ETV Bharat / bharat

অৱনমিত ভূমিয়ে ভাৰতৰ খাদ্য সুৰক্ষাৰ প্ৰতি কঢ়িয়াইছে সংকট

author img

By

Published : Jan 23, 2020, 2:04 PM IST

মাটিৰ অম্লতাৰ বাবে ভূমি অৱনমন বা মানুহে কৰা বিভিন্ন কাম বা জলবায়ুৰ কোনো কাৰণত তথা পানী আৰু বায়ুৰ বাবে ভূমিৰ খহনীয়াৰ ফলত ভাৰতবৰ্ষই প্ৰায় ৭২ হাজাৰ কোটি টকা হেৰুৱাবলগীয়া হৈছে । দ্য এনাৰ্জী এণ্ড ৰিচ’ৰ্ছ ইনষ্টিটিউটটৰ অধ্যয়ন অনুসৰি এই পৰিমাণ ২০১৮-১৯ বৰ্ষৰ কৃষি বাজেটতকৈ অধিক । কিয়নো ২০১৮-১৯ বৰ্ষৰ কৃষি বাজেটিত নিৰ্ধাৰিত ধনৰ পৰিমাণ আছিল ৫৮ হাজাৰ কোটি টকা ।

অৱনমিত ভূমিয়ে ভাৰতৰ খাদ্য সুৰক্ষাৰ প্ৰতি কঢ়িয়াইছে সংকট
অৱনমিত ভূমিয়ে ভাৰতৰ খাদ্য সুৰক্ষাৰ প্ৰতি কঢ়িয়াইছে সংক

ভাৰতবৰ্ষত ভূমি অৱনমনৰ সমস্যাই ভয়াৱহ ৰূপত দেখা দিছে । ভাৰতৰ ভূমিভাগৰ প্ৰায় ৩০ শতাংশ অৰ্থাৎ ৯৬ মিলিয়ন হেক্টৰ ভূমি বিভিন্ন কাৰণ যেনে নিৰ্বনীকৰণ,অত্যাধিক খেতি কৰা, খহনীয়া,জলাশয় দূষিত বা বেদখল আদি কাৰণত অৱনমিত হৈছে । ভূমি হ্ৰাসে শস্যৰ ফচলত প্ৰভাৱ পেলাই প্ৰতি বছৰে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ ২.৫ শতাংশ ক্ষতি কৰাই নহয়,দেশত জলবায়ু পৰিৱৰ্তনতো অৰিহণা যোগাই সংকটৰ সৃষ্টি কৰিছে। জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণ কৰিবলৈ বনাঞ্চলসমূহেই অন্যতম উপায়। কিন্তু ২০১৮ চনলৈকে ওঠৰ বছৰত ভাৰতে প্ৰায় ১.৬ মিলিয়ন বনাঞ্চল হেৰুৱাবলগীয়া হৈছে । ২০১৫ চনলৈকে পাঁচ বছৰত ভাৰতত চৰকাৰে দহ মিলিয়নতকৈ অধিক গছ কাটিবলৈ অনুমতি প্ৰদান কৰিছে । ২০১৪ চনৰ জুনৰ পৰা ২০১৮ চনৰ মে’লৈকে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ প্ৰথম চাৰিটা বৰ্ষৰ কাৰ্যকালত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডে দেশৰ সংৰক্ষিত আৰু পৰিৱেশ সংবেদনশীল অঞ্চলত পাঁচশটা প্ৰকল্পৰ বাবে অনুমোদন দিছে । তাৰ তুলনাত পূৰ্বৰ ইউ পি এ চৰকাৰে ২০০৯ চনৰ পৰা ২০১৩ চনলৈকে ২৬০ টা প্ৰকল্পত অনুমোদন জনাইছিল। যদি পৰিস্থিতি এনেদৰে ই অব্যাহত থাকে তেন্তে ভাৰতৰ মুঠ খেতিয়কৰ ৮০ শতাংশ যিসকলৰ অধিকাংশই ক্ষুদ্ৰ আৰু আৰ্থিকভাৱে পিছপৰা খেতিয়ক তেওঁলোক বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব। কৃষিভিত্তক অৰ্থনীতিৰ দেশ ভাৰতবৰ্ষ গাখীৰ,মাহজাতীয় শস্য,মৰাপাট উৎপাদনকাৰী হিচাপে বৃহত্তম দেশৰ লগতে চাউল,ঘেঁহু, কুঁহিয়াৰ,বাদামজাতীয় শস্য,শাক-পাচলি,ফল-মূল,কপাহ উৎপাদনকাৰী দ্বিতীয় বৃহৎ দেশ। কিন্তু ৰাষ্ট্ৰসংঘৰ তথ্যমতে এই দেশখনে এতিয়া খাদ্য সংকটত ভোগাৰ আশংকা কৰা হৈছে । খহনীয়া আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত পশুপালনৰ ক্ষেত্ৰত বিকাশ আৰু উৎপাদনো প্ৰভাৱিত হ’ব । এই তথ্য ৰাষ্ট্ৰসংঘৰ জলবায়ু অধ্যয়নকাৰী সংস্থা আই পি চি চি অৰ্থাৎ ইণ্টাৰ গৱৰ্মেণ্টেল পেনেল অন্ ক্লাইমেট চেঞ্জে প্ৰকাশ কৰিছে ।

DEGRADED LANDS THREATEN TO CHECK FOOD SECURITY IN INDIA
অৱনমিত ভূমিৰ এক দৃশ্য

দিল্লীস্থিত বেচৰকাৰী সংস্থা দ্য এনাৰ্জী এণ্ড ৰিচ’ৰ্ছ ইনষ্টিটিউটটৰ এক অধ্যয়নমতে বনাঞ্চল হ্ৰাসৰ ফলত ইতিমধ্যে বছৰি ১.৪ শতাংশ জিডিপিৰ পৰা ভাৰতবৰ্ষ বঞ্চিত হ’বলগীয়া হৈছে । ভাৰতৰ দৰে জলবায়ু পৰিৱৰ্তনৰ গভীৰ সমস্যাৰ সন্মুখীন হোৱা বহু দেশৰ মাটিয়ে কাৰ্বন-ডাই-অক্সাইড শুহিব পৰা ক্ষমতা হেৰুৱাই পেলাব । গ্ৰীণ হাউছ গেছৰ ভিতৰত পৰা কাৰ্বন ডাই অক্সাইড হৈছে গোলকীয় উষ্ণতা বৃদ্ধিৰ অন্যতম কাৰণ। বসতিৰ সংকট আৰু ভূমি অৱনমনৰ বাবে ইতিমধ্যে বিশ্বৰ এক মিলিয়ন প্ৰজাতি বিলুপ্ত হোৱাৰ পথত । যাৰ ফলত বিশ্বত তীব্ৰ খাদ্য সংকটে দেখা দিয়াৰ আশংকা কৰা হৈছে । স্থানীয় পৰিস্থিতি তন্ত্ৰৰ ওপৰত জ্ঞান থকা জনজাতীয় আৰু স্থানীয় লোকসকলে যে বনাঞ্চল সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে সেয়া ভাৰত চৰকাৰে অনুধাৱন কৰিছে । সিদ্ধান্ত গ্ৰহণ আৰু শাসন কাৰ্যত তেওঁলোকৰ অংশগ্ৰহণে পৰিস্থিতি তন্ত্ৰক সুৰক্ষিত কৰাত সঠিকভাৱে সহায় কৰিব। ইয়াৰ ভিতৰত খহনীয়া ৰোধ, বন সংৰক্ষণ আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ অন্তৰ্ভুক্ত । ২০০৬ চনত গৃহীত হোৱা বন অধিকাৰ আইনখন জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণৰ বাবে উৎকৃষ্ট আহিলা হৈ পৰিব পাৰে । কিয়নো এই আইনখনে জনজাতীয় আৰু পৰম্পৰাগতভাৱে বনাঞ্চলৰ বাসিন্দাসকলক বনাঞ্চলত প্ৰৱেশ,পৰিচালনা,বনভূমিৰ সংৰক্ষণ আৰু পৰিচালনাৰ অধিকাৰ প্ৰদান কৰে। তেওঁলোকে বনাঞ্চল আৰু প্ৰাকৃতিক সম্পদসমূহ প্ৰজন্মৰ পাছত প্ৰজন্ম ব্যৱহাৰ কৰি আহিছে। কিন্তু বন অধিকাৰ আইনৰ অধীনত অধিকাৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া অতিকৈ লেহেমীয়া। দেশত থকা ৪০ মিলিয়ন হেক্টৰ বনাঞ্চলৰ মাটিৰ বিপৰীতে ২০১৯ চনৰ ৩০ এপ্ৰিললৈকে চৰকাৰে ১২.৯৩ হেক্টৰ মাটিৰ ক্ষেত্ৰতহে বন অধিকাৰ আইনৰ অধীনত অধিকাৰৰ দাবীসমূহ মীমাংসা কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ত চলি থকা এক গোচৰৰ ফলত বন অধিকাৰৰ দাবী বাতিল হোৱা বনাঞ্চলৰ দুই মিলিয়ন বাসিন্দা উচ্ছেদিত হোৱাৰো আশংকা কৰা হৈছে। সম্প্ৰতি একৈশখন ৰাজ্য চৰকাৰে বাতিল হোৱা অধিকাৰৰ দাবীসমূহ পুনৰীক্ষণ কৰি আছে ।

