ETV Bharat / bharat

দেশৰ প্ৰথমটো গাৰবেজ কাফে

9 অক্টোবৰত আৰম্ভণি কৰা দেশৰ প্ৰথম গাৰবেজ কাফেয়ে প্ৰতি কিলোগ্ৰাম পেলনীয়া প্লাষ্টিক যোগানৰ বিনিময়ত যোগান ধৰোতাক সুস্বাদু খাদ্য যোগান ধৰে ৷ দৈনিক গাৰ্বেজ কাফেত 10 ৰ পৰা 20 কিলোগ্ৰাম পেলনীয়া প্লাষ্টিক কঢ়িওৱা হয় ৷ এই বৰ্জিত প্লাষ্টিক সমূহ পৰৱৰ্তী সময়ত কৰ্প'ৰেচনৰ চেনিটেৰী পাৰ্কৰ পৰিশোধন কেন্দ্ৰলৈ লৈ যোৱা হয় ৷ পৰিশোধন কৰা বৰ্জনীয় প্লাষ্টিকেৰে পথ নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰিছে অম্বিকাপুৰ পৌৰ নিগমে ৷

author img

By

Published : Dec 19, 2019, 1:05 PM IST

দেশৰ প্ৰথমটো গাৰবেজ কাফে
Ambikapur Municipal Corporation's Garbage Cafe

ছত্তিশগড়ৰ অম্বিকাপুৰ পৌৰ নিগমে গাৰবেজ কাফেৰ যি পদক্ষেপ লৈছে সেইয়া কেৱল দেশৰ ভিতৰতে নহয়, বিশ্বজুৰি সমাদৰ লাভ কৰিছে ৷ গাৰবেজ কাফে হৈছে এক ব্যতিক্ৰমী ধাৰণা,যাৰ দ্বাৰা দৰিদ্ৰ আৰু গৃহহীন সকলক প্লাষ্টিকৰ বিনিময়ত খাদ্যৰ যোগান ধৰা হয় ৷ 9 অক্টোবৰত আৰম্ভণি কৰা দেশৰ প্ৰথম গাৰবেজ কাফেৰ পৰা প্ৰতি কিলোগ্ৰাম পেলনীয়া প্লাষ্টিক যোগানৰ বিনিময়ত যোগান ধৰোতাক সুস্বাদু খাদ্য যোগান ধৰে ৷ দৈনিক গাৰ্বেজ কাফেত 10 ৰ পৰা 20 কিলোগ্ৰাম পেলনীয়া প্লাষ্টিক কঢ়িওৱা হয় ৷ এই বৰ্জিত প্লাষ্টিক সমূহ পৰৱৰ্তী সময়ত কৰ্প'ৰেচনৰ চেনিটেৰী পাৰ্কৰ পৰিশোধন কেন্দ্ৰলৈ লৈ যোৱা হয় ৷ পৰিশোধন কৰা বৰ্জনীয় প্লাষ্টিকেৰে পথ নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰিছে অম্বিকাপুৰ পৌৰ নিগমে ৷ এই কাফেখন মহিলা আত্মসহায়ক গোটৰ দ্বাৰা পৰিচালিত হৈ আহিছে আৰু ইয়াৰ দ্বাৰা মহিলাসকলক কৰ্মসংস্থাপনৰ সুবিধা আগবঢ়োৱা হৈছে ৷

দেশৰ প্ৰথম গাৰবেজ কাফে

ই টি ভি ভাৰতে এই কাফে পৰিদৰ্শন কৰি সত্যতা নিৰূপণ কৰে ৷ আনকি স্থানীয় শিশুসকলেও সুস্বাদু খাদ্য লাভৰ বাবে কাফেত বৰ্জিত প্লাষ্টিক যোগান ধৰে ৷ চহৰখন প্লাষ্টিকমুক্ত কৰাৰ বাবে জনসাধাৰণক সজাগ কৰাৰ এই যি মহৎ উদ্দেশ্য,সেয়া কিছু পৰিমাণে হ'লেও সাফল্যমণ্ডিত হৈছে ৷ এইটো উল্লেখ কৰাতো উচিত যে,এই কাফেখন কেৱল প্ৰয়োজনীয়সকলৰ বাবেই নহয়, সকলোৰে বাবে মুকলি কৰা হৈছে ৷
জাৱৰ সংগ্ৰহ কৰা মানুহৰ পৰা ব্যৱসায়ীলৈকে,সকলোৱেই এই মহৎ কাৰ্যত অৰিহণা যোগায় আহিছে ৷

লগতে পঢ়ক : পুনৰ তিনিচুকীয়া আৰক্ষীৰ জিম্মালৈ আলফা নেতা জিতেন দত্ত

Intro:Body:

Dec 19 - Plastic Campaign Story - Ambikapur- India's First Garbage cafe 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.