যোৱা শুকুৰবাৰে ভাৰতত ক’ভিজ-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা দুশ অতিক্ৰম কৰিছে আৰু মৃত্যুৰ সংখ্যা পাঁচলৈকে বৃদ্ধি পাইছে । জয়পুৰত শেহতীয়াকৈ এজন ইটালিয়ান নাগৰিকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । তেওঁৰ পূৰ্বতে স্বাস্থ্যৰ অৱস্থাৰ উন্নতি ঘটিছিল যদিও পাছত মৃত্যুক আঁকোৱালি লয় