দিল্লী, ২০ জুন : শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ে দুৰাৰোগ্য ৰোগত আক্ৰান্ত দুবছৰীয়া পুত্ৰৰ চিকিৎসাৰ কাৰণে পিতৃয়ে আৰ্থিক সাহাৰ্যৰ বাবে জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰে ।
ন্যায়াধীশ নবীন চাওলাৰ নেতৃত্বত গঠিত বিচাৰপীঠে আবেদনৰ শুনানি গ্ৰহণ কৰি দিল্লী সৰকাৰৰ অতিৰিক্ত স্থায়ী পৰামৰ্শক অনুজ আগৰৱালাক প্ৰশাসনৰ অৱস্থান সম্পৰ্কে প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিয়ে । এই গোচৰৰ পৰৱৰ্তী শুনানি ২২ জুনত অনুষ্ঠিত হ'ব ।
দুবছৰীয়া শিশুটো দুৰাৰোগ্য ক্ৰনিক গ্ৰানুলোমেটা ৰোগত (চিজিডি) আক্ৰান্ত । শিশুটোৰ কৰ্ড ব্লাড ট্ৰান্সপ্লাণ্ট্ৰৰ বাবে প্ৰায় ১৫ লাখ টকাৰ প্ৰয়োজন । প্ৰধানমনন্ত্ৰীৰ কাৰ্যালয়ে ফেব্ৰুুৱাৰীত শিশুটোৰ চিকিৎসাৰ কাৰণে তিনি লাখ টকা মঞ্জুৰ কৰে । আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য কোষত ২৭ ফেব্ৰুুৱাৰীত শিশুটোৰ পিতৃয়ে আবেদন জনাইছিল যদিও বৰ্তমানলৈ কোনো সুদুত্তৰ লাভ কৰা নাই ।অৱশেষত শিশুটোৰ চিকিৎসাৰ কাৰণে আৰ্থিক সাহাৰ্য বিচাৰি ন্যায়ালয়ত দাৰস্থ হয় পিতৃ ।
লগতে চাওকঃ ৰাজস্থানৰ ঝালাৱাড়ত প্ৰেমিকাৰ পৰিয়ালৰ দ্বাৰা হত্যা এজনক