এসময়ত পানীৰে পৰিপূৰ্ণ অঞ্চল এটাৰ পিচৰ দৃশ্য

মাটিৰ অম্লতাৰ বাবে ভূমি অৱনমন বা মানুহে কৰা বিভিন্ন কাম বা জলবায়ুৰ কোনো কাৰণত তথা পানী আৰু বায়ুৰ বাবে ভূমিৰ খহনীয়াৰ ফলত ভাৰতবৰ্ষই প্ৰায় ৭২ হাজাৰ কোটি টকা হেৰুৱাবলগীয়া হৈছে । দ্য এনাৰ্জী এণ্ড ৰিচ’ৰ্ছ ইনষ্টিটিউটটৰ অধ্যয়ন অনুসৰি এই পৰিমাণ ২০১৮-১৯ বৰ্ষৰ কৃষি বাজেটতকৈ অধিক । কিয়নো ২০১৮-১৯ বৰ্ষৰ কৃষি বাজেটিত নিৰ্ধাৰিত ধনৰ পৰিমাণ আছিল ৫৮ হাজাৰ কোটি টকা । বিশ্ব ভোক সূচকাংকত ভাৰতে ২০১৮ চনত এশ ঊনৈশখন দেশৰ ভিতৰত এশ তিনি নম্বৰত থকাৰ বিপৰীতে ২০১৭ চনত আছিল এশ নম্বৰ স্থানত । দেশৰ মুঠ ভূখণ্ডৰ প্ৰায় ৫ শতাংশ অৰ্থাৎ ১৫২,৬০০ বৰ্গ কিল’মিটাৰ অংশ জলাশয়ে সাঙুৰি আছে । এই পৰিমাণ অসমৰ মুঠ মাটিকালিৰ প্ৰায় দুগুণ । কিন্তু নিৰ্বনীকৰণ, জল নিষ্কাষণৰ উপযুক্ত ব্যৱস্থাৰ অভাৱ, ভূমি বেদখল, নগৰীয়া উন্নয়নে জলাশয়সমূহ সংকুচিত কৰিছে । প্ৰতি বছৰে দেশজুৰি জলাশয়ৰ দুইৰ পৰা তিনি শতাংশ হ্ৰাস পাই আহিছে । বিগত তিনিটা দশকত দেশৰ পশ্চিম উপকূলত থকা প্ৰায় ৪০ শতাংশ মেনগ্ৰভ অৰণ্যক কৃষিভূমি আৰু আবাসিক অঞ্চললৈ ৰূপান্তৰ কৰা হৈছে । গোলকীয় উষ্ণতা নিয়ন্ত্ৰণত জলাশয়ৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে কিয়নো হাই-কাৰ্বন ইক’চিষ্টেমৰ জৰিয়তে ই তৎক্ষণাত বহু পৰিমাণৰ কাৰ্বন শুহি লয় । ভাৰতবৰ্ষই জলাশয়সমূহ আৰু অৱনমিত ভূমিসমূহ পুনৰুদ্ধাৰৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই । যদিহে ‘Coastal Regulatory Zone Notification, 2018’ ত অন্তৰ্ভুক্ত নীতি-নিৰ্দেশনাসমূহ সঠিকভাৱে প্ৰয়োগ কৰা হয়,তেন্তে উপকূল অঞ্চল আৰু পৰিস্থিতি তন্ত্ৰক সুৰক্ষিত কৰিব পৰা যাব ।

