চিটাৰা ডেস্ক, ৫ জুন: ৰাজস্থানৰ যোধপুৰৰ এগৰাকী নৃত্যশিল্পী । দীপক নামৰ নৃত্যশিল্পীগৰাকীয়ে মহিলাৰ বেশত নৃত্য পৰিৱেশন কৰাৰ পিছত কেইদিনমান পূৰ্বে যৌন শল্য চিকিৎসাৰ দ্বাৰা লিংগ পৰিৱৰ্তন কৰি এতিয়া দীপিকা নামে খ্যাত একালৰ নৃত্যশিল্পী দীপক । নিজকে মহিলাৰ ৰূপত সাজি-কাচি ভালপোৱা দীপকে তিনি মাহ পূৰ্বে দিল্লীৰ এখন ব্যক্তিগত হাস্পতালত লিংগ পৰিৱৰ্তনৰ শল্য চিকিৎসা চলাই আছিল ।
চলিত বৰ্ষতে লিংগ পৰিৱৰ্তনৰ পূৰ্বে দীপকে যোধপুৰত নিজৰ নৃত্য প্ৰদৰ্শনীৰ জৰিয়তে প্ৰিয় কলাকাৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় । দীপিকাই জানিবলৈ দিয়ে যে, তেওঁ সৰুৰে পৰাই মহিলাৰ সাজ-পোচাক পৰিধান কৰি ভালপাইছিল, কিয়নো তেওঁ ভিতৰৰ পৰা নিজকে মহিলা হিচাপে অনুভৱ কৰিছিল । দেউতাকৰ বেমাৰৰ বাবে তেওঁ সপ্তম শ্ৰেণীতে নিজৰ পঢ়া জীৱন সামৰিবলগীয়া হৈছিল । দেউতাকৰ মৃত্যুৰ পিছত তেওঁৰ ঘৰত আৰ্থিক সংকটে দেখা দিয়াৰ বাবে তেতিয়াৰে পৰাই তেওঁ দীপক হিচাপে ঘৰৰ আশে-পাশে আয়োজন কৰা অনুষ্ঠানত নৃত্য পৰিৱেশন কৰি ঘৰখন পোহ-পাল দি আহিছে ।
তেওঁ আৰ্জিত ধনেৰে ঘৰখনক আৰ্থিক দিশত সমৰ্থন কৰিব পাৰিছে বাবে পৰিয়ালে তেওঁ লিংগ পৰিৱৰ্তনত দীপিকাক সমৰ্থন কৰা বুলি তেওঁ জানিবলৈ দিয়ে । বিগত ১০ বছৰৰ পৰা তেওঁ জোধপুৰৰ বিভিন্ন অনুষ্ঠানত নৃত্য কৰি ৰাজনৈতিক নেতাসকলৰ দ্বাৰাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে দীপিকাই ।
জোধপুৰৰ নৃত্য কৰ্মকৰ্তাসকলক ধন্যবাদ ব্যক্ত কৰাৰ লগতে দীপিকাই এতিয়া হিন্দী ছবি কাম কৰা হেঁপাহ পুহি ৰাখিছে । যদিও এই চিকিৎসা তিনি মাহ পূৰ্বে সম্পন্ন হৈছে তথাপি এতিয়াও তেওঁ হৰম'ন পৰিৱৰ্তনৰ অনুভৱ কৰে আৰু এই অনুভৱ নাইকিয়া হ'বলৈ এবছৰ সময় লাগিব বুলি দীপিকাই জানিবলৈ দিয়ে ।
দীপিকাৰ এই সিদ্ধান্তত তেওঁৰ সমৰ্থনকাৰীসকলৰ উপৰিও কিছুমান সমালোচনা কৰা মানুহো আছে । তেওঁ কয় যে, এনেবোৰ মানুহৰ কথা তেওঁ নাভাৱে, কাৰণ তেওঁৰ এই সিদ্ধান্তটো নিজৰ আছিল আৰু তেওঁ ইয়াক লৈ সুখী ।
লগতে পঢ়ক:গছপুলি ৰোপণেৰে বিশ্ব পৰিৱেশ দিৱস পালন বিধায়ক শিলাদিত্য দেৱৰ