নেশ্যনেল ডেস্ক, 3 জুলাই : জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত বৃহস্পতিবাৰে নিশা সংঘটিত এনকাউন্টাৰত শ্বহীদ হ'ল এজন চিআৰপিএফ জোৱান ৷ আনহাতে, এনকাউন্টাৰত প্ৰাণ হেৰুৱাইছে এক অচিনাক্ত সন্ত্ৰাসবাদীয়ে ৷
মৃত কুলদ্বীপ কুমাৰ নামৰ চিআৰপিএফ জোৱানজন 118 বেটেলিয়ানৰ হেড কনিষ্টবল হিচাপে কৰ্মৰত আছিল ৷ তেওঁ ঝাৰখণ্ডৰ ছাহেবগঞ্জৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে ৷
তথ্য অনুসৰি, শ্ৰীনগৰৰ দাঁতিকাষৰীয়া অঞ্চলত তিনি সন্ত্ৰাসবাদী লুকাই থকাৰ উমান পাই চিআৰপিএফ বাহিনীৰ এটা দল সেই স্থানত উপস্থিত হয় ৷ ইয়াৰ পাচতে দুই পক্ষৰ মাজত হোৱা তীব্ৰ গুলীবৰ্ষণত এজন চিআৰপিএফ জোৱান আৰু সন্ত্ৰাসবাদীয়ে প্ৰাণ হেৰুৱায় ৷
লগতে পঢ়ক : লাডাখ সীমান্তত স্পেছিয়েল ফৰ্চেছ ইউনিট মোতায়েন ভাৰতৰ