ETV Bharat / bharat

ওড়িশাত ফেনীৰ তাণ্ডৱ

author img

By

Published : May 3, 2019, 9:31 AM IST

Updated : May 3, 2019, 5:07 PM IST

ওড়িশাৰ উপকূলীয় অঞ্চলত ঘূৰ্ণিবতাহ ফেনীৰ প্ৰভাৱত প্ৰচণ্ড ধুমুহা-বৰষুণ ৷ ইতিমধ্যে ৰাজ্যখনৰ উপকূলীয় অঞ্চলৰ পৰা জনসাধাৰণক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে ৷বৰ্তমানলৈকে 5 জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে ৷

ওড়িশাত ফেনীৰ তাণ্ডৱ

ওড়িশা , 3 মে' : পুৱাৰ ভাগত পুৰীত খুন্দা মৰা ঘূৰ্ণিবতাহ ফেনীয়ে ধ্বংসলীলা চলাইছে ৰাজ্যখনত ৷ বৰ্তমানলৈকে 5 জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে ৷

ওড়িশাত ফেনীৰ তাণ্ডৱ

ঘণ্টাত 175 কি: মি:তকৈ অধিক বেগত অহা ধুমুহাই তাণ্ডৱ চলাইছে ৰাজ্যখনত ৷ প্ৰচণ্ড ধুমুহা আৰু বৰষুণত পথত গছ উভালি পৰাৰ উপৰিও ধুমুহাই বহু ঘৰৰ মূধচ পৰ্যন্ত উৰুৱাই নিয়ে ৷

ভাৰতীয় নৌ সেনাৰ বিমানে আকাশ মাৰ্গেৰে ৰাজ্যখনৰ ঘূৰ্ণিবতাহৰ ফলত ক্ষয় ক্ষতি পৰিমাণ জানিবলৈ চেষ্টা কৰিব ৷ বিয়লিৰ ভাগলৈ ধুমুহাৰ বেগ কিছু শাম কটাৰ সম্ভাৱনা আছে ৷ প্ৰচণ্ড ধুমুহাৰ ফলত এতিয়ালৈকে পাঁচজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

ৰাজ্যখনৰ আৰক্ষী তথা দুৰ্যোগ প্ৰশমন বিভাগে বন্ধ হৈ পৰা বাট পথসমূহ মুকলি কৰাৰ কামত ব্ৰতী হৈ পৰিছে ৷

প্ৰশাসনে জনসাধাৰণৰ সাহাৰ্যৰ বাবে মুকলি কৰিছে হেল্প লাইন নম্বৰ ৷

পুৰীত ফেনীৰ খুন্দা,প্ৰচণ্ড ধুমুহা-বৰষুণ
পুৰীত ফেনীৰ খুন্দা,প্ৰচণ্ড ধুমুহা-বৰষুণ

লগতে পঢ়ক : আমচাং বনাঞ্চলৰ পৰা জনাঞ্চললৈ কিয় আহে বনৰীয়া জীৱজন্তু?

উল্লেখযোগ্য যে, ঘূৰ্ণিবতাহ ফেনীৰ প্ৰভাৱত টেলিকম সেৱা বন্ধ নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ৷ সকলো টেলিকম কোম্পানীলৈ প্ৰদান কৰা হৈছে এই নিৰ্দেশ ৷ শুকুৰবাৰে পুৱা প্ৰায় চাৰি বজাত ৰাজ্যখনত ধুমুহাৰ বেগ আছিল প্ৰায় 80ৰ পৰা 150 কিঃমিঃ ৷ প্ৰৱল বৰষুণৰ লগতে পুৰীত 80 কিঃমিঃ আৰু গোপালপুৰত 105 কিঃমিঃ বেগত পুৱাৰ ভাগত ধুমুহা আহে ৷

Puri (Odisha), May 03 (ANI): Ahead of the arrival of cyclone Fani, around 1,000 people have been evacuated in Odisha's Puri. Cyclone Fani is heading towards the state of Odisha with heavy wind speed and is expected to make landfall today. Jayanti Mahapatra, a Red Cross member said, "Around 1,000 people have been evacuated. Many people aren't willing to come, scared their belongings will be stolen. But, we will evacuate them tomorrow morning at any cost. We want zero casualty."
Last Updated : May 3, 2019, 5:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.