ETV Bharat / bharat

লক্ষণ নোহোৱা লোকৰ হোম কোৱাৰান্টাইনৰ সময় 7 দিনলৈ হ্ৰাস দিল্লী চৰকাৰৰ - কৰ'ণা ভাইৰাছ

দিল্লীৰ NCT ত প্ৰৱেশ কৰা লক্ষণ নথকা সকলো যাত্ৰীয়ে 14 দিনৰ পৰিৱৰ্তে 7 দিন হোম কোৱাৰেন্টাইনত থাকিব লাগিব ৷ দিল্লীত সৰ্বাধিক এটা দিনত আক্ৰান্তৰ সংখ্যা 1,513 লৈ বৃদ্ধি পাইছে ৷

দিল্লীত সৰ্বাধিক এটা দিনত আক্ৰান্তৰ সংখ্যা 1,513 লৈ বৃদ্ধি
লক্ষণ নোহোৱা লোকৰ হোম কোৱাৰান্টাইনৰ সময় 7 দিনলৈ হ্ৰাস দিল্লী চৰকাৰৰ
author img

By

Published : Jun 4, 2020, 8:44 AM IST

নেশ্যনেল ডেস্ক, 4 জুন : বুধবাৰে দিল্লী চৰকাৰে ৰাজ্যখনত অন্য স্থানৰ পৰা আহি উপস্থিত হোৱা আৰু কৰ'ণা ভাইৰাছৰ কোনো লক্ষণ প্ৰদৰ্শন নকৰা লোকৰ বাবে হোম কোৱাৰেন্টাইনৰ সময় 14 দিনৰ পৰিৱৰ্তে 7 দিনলৈ হ্ৰাস কৰিছে ৷ সকলো জিলাৰে দণ্ডাধীশ সকলক এই নিয়মৰ ৰূপায়ন সম্পৰ্কত পৰ্যালোচনা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

দিল্লীৰ মুখ্য সচিব আৰু দিল্লী দূৰ্যোগ ব্যৱস্থাপনা নিয়ন্ত্ৰণ প্ৰাধিকৰণৰ (DDMA) অধ্যক্ষ বিজয় দেৱে জনাই যে, বিমান বন্দৰ, ৰেলৱে' আৰু পৰিবহণ বিভাগে প্ৰতিদিনে ৰাজহ বিভাগৰ মুখ্য সচিবৰ কাৰ্যালয়ত যাত্ৰী সম্পৰ্কত বিৱৰণ প্ৰদান কৰিব লাগিব ৷

নিৰ্দেশ অনুসৰি, "দিল্লীৰ NCT ত প্ৰৱেশ কৰা লক্ষণ প্ৰদৰ্শন নকৰা সকলো যাত্ৰীয়ে 14 দিনৰ পৰিৱৰ্তে 7 দিন হোম কোৱাৰান্টাইনত থাকিব লাগিব ৷"

উল্লেখ্য যে, দিল্লীত সৰ্বাধিক এটা দিনত আক্ৰান্তৰ সংখ্যা 1,513 লৈ বৃদ্ধি পাইছে ৷ দিল্লী চৰকাৰে প্ৰদান কৰা নিয়ম মানি চলিবৰ বাবে জিলা দণ্ডাধীশ সকললৈ মুখ্য সচিব (ৰাজহ) য়ে এক জাননী জাৰি কৰিছে ৷

যোৱা সপ্তাহত, কৰ্ণাটক চৰকাৰে মহাৰাষ্ট্ৰৰ পৰা আহি উপস্থিত হোৱা আৰু লক্ষণ নেদেখুৱা লোকৰ ক্ষেত্ৰত হোম কোৱাৰান্টাইনৰ সময় 14 দিনৰ পৰিৱৰ্তে 7 দিন কৰিছিল ৷ ইয়াৰ পৰিৱৰ্তে উত্তৰাখণ্ড চৰকাৰে দেশৰ 75 খন সৰ্বাধিক আক্ৰান্ত নগৰ যেনে দিল্লী, নইডা, আগ্ৰা, লক্ষ্ণৌ, মিৰাট, বাৰাণসী, চেন্নাই আৰু হাইদৰাবাদৰ পৰা আহি উপস্থিত হোৱা লোকক 14 দিনৰ পৰিৱৰ্তে 21 দিনলৈ হোম কোৱাৰান্টাইনৰ দিন বৃদ্ধি কৰিছিল ৷

উত্তৰাখণ্ডৰ মুখ্য সচিব উৎপল কুমাৰ সিঙে জাৰি কৰা এক নিৰ্দেশ অনুসৰি, এই নগৰ সমূহৰ পৰা আহি উপস্থিত হোৱা লোকসকলে এসপ্তাহৰ বাবে ইনষ্টিটিউছনেল কোৱাৰান্টাইনত থাকিব ৷ ইয়াৰ পাচতে তেওঁলোকক 14 দিনৰ বাবে হোম কোৱাৰান্টাইনত ৰখা হ'ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.