দিল্লী , 16 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু এন আৰ চিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যোৱা জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত দিল্লী আৰক্ষীয়ে চলোৱা বৰ্বৰ নিৰ্যাতনৰ পাছত সোমবাৰে দিল্লী আৰক্ষী আৰু চৰকাৰৰ বিৰুদ্ধে দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ বিশ্ববিদ্যালয় খনৰ সমাজ বিজ্ঞান বিভাগৰ সন্মুখত প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ লগতে প্ৰতিবাদী ছাত্ৰ ছাত্ৰী সকলে দিল্লী আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিস্থিতি উত্তাল কৰি তোলাৰ লগতে অতি শীঘ্ৰে চৰকাৰক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে ৷
উল্লেখ্য যে, প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলক বিভিন্ন আস্বাস প্ৰদান কৰি প্ৰতিবাদ ভংগ কৰাৰ চেষ্টা কৰে ৷ ইয়াৰ ফলত দুয়ো পক্ষৰ মাজত বহু সময় ধৰি সৃষ্টি হয় তুমুল বিৰ্তকৰ ৷
লগতে পঢ়ক , নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদঃ বিহাৰত জ্বলালে আৰক্ষী চকী