গোলকীয় উষ্ণতাই ভাৰতবৰ্ষৰ বাবে আন এক তীব্ৰ সংকট সৃষ্টি কৰিছে । কিয়নো দেশৰ ৬৯ শতাংশ ভূমিয়েই শুকান। এই ভূমিৰ বিভিন্ন ভাগ আছে। যেনে- এৰিড,ছেমি-এৰিড,ড্ৰাই ছাব-হিউমিড । পানীৰ সংকটে এই শুকান অঞ্চলত সমস্যাৰ সৃষ্টি কৰে । ২০৫০ ৰ ভিতৰত ১.৫ ডিগ্ৰী চেলচিয়াছ গোলকীয় উষ্ণতাতো এই অঞ্চলত খৰাঙে ভয়াৱহ ৰূপ গ্ৰহণ কৰিব। ভাৰতৰ ৬০০ মিলিয়ন লোকে জল সংকটৰ সন্মুখীন হৈ আহিছে । এই সংখ্যা দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় অৰ্ধেক । বিশ্বৰ ভিতৰত তীব্ৰ জল সমস্যা থকা ভাৰতবৰ্ষ ১৭ সংখ্যক দেশ । আই পি চি চিয়ে এই তথ্য সদৰী কৰিছে ।

দিল্লী ঘোষণাঃ অলপতে দিল্লীত অনুষ্ঠিত হৈ যোৱা ইউ এন কনভেনশ্যন টু কমবেট ডিচাৰ্টিফিকেশ্যনৰ কনফাৰেন্স অৱ পাৰ্টিজ(কপ-১৪) চতুৰ্দশ অধিৱেশনত শান্তিপূৰ্ণ বন সুৰক্ষা পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰসমূহক আহ্বান জনায় । অশান্ত সীমান্ত অঞ্চলসমূহৰ অৱনমিত ভূমি পুনৰুদ্ধাৰৰ লগতে স্থানীয় ৰাইজ আৰু ৰাষ্ট্ৰসমূহৰ মাজত সুসম্পৰ্কৰ বাবেও আহ্বান জনোৱা হয় । সদস্য ৰাষ্ট্ৰসমূহে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ অধীনত ২০৩০ ৰ ভিতৰত লেণ্ড ডিগ্ৰেডেশ্যন নিউট্ৰেলিটী লাভ কৰিবলৈ ৰাষ্ট্ৰীয় লক্ষ্য নিৰ্ধাৰণ কৰিবলৈও সন্মত হয় । ইউ এন চি চি ডিৰ সদস্য ৰাষ্ট্ৰসমূহৰ বাবে লেণ্ড ডিগ্ৰেডেশ্বন নিউট্ৰেলিটী টাৰ্গেট ছেটিং প্ৰগ্ৰেমৰ ক্ষেত্ৰত গোলকীয় কাৰিকৰী সহায়ৰ এক অনুষ্ঠান প্ৰতিষ্ঠা কৰাৰ বাবে কপ-১৪ ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰে । ভাৰতবৰ্ষই ইউ এন চি চি ডিক গ্ল’বেল ৱাটাৰ এক্সন এজেণ্ডা গ্ৰহণ কৰিবলৈও আহ্বান জনায় । কিয়নো ইয়াৰ দ্বাৰা লেণ্ড ডিগ্ৰেডেশ্যন নিউট্ৰেলিটী বহু পৰিমাণে প্ৰভাৱিত হয় । ২০৩০ৰ ভিতৰত ভূমি অৱনমন ৰোধ কৰাৰ লগতে কমেও মুঠ অৱনমিত ৯৬.৪ মিলিয়ন হেক্টৰ ভূমিৰ ভিতৰত ৩০ মিলিয়ন হেক্টৰ অৱনমিত জলাশয়,অৰণ্য আৰু কৃষিভূমি (প্ৰতিটোৰে ১০ মিলিয়ন হেক্টৰ ভূমি) পুনৰুদ্ধাৰৰ বাবে সংকল্প গ্ৰহণ কৰিছে ।

