ETV Bharat / bharat

2020 বৰ্ষত হায়দৰাবাদত 75% লৈ বৃদ্ধি চাইবাৰ অপৰাধৰ সংখ্যা - হায়দৰাবাদত চাইবাৰ অপৰাধ

2020 বৰ্ষত হায়দৰাবাদত সামগ্ৰিক অপৰাধ 10 শতাংশ হ্ৰাস পাইছে যদিও চাইবাৰজনিত অপৰাধ 75 শতাংশলৈ বৃদ্ধি পাইছে ৷ 2020 বৰ্ষত হায়দৰাবাদত মুঠ 22,641 টা অপৰাধৰ গোচৰ ৰুজু কৰা হৈছে ৷ 2019 চনত মুঠ গোচৰ ৰুজু হৈছিল 25,187 টা ৷

Cybercrimes rise by 75 percent in Hyderabad during 2020
2020 বৰ্ষত হায়দৰাবাদত 75% লৈ বৃদ্ধি চাইবাৰ অপৰাধৰ সংখ্যা
author img

By

Published : Dec 22, 2020, 6:37 PM IST

নেশ্যনেল ডেস্ক,22 ডিচেম্বৰ: 2020 বৰ্ষত হায়দৰাবাদত সামগ্ৰিক অপৰাধ 10 শতাংশ হ্ৰাস পাইছে যদিও চাইবাৰজনিত অপৰাধ 75 শতাংশলৈ বৃদ্ধি পাইছে ৷ হায়দৰাবাদ আৰক্ষীয়ে সদৰি কৰিছে এই কথা ৷ চহৰখনত বিগত বৰ্ষত 1,400 টা চাইবাৰজনিত অপৰাধৰ গোচৰ ৰুজু হোৱাৰ বিপৰীতে চলিত বৰ্ষত এই সংখ্যা বৃদ্ধি হৈ হয়গৈ 2,456 ৷ আৰক্ষীয়ে ক’ৰণা মহামাৰীৰ সময়ছোৱাত জনসাধাৰণে অত্যাধিক ইন্টাৰনেট ব্যৱহাৰ কৰাৰ ফলতেই এই অপৰাধৰ মাত্ৰা বৃদ্ধি পোৱা বুলি ধাৰণা কৰিছে ৷

এই সন্দৰ্ভত মন্তব্য কৰি অতিৰিক্ত আৰক্ষী আয়ুক্ত(অপৰাধ আৰু SIT) শিখা গোয়েলে কয় "মহামাৰীৰ এই সময়ছোৱাত বহু লোকেই ঘৰৰ পৰাই কাম কৰাৰ উপৰিও ঘৰতে আৱদ্ধ হৈ আছে ৷ যাৰ বাবে অপৰাধী সকল সাধাৰণ অপৰাধৰ বিপৰীতে চাইবাৰ অপৰাধৰ দিশে ঢাল খাইছে ৷"

2020 বৰ্ষত হায়দৰাবাদত মুঠ 22,641 টা অপৰাধৰ গোচৰ ৰুজু কৰা হৈছে ৷ 2019 চনত মুঠ গোচৰ ৰুজু হৈছিল 25,187 টা ৷

আৰক্ষী আয়ুক্তই জনায় যে, শিশুৰ ওপৰত হোৱা অপৰাধ 35 শতাংশলৈ হ্ৰাস পাইছে ৷ চলিত বৰ্ষত POCSOৰ অধীনত 221 টা গোচৰ ৰুজু কৰা হৈছে ৷ বিগত বৰ্ষত এই সংখ্যা আছিল 339 টা ৷ ইয়াৰ সমান্তৰালকৈ মহিলা সংক্ৰান্তীয় অপৰাধো 19 শতাংশলৈ হ্ৰাস পাইছে ৷ 2020 বৰ্ষত মহিলাৰ বিৰুদ্ধে 1,908 টা অপৰাধ সংঘটিত হৈছে ৷ 2019 ত এই সংখ্যা আছিল 2,354 ৷

চহৰখনত কটকটীয়া আৰক্ষীৰ পহৰা, ঠায়ে ঠায়ে চিচিটিভি কেমেৰা স্থাপনৰ উপৰিও অতিশীঘ্ৰে অপৰাধীক কৰায়ত্ব কৰাৰ বাবে অপৰাধৰ সংখ্যা হ্ৰাস পাইছে বুলি মন্তব্য কৰে আৰক্ষীয়ে ৷

উল্লেখ্য যে, হায়দৰাবাদত মুঠ 3,000 কৰ্তব্যৰত আৰক্ষী ক’ভিড 19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে 39 গৰাকী আৰক্ষীৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক-আগ্ৰাৰ যমুনা এক্সপ্ৰেছৱেত জীৱন্তে অগ্নিদগ্ধ হয় পাঁচজনকৈ লোক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.