নিউজ ডেস্ক, 18 ফেব্ৰুৱাৰী : জিএমআৰৰ দ্বাৰা পৰিচালিত দিল্লী ইন্টাৰনেশ্বনেল এয়াৰপৰ্ট লিমিটেডে ঘোষণা কৰে যে, দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ দেশৰ ভিতৰতে প্ৰথমটো প্লাষ্টিকমুক্ত বিমানবন্দৰত পৰিনত হৈছে ৷ দেশৰ ভিতৰতে এইদৰে একক-ব্যৱহৃত প্লাষ্টিকমুক্ত বিমানবন্দৰত পৰিগণিত হোৱা দিল্লী বিমানবন্দৰেই হৈছে প্ৰথমটো বিমানবন্দৰ ৷
চিআইই-আইটিচি চিইএছডি (The Confederation of Indian Industry-ITC Centre of Excellence for Sustainable Development) সংস্থাই দিল্লী ইন্টাৰনেশ্বনেল এয়াৰপৰ্ট লিমিটেডক ইন্দিৰা গান্ধী বিমানবন্দৰত একক-ব্যৱহৃত প্লাষ্টিকমুক্ত কৰি ৰখাৰ বাবে এইদৰে প্ৰমাণপত্ৰ প্ৰদান কৰে ৷
দিল্লী ইন্টাৰনেশ্বনেল এয়াৰপৰ্ট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া বিদেহ কুমাৰ জয়পুৰিয়াৰে এই কথা প্ৰকাশ কৰি, 2022ৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ একক-ব্যৱহৃত প্লাষ্টিকমুক্ত ভাৰতবৰ্ষ নীতিৰ অধীনত দিল্লী বিমানবন্দৰক এইদৰে একক-ব্যৱহৃত প্লাষ্টিকমুক্ত কৰি তোলাৰ ওপৰত কাম কৰাৰ লগতে পৰিৱেশ সংৰক্ষণৰ ওপৰত কাম কৰি আহিছে বুলি জনায় ৷
2018 চনৰ পৰিৱেশ দিৱসৰ দিনটোত গ্ৰহণ কৰা 'Beat Plastic Pollution' নীতিৰ অধীনত দিল্লী বিমানবন্দৰে 2019 চনতে দেশৰ ভিতৰত প্ৰথমটো একক-ব্যৱহৃত প্লাষ্টিক মুক্ত বিমানবন্দৰ হিচাপে গঢ় দিয়াৰ প্ৰকল্প হাতত লয় ৷ প্লাষ্টিক আৱৰ্জনাৰ পৰিৱৰ্তে পৰিৱেশ অনুকূল বহনক্ষম বিকল্প ব্যৱহাৰত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে ৷