয় যে, প্ৰতিবাদকাৰী কৃষকসকলে ইয়াৰ পৰা নিজ ঘৰলৈ উভটি যাব ৷

শুকুৰবাৰে এক সংবাদমেলত কংগ্ৰেছ নেতা গৰাকীয়ে কয় যে,"এইটো স্পষ্ট হৈ পৰিছে কিয় কৃষক সকলক উত্তেজিত হৈ পৰিছে ৷ চৰকাৰখনে কৃষক আৰু শ্ৰমিকসকলৰ জীৱিকা ধ্বংস কৰিছে ৷ ইয়াৰ উপৰিও অনাগত সময়ছোৱাত মধ্যবিত্ত শ্ৰেণীটোকো মূল্যবদ্ধিৰে মাধমাৰ সোধাব ৷ চৰকাৰখনে এইটো ভাৱি লোৱা উচিত নহয় যে কৃষকসকল নিজ নিজ ঘৰলৈ উভটি যাব ৷ তেওঁলোক উভটি নাযায় আৰু এই পৰিস্থিতিটো আৰু বিস্তাৰ হ’ব ৷ আমি কৃষকসকলৰ সৈতে মত বিনিময় হোৱাৰ লগতে এই সমস্যাটোৰ এটা সমাধান বিচাৰো ৷ "

আনহাতে, গণৰাজ্য দিৱসৰ দিনটোত ৰাজধানী দিল্লীত হোৱা কৃষক প্ৰতিবাদ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ ৰাহুল গান্ধীয়ে কয় যে, কোনে 50 গৰাকী কৃষকক লালকিল্লাত প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছিল ? কোনোৱে তেওঁলোকক লালকিল্লাত প্ৰৱেশত বাধা কিয় আৰোপ কৰা নাছিল ? দেশৰ গৃহমন্ত্ৰীক সোধক প্ৰতিবাদকাৰী সকলক লালকিল্লাত প্ৰৱেশৰ অনুমতি প্ৰদানৰ আৰৰ ৰহস্য কি ? যদি চৰকাৰ নিজ স্থিতিত এনেদৰে অটল হৈ থাকে তেন্তে এই উত্তেজনা সমগ্ৰ দেশতে বিয়পি পৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.