-নীৰজ কুমাৰ

লগতে চাওকঃ বন মাফিয়াৰ কবলত দিহিং পাটকাই অভয়াৰণ্য

Intro:Body:

  DEGRADED LANDS THREATEN TO CHECK FOOD SECURITY IN INDIA

অৱনমিত ভূমিয়ে ভাৰতৰ খাদ্য সুৰক্ষাৰ প্ৰতি কঢ়িয়াইছে সংকট 

       ভাৰতবৰ্ষত ভূমি অৱনমনৰ সমস্যাই ভয়াৱহ ৰূপত দেখা দিছে । ভাৰতৰ ভূমিভাগৰ প্ৰায় ৩০ শতাংশ অৰ্থাৎ ৯৬ মিলিয়ন হেক্টৰ ভূমি বিভিন্ন কাৰণ যেনে নিৰ্বনীকৰণ, অত্যধিক খেতি কৰা, খহনীয়া, জলাশয় দূষিত বা বেদখল আদি কাৰণত অৱনমিত হৈছে । ভূমি হ্ৰাসে শস্যৰ ফচলত প্ৰভাৱ পেলাই প্ৰতি বছৰে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ ২.৫ শতাংশ ক্ষতি কৰাই নহয়, দেশত জলবায়ু পৰিৱৰ্তনতো অৰিহণা যোগাই সংকটৰ সৃষ্টি কৰিছে । 

জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণ কৰিবলৈ বনাঞ্চলসমূহেই অন্যতম উপায় । কিন্তু ২০১৮ চনলৈকে ওঠৰবছৰত ভাৰতে প্ৰায় ১.৬ মিলিয়ন বনাঞ্চল হেৰুৱাবলগীয়া হৈছে । ২০১৫ চনলৈকে পাঁচ বছৰত ভাৰতত চৰকাৰে দহ মিলিয়নতকৈ অধিক গছ কাটিবলৈ অনুমতি প্ৰদান কৰিছে । ২০১৪ চনৰ জুনৰ পৰা ২০১৮ চনৰ মে’লৈকে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ প্ৰথম চাৰিটা বৰ্ষৰ কাৰ্যকালত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডে দেশৰ সংৰক্ষিত আৰু পৰিৱেশ সংবেদনশীল অঞ্চলত পাঁচশটা প্ৰকল্পৰ বাবে অনুমোদন দিছে । তাৰ তুলনাত পূৰ্বৰ ইউ পি এ চৰকাৰে ২০০৯ চনৰ পৰা ২০১৩ চনলৈকে ২৬০ টা প্ৰকল্পত অনুমোদন জনাইছিল । 

যদি পৰিস্থিতি এনেদৰে ই অব্যাহত থাকে তেন্তে ভাৰতৰ মুঠ খেতিয়কৰ ৮০ শতাংশ যিসকলৰ অধিকাংশই ক্ষুদ্ৰ আৰু আৰ্থিকভাৱে পিছপৰা খেতিয়ক তেওঁলোক বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব । কৃষিভিত্তক অৰ্থনীতিৰ দেশ ভাৰতবৰ্ষ গাখীৰ, মাহজাতীয় শস্য, মৰাপাট উৎপাদনকাৰী হিচাপে বৃহত্তম দেশৰ লগতে চাউল, ঘেঁহু, কুঁহিয়াৰ, বাদামজাতীয় শস্য, শাক-পাচলি, ফল-মূল, কপাহ উৎপাদনকাৰী দ্বিতীয় বৃহৎ দেশ । কিন্তু ৰাষ্ট্ৰসংঘৰ তথ্যমতে এই দেশখনে এতিয়া খাদ্য সংকটত ভোগাৰ আশংকা কৰা হৈছে । খহনীয়া আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত পশুপালনৰ ক্ষেত্ৰত বিকাশ আৰু উৎপাদনো প্ৰভাৱিত হ’ব ।  এই তথ্য ৰাষ্ট্ৰসংঘৰ জলবায়ু অধ্যয়নকাৰী সংস্থা আই পি চি চি অৰ্থাৎ ইণ্টাৰগৱৰ্মেণ্টেল পেনেল অন্ ক্লাইমেট চেঞ্জে প্ৰকাশ কৰিছে । 

