নিউজ ডেস্ক, 7 এপ্ৰিলঃ লক ডাউনৰ বাবে দিনে-নিশাই কৰ্মত নিয়োজিত হৈ আছে দেশৰ আৰক্ষীসকল ৷ প্ৰতিদিনে অধিক ভয়াৱহ হৈ পৰিছে মহাৰাষ্ট্ৰ আৰু দিল্লীৰ পৰিস্থিতি ৷ প্ৰতি ঘন্টাই ৰাজ্যকেইখনত বৃদ্ধি পাইছে COVID 19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা ফলত দায়িত্ব বাঢ়িছে ৰাজ্যকেইখনৰ আৰক্ষী-প্ৰশাসনৰ ৷ সকলো দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ পাছতো আৰ্তজনৰ বাবে প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজীলৈ নিজৰ এদিনৰ দৰমহা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে দিল্লী আৰক্ষীয়ে ৷ দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা লোৱা এই সিদ্ধান্তত এতিয়া সহমত প্ৰকাশ কৰিছে প্ৰতিজন আৰক্ষীয়ে ৷ ইতিমধ্যে এই সম্পৰ্কত হাতে-কামে লাগিছে একাউন্টছ বিভাগ ৷ উল্লেখ্য চলিত মাহৰ পৰা এই ধন প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যখনৰ আৰক্ষীসকলে ৷
প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজীলৈ দিল্লী আৰক্ষীৰ এদিনৰ বেতন... - প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজীলৈ দিল্লী আৰক্ষীৰ এদিনৰ বেতন
দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা লোৱা এই সিদ্ধান্তত এতিয়া সহমত প্ৰকাশ কৰিছে প্ৰতিজন আৰক্ষীয়ে ৷ ইতিমধ্যে এই সম্পৰ্কত হাতে-কামে লাগিছে একাউন্টছ বিভাগ ৷