ETV Bharat / bharat

পাঞ্জাৱ সুৰা ট্ৰেজেডি : মৃতকৰ সংখ্যা 86 লৈ বৃদ্ধি

author img

By

Published : Aug 2, 2020, 1:42 PM IST

পাঞ্জাৱত বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা 86 গৰাকীলৈ বৃদ্ধি হৈছে ৷ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত 25 জন লোকক আটক কৰা হৈছে ৷

মৃতকৰ সংখ্যা 86 লৈ বৃদ্ধি
পাঞ্জাৱ সুৰা ট্ৰেজেডি

নেশ্যনেল ডেস্ক, 2 আগষ্ট : পাঞ্জাৱত বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা 86 গৰাকীলৈ বৃদ্ধি হৈছে ৷ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰা হৈছে 25 জন লোকক ৷ এই বিষাক্ত সুৰা বিভিন্ন স্থানলৈ ইতিমধ্যেই প্ৰেৰণ কৰা বাবে আৰু লোকৰ মৃত্যু হোৱাৰ আশংকা ব্যক্ত কৰিছে আৰক্ষীয়ে ৷ ইতিমধ্যে আটক কৰা লোকসকলক জেৰা কৰাৰ পাচতে আৰু লোকক আটক কৰা হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

আৰক্ষী বিষয়া দিনকৰ গুপ্তাই মন্তব্য কৰে যে, অভিযুক্তসকলৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ, ড্ৰাম, বিভিন্ন পাত্ৰ উদ্ধাৰ কৰা হৈছে ৷ ইতিমধ্যে এই সুৰাৰ ৰাসায়নিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ বৰ্তমানো এই সম্পৰ্কত তালাচী চলি থকাৰ লগতে অঞ্চলটোত চলি থকা সুৰা মাফিয়াক উৎখাত কৰা হ'ব বুলি জানিবলৈ দিয়ে গুপ্তাই ৷

পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে শনিবাৰে এই সুৰা কাণ্ডৰ সৈতে জড়িত থকা 11 গৰাকী বিষয়াসহ চাৰিগৰাকী ৰাজ্যিক স্বাস্থ্য বিষয়াক নিলম্বিত কৰিছে ৷ এই বিষয়াসকলৰ বিৰুদ্ধে বৰ্তমান তদন্ত চলোৱা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : চিৰাঙত ডাইনী সন্দেহত দুই পৰিয়ালক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.