দিল্লীস্থিত বেচৰকাৰী সংস্থা দ্য এনাৰ্জী এণ্ড ৰিচ’ৰ্ছ ইনষ্টিটিউটটৰ এক অধ্যয়নমতে বনাঞ্চল হ্ৰাসৰ ফলত ইতিমধ্যে বছৰি ১.৪ শতাংশ জিডিপিৰ পৰা ভাৰতবৰ্ষ বঞ্চিত হ’বলগীয়া হৈছে । ভাৰতৰ দৰে জলবায়ু পৰিৱৰ্তনৰ গভীৰ সমস্যাৰ সন্মুখীন হোৱা বহু দেশৰ মাটিয়ে 

কাৰ্বন ডাই অক্সাইড শুহিব পৰা ক্ষমতা হেৰুৱাই পেলাব । গ্ৰেণী হাউছ গেছৰ ভিতৰত পৰা কাৰ্বন ডাই অক্সাইড হৈছে গোলকীয় উষ্ণতা বৃদ্ধিৰ অন্যতম কাৰণ । বসতিৰ সংকট আৰু ভূমি অৱনমনৰ বাবে ইতিমধ্যে বিশ্বৰ এক মিলিয়ন প্ৰজাতি বিলুপ্ত হোৱাৰ পথত । যাৰ ফলত বিশ্বত তীব্ৰ খাদ্য সংকটে দেখা দিয়াৰ আশংকা কৰা হৈছে । 

স্থানীয় পৰিস্থিতি তন্ত্ৰৰ ওপৰত জ্ঞান থকা জনজাতীয় আৰু স্থানীয় লোকসকলে যে বনাঞ্চল সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে সেয়া ভাৰত চৰকাৰে অনুধাৱন কৰিছে । সিদ্ধান্ত গ্ৰহণ আৰু শাসন কাৰ্যত তেওঁলোকৰ অংশগ্ৰহণে পৰিস্থিতি তন্ত্ৰক সুৰক্ষিত কৰাত সঠিকভাৱে সহায় কৰিব । ইয়াৰ ভিতৰত খহনীয়া ৰোধ, বন সংৰক্ষণ আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ অন্তৰ্ভুক্ত । ২০০৬ চনত গৃহীত হোৱা বন অধিকাৰ আইনখন জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণৰ বাবে উৎকৃষ্ট আহিলা হৈ পৰিব পাৰে । কিয়নো এই আইনখনে জনজাতীয় আৰু পৰম্পৰাগতভাৱে বনাঞ্চলৰ বাসিন্দাসকলক বনাঞ্চলত প্ৰৱেশ, পৰিচালনা, বনভূমিৰ সংৰক্ষণ আৰু পৰিচালনাৰ অধিকাৰ প্ৰদান কৰে । তেওঁলোকে বনাঞ্চল আৰু পাৰ্কৃতিক সম্পদসমূহ প্ৰজন্মৰ পাছত প্ৰজন্ম ব্যৱহাৰ কৰি আহিছে । কিন্তু বন অধিকাৰ আইনৰ অধীনত অধিকাৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া অতিকৈ লেহেমীয়া । দেশত থকা ৪০ মিলিয়ন হেক্টৰ বনাঞ্চলৰ মাটিৰ বিপৰীতে ২০১৯ চনৰ ৩০ এপ্ৰিললৈকে চৰকাৰে ১২.৯৩ হেক্টৰ মাটিৰ ক্ষেত্ৰতহে বন অধিকাৰ আইনৰ অধীনত অধিকাৰৰ দাবীসমূহ মীমাংসা কৰিবলৈ সক্ষম হৈছে । ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ত চলি থকা এক গোচৰৰ ফলত বন অধিকাৰৰ দাবী বাতিল হোৱা বনাঞ্চলৰ দুই মিলিয়ন বাসিন্দা উচ্ছেদিত হোৱাৰো আশংকা কৰা হৈছে । সম্প্ৰতি একৈশখন ৰাজ্য চৰকাৰে বাতিল হোৱা অধিকাৰৰ দাবীসমূহ পুনৰীক্ষণ কৰি আছে । 

মাটিৰ অম্লতাৰ বাবে ভূমি অৱনমন বা মানুহে কৰা বিভিন্ন কাম বা জলবায়ুৰ কোনো কাৰণত তথা পানী আৰু বায়ুৰ বাবে ভূমিৰ খহনীয়াৰ ফলত ভাৰতবৰ্ষই প্ৰায় ৭২ হাজাৰ কোটি টকা হেৰুৱাবলগীয়া হৈছে । দ্য এনাৰ্জী এণ্ড ৰিচ’ৰ্ছ ইনষ্টিটিউটটৰ অধ্যয়ন অনুসৰি এই পৰিমাণ ২০১৮-১৯ বৰ্ষৰ কৃষি বাজেটতকৈ অধিক । কিয়নো ২০১৮-১৯ বৰ্ষৰ কৃষি বাজেটিত নিৰ্ধাৰিত ধনৰ পৰিমাণ আছিল ৫৮ হাজাৰ কোটি টকা । বিশ্ব ভোক সূচকাংকত ভাৰতে ২০১৮ চনত এশ ঊনৈশখন দেশৰ ভিতৰত এশ তিনি নম্বৰত থকাৰ বিপৰীতে ২০১৭ চনত আছিল এশ নম্বৰ স্থানত । 

দেশৰ মুঠ ভূখণ্ডৰ প্ৰায় ৫ শতাংশ অৰ্থাৎ ১৫২,৬০০ বৰ্গ কিল’মিটাৰ অংশ জলাশয়ে সাঙুৰি আছে । এই পৰিমাণ অসমৰ মুঠ মাটিকালিৰ প্ৰায় দুগুণ । কিন্তু নিৰ্বনীকৰণ, জল নিষ্কাষণৰ উপযুক্ত ব্যৱস্থাৰ অভাৱ, ভূমি বেদখল, নগৰীয়া উন্নয়নে জলাশয়সমূহ সংকুচিত কৰিছে । প্ৰতি বছৰে দেশজুৰি জলাশয়ৰ দুইৰ পৰা তিনি শতাংশ হ্ৰাস পাই আহিছে । বিগত তিনিটা দশকত দেশৰ পশ্চিম উপকূলত থকা প্ৰায় ৪০ শতাংশ মেনগ্ৰভ অৰণ্যক কৃষিভূমি আৰু আবাসিক অঞ্চললৈ ৰূপান্তৰ কৰা হৈছে । গোলকীয় উষ্ণতা নিয়ন্ত্ৰণত জলাশয়ৰ গুৰুত্বপূৰ্ণ ভূমিক আছে কিয়নো হাই-কাৰ্বন ইক’চিষ্টেমৰ জৰিয়তে ই তৎক্ষণাত বহু পৰিমাণৰ কাৰ্বন শুহি লয় । ভাৰতবৰ্ষই জলাশয়সমূহ আৰু অৱনমিত ভূমিসমূহ পুনৰুদ্ধাৰৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই ।  যদিহে ‘Coastal Regulatory Zone Notification, 2018’ ত অন্তৰ্ভুক্ত নীতি-নিৰ্দেশনাসমূহ সঠিকভাৱে প্ৰয়োগ কৰা হয়, তেন্তে উপকূল অঞ্চল আৰু পৰিস্থিতি তন্ত্ৰক সুৰক্ষিত কৰিব পৰা যাব । 

 গোলকীয় উষ্ণতাই ভাৰতবৰ্ষৰ বাবে আন এক তীব্ৰ সংকট সৃষ্টি কৰিছে ।     কিয়নো দেশৰ ৬৯ শতাংশ ভূমিয়েই শুকান । এই ভূমিৰ বিভিন্ন ভাগ আছে । যেনে- এৰিড, ছেমি-এৰিড, ড্ৰাই ছাব-হিউমিড । পানীৰ সংকটে এই শুকান অঞ্চলত সমস্যাৰ সৃষ্টি কৰে । ২০৫০ ৰ ভিতৰত ১.৫ ডিগ্ৰী চেলচিয়াছ গোলকীয় উষ্ণতাতো এই অঞ্চলত খৰাঙে ভয়াৱহ ৰূপ গ্ৰহণ কৰিব । ভাৰতৰ ৬০০ মিলিয়ন লোকে জল সংকটৰ সন্মুখীন হৈ আহিছে । এই সংখ্যা দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় অৰ্ধেক । বিশ্বৰ ভিতৰত তীব্ৰ জল সমস্যা থকা ভাৰতবৰ্ষ ১৭ সংখ্যক দেশ । আই পি চি চিয়ে এই তথ্য সদৰী কৰিছে ।

দিল্লী ঘোষণাঃ অলপতে দিল্লীত অনুষ্ঠিত হৈ যোৱা ইউ এন কনভেনশ্বন টু কমবেট ডিচাৰ্টিফিকেশ্বনৰ কনফাৰেণ্স অৱ পাৰ্টিজ(কপ-১৪) চতুৰ্দশ অধিৱেশনত শান্তিপূৰ্ণ বন সুৰক্ষা পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰসমূহক আহ্বান জনায় । অশান্ত সীমান্ত অঞ্চলসমূহৰ অৱনমমিত ভূমি পুনৰুদ্ধাৰৰ লগতে স্থানীয় ৰাইজ আৰু ৰাষ্ট্ৰসমূহৰ মাজত সুসম্পৰ্কৰ বাবেও আহ্বান জনোৱা হয় । সদস্য ৰাষ্ট্ৰসমূহে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ অধীনত ২০৩০ ৰ ভিতৰত লেণ্ড ডিগ্ৰেডেশ্বন নিউট্ৰেলিটী লাভ কৰিবলৈ ৰাষ্ট্ৰীয় লক্ষ্য নিৰ্ধাৰণ কৰিবলৈও সন্মত হয় । 

ইউ এন চি চি ডিৰ সদস্য ৰাষ্ট্ৰসমূহৰ বাবে লেণ্ড ডিগ্ৰেডেশ্বন নিউট্ৰেলিটী টাৰ্গেট ছেটিং প্ৰগ্ৰেমৰ ক্ষেত্ৰত গোলকীয় কাৰিকৰী সহায়ৰ এক অনুষ্ঠান প্ৰতিষ্ঠা কৰাৰ বাবে কপ-১৪ ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰে । ভাৰতবৰ্ষই ইউ এন চি চি ডিক গ্ল’বেল ৱাটাৰ এক্সন এজেণ্ডা গ্ৰহণ কৰিবলৈও আহ্বান জনায় । কিয়নো ইয়াৰ দ্বাৰা লেণ্ড ডিগ্ৰেডেশ্বন নিউট্ৰেলিটী বহু পৰিমাণে প্ৰভাৱিত হয় । ২০৩০ ৰ ভিতৰত ভূমি অৱনমন ৰোধ কৰাৰ লগতে কমেও মুঠ অৱনমিত ৯৬.৪ মিলিয়ন হেক্টৰ ভূমিৰ ভিতৰত ৩০ মিলিয়ন হেক্টৰ অৱনমিত জলাশয়, অৰণ্য আৰু কৃষিভূমি (প্ৰতিটোৰে ১০ মিলিয়ন হেক্টৰ ভূমি)  পুনৰুদ্ধাৰৰ বাবে সংকল্প গ্ৰহণ কৰিছে । 

-    নীৰজ কুমাৰ

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.