নিউজ ডেস্ক,১১ জানুৱাৰী: বংগবন্ধু তথা বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্বেখ মুজিবৰ ৰহমানৰ জন্ম দিৱসৰ প্ৰতি লক্ষ্য ৰাখি সীমান্ত সুৰক্ষা বলে দক্ষিণ বাংলাদেশ ফ্ৰন্টিয়াৰৰ উদ্য়োগত ভাৰত-বাংলাদেশৰ মাজত বন্ধুত্বৰ দিশ স্থাপনৰ উদ্দেশ্যে দেওবাৰে 'মিত্ৰতা চাইকেল ৰেলী'ৰ আৰম্ভণি কৰে । পশ্চিমবংগৰ পৰা আৰম্ভ কৰি ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী এলেকাসমূহৰ ৬ খন ৰাজ্য়লৈ এই ৰেলী যাত্ৰা কৰিব ।
এই চাইকেল ৰেলীৰ শুভ উদ্বোধনী কৰে বিএচএফৰ জ্যেষ্ঠ বিষয়া জেনেৰেল শংকৰ ৰয়ে । মুঠ ১৩ গৰাকী বিএচএফে এই ৰেলীত ভাগ লয় । পশ্চিমবংগ, অসম, ত্ৰিপুৰা, মনিপুৰ, মেঘালয় আৰু মিজোৰামৰ পৰা সৰ্বমুঠ ৪,০৯৭ কিলোমিটাৰ যাত্ৰা কৰি ৬৬ দিনত অৰ্থাৎ ১৭ মাৰ্চত ইয়াৰ সমাপ্ত পৰিব । প্ৰতিদিনে ৯০-১০০ কিলোমিটাৰ যাত্ৰা কৰিব আৰু নিশা আন্তঃৰাষ্ট্ৰীয় সীমান্তত কটাব এই বিএচএফ যাত্ৰীসকলে ।
এই ৰেলীৰ মাজতে তেওঁলোকে বিভিন্ন সীমান্তত কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰিব আৰু এই অনুষ্ঠানত স্থানীয় চৰকাৰী বিষয়াৰ লগতে সীমান্তৱৰ্তী লোকসকলো উপস্থিত থাকিব ।
উল্লেখ্য যে, এই ৰেলীৰ একমাত্ৰ উদ্দেশ্য হ'ল ভাৰত-বাংলাদেশ সীমান্তত সততে ঘটি থকা অপৰাধমূলক ঘটনাসমূহ প্ৰতিৰোধ কৰা । সীমান্তৱৰ্তী এলেকাৰ লোকসকলৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি আত্মবিশ্বাস বৃদ্ধি কৰিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷
লগতে পঢ়ক: তিক্ৰী সীমান্তত মৃত্যু কৃষকৰ