ETV Bharat / bharat

ছীল কৰা হ'ল দিল্লীৰ এখন চৰকাৰী হাস্পতাল !

author img

By

Published : Apr 24, 2020, 12:08 PM IST

১৪ গৰাকীকৈ ষ্টাফ কৰ্মীৰ দেহত COVID-১৯ ৰ অৱস্থিতি ধৰা পৰাৰ পাচতেই প্ৰশাসনে ছীল কৰিলে নৰ্থ দিল্লীৰ বাবু জগজীৱন ৰাম মেম'ৰিয়েল হাস্পতালখন ।

Delhi govt hospital sealed after 14 staffers test COVID positive

নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ নৰ্থ দিল্লীত প্ৰশাসনে ছীল কৰিলে এখন চৰকাৰীখণ্ডৰ হাস্পতাল । বাবু জগজীৱন ৰাম মেমৰিয়েল হাস্পতাল ৰ ১৪ গৰাকীকৈ ষ্টাফ সদস্যৰ দেহত COVID-১৯ৰ অৱস্থিতি ধৰা পৰাৰ পাচতেই ছীল কৰা হয় হাস্পতালখন । বৃহস্পতিবাৰে COVID-১৯ৰ পৰীক্ষা কৰাৰ পাচতেই লোক কেইজনৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতিৰ কথা পোহৰলৈ আহে। এই আক্ৰান্ত কৰ্মী সকলৰ ভিতৰত উচ্চ পৰ্যায়ৰ বিষয়াও অন্তৰ্ভুক্ত হৈ আছে ।

১০০ টা বিচনা যুক্ত সকলো সুবিধাৰে পৰিপূৰ্ণ এই চৰকাৰী জিলা হাস্পতালখন ই-ব্লক জাহানগিৰপুৰ নৰ্থ-ৱেষ্ট জিলাত অৱস্থিত । সংক্ৰমণ ৰোধ কৰাৰ বাবেই প্ৰশাসনে ততাতৈয়াকৈ হাস্পতালখন ছীল কৰি দিয়ে। স্বাস্থ্য় বিভাগৰ মতে,দিল্লীত বৰ্তমানলৈকে ২৩৭৬ জন লোক COVID-১৯ ৰ আক্ৰান্ত হোৱাৰ বিপৰীতে ৫০ জন লোকৰ মৃত্যু হৈছে । আনহাতে ৮০৮ জন লোক আৰোগ্য হ'বলৈ সক্ষম হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.