ETV Bharat / bharat

ড্ৰ'ণৰ ব্য়ৱহাৰেৰে নিজামুদ্দিনত তদন্ত চলালে অপৰাধ শাখাই - ভিডিঅ' সংগ্ৰহ কৰে অপৰাধ শাখাৰ দলটোৱে

ড্ৰণেৰে তদন্ত চলালে দিল্লী আৰক্ষী অপৰাধ শাখা ৷ নিজামুদ্দিনত তদন্ত অপৰাধ শাখাৰ ৷

কৰ'ণা ভাইৰাছ
ড্ৰ'ণৰ ব্য়ৱহাৰেৰে নিজামুদ্দিনত তদন্ত চলালে অপৰাধ শাখাই
author img

By

Published : Apr 5, 2020, 9:22 PM IST

নেশ্যনেল ডেস্ক, 5 এপ্ৰিল : দিল্লী আৰক্ষী অপৰাধ শাখাৰ এটা দলে দেওবাৰে নিজামুদ্দিন মাৰ্কাজত উপস্থিত হৈ তদন্ত চলায় ৷ ড্ৰ'ণৰ জৰিয়তে আক্ৰান্ত অঞ্চলটোৰ ভিডিঅ' সংগ্ৰহ কৰে অপৰাধ শাখাৰ দলটোৱে ৷

এই দলটোক নেতৃত্ব প্ৰদান কৰে অপৰাধ শাখাৰ আৰক্ষী উপায়ুক্ত জয় তিৰ্কীয়ে ৷ কৰ'ণা ভাইৰাছৰ বাবে ঘোষণা কৰা ৰাষ্ট্ৰজোৰা লকডাউনৰ মাজতে সেই অঞ্চলটোত বাস কৰা প্ৰায় 2300 লোকক মাৰ্কাজৰ পৰা আঁতৰাই হাস্পতাল আৰু অন্যান্য স্থানত কোৱাৰান্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷

উল্লেখ্য যে, মহামাৰী ৰোগ অনুচ্ছেদৰ (Epidemic Disease Act) অধীনত তাবলিগী জামাতৰ মুৰব্বী আৰু অন্যান্য লোকৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে ৷ অহা দিনকেইটাত এই সম্পৰ্কত তদন্ত অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে অপৰাধ শাখাই ৷

উল্লেখ্য যে, বৰ্তমানলৈকে দিল্লীত 466 লোক কোভিড-19 ত আক্ৰান্ত হোৱাৰ লগতে ছয়জন লোকৰ মৃত্যু হৈছে ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰণালয়ে জানিবলৈ দিয়া অনুসৰি, ভাৰতত বৰ্তমানলৈকে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা 3030 লৈ বৃদ্ধি পোৱাৰ লগতে মৃত্যু হৈছে 77 জনৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.