ETV Bharat / bharat

লকডাউনৰ মাজতে 45,000 লোকক খাদ্য বিতৰণ দিল্লী আৰক্ষীৰ বিশেষ গোটৰ - ৰোগী আৰু বৃদ্ধ লোকৰ বাবে দুখন আপাতকালীন বাহন

দিল্লী আৰক্ষীৰ উত্তৰ-পূৱ বিশেষ গোটে 45,000 লোকক খাদ্য প্ৰদান কৰিছে ৷ দিল্লীৰ দুই বেচৰকাৰী সংস্থা Northeast Chambers of Commerce (NECC) আৰু Helping Hands ৰ সহায়ত বিশেষকৈ উত্তৰ-পূৱৰ লোকসকলক প্ৰদান কৰা হয় সাহাৰ্য ৷

লকডাউন
45,000 লোকক খাদ্য বিতৰণ দিল্লী আৰক্ষীৰ বিশেষ গোটৰ
author img

By

Published : May 25, 2020, 6:55 PM IST

নেশ্যনেল ডেস্ক, 25 মে': প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত আৰক্ষী বিভাগৰ নিৰ্দয়তাৰ খবৰ বহু সময়ত লাভ কৰি থকাৰ মাজতে দিল্লী আৰক্ষীৰ উত্তৰ-পূৱ বিশেষ গোটে 45,000 লোকক খাদ্য প্ৰদান কৰি এক দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিছে ৷ লকডাউনৰ মাজতে দেশৰ ৰাজধানীত এই বৃহৎ সংখ্যক লোকক খাদ্য প্ৰদান কৰিছে দিল্লী আৰক্ষীৰ বিশেষ গোটটোৱে ৷

লকডাউন
45,000 লোকক খাদ্য বিতৰণ দিল্লী আৰক্ষীৰ বিশেষ গোটৰ

দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত ৰবিন হিবুয়ে ইটিভি ভাৰতক জানিবলৈ দিয়ে, "প্ৰতিদিনে আমাৰ ইউনিটৰ পৰা ৰেছন বিতৰণ কৰো ৷ আমি প্ৰতিদিনে খাদ্য বিতৰণৰ বাবে 8 খনকৈ বাহন প্ৰেৰণ কৰো ৷ বিশেষকৈ উত্তৰ-পূৱ ভাৰতৰ পৰা অহা লোকসকলক ইয়াৰ জৰিয়তে সেৱা আগবঢ়োৱা হয় ৷ ৰোগী আৰু বৃদ্ধ লোকৰ বাবে দুখন আপাতকালীন বাহন সাজু কৰি ৰখা হৈছে ৷"

এই বিশেষ গোটক সহায় কৰিছে দিল্লীৰ দুই বেচৰকাৰী সংস্থা Northeast Chambers of Commerce (NECC) আৰু Helping Hands য়ে ৷

Helping Hands ৰ কাৰ্যকৰী সম্পাদক ক্ৰিষ্টিনা তায়িঙে কয়, "উত্তৰ-পূৱ ভাৰতৰ লোকৰ লগতে সমগ্ৰ দেশৰ প্ৰায় 45,000 লোকক আমি খাদ্য সামগ্ৰী বিতৰণ কৰিলো ৷ ইয়াৰোপৰি, উত্তৰ-পূৱ ভাৰতৰ লোকসকলে সঘনে সন্মুখীন হোৱা বৰ্ণ বৈষম্য, ভাড়া মালিকৰ দ্বাৰা শোষণ আদি ঘটনা সমূহো আমি চোৱা-চিতা কৰিছো ৷ আৰ্তজনৰ সহায়ৰ বাবে দুটাকৈ নিয়ন্ত্ৰণ কক্ষ সাজু কৰা হৈছে ৷"

NECC আৰু Helping Hands ৰ উপৰি বিশেষ গোটে Feeding India নামৰ এক সংস্থাৰ সৈতেও একত্ৰিত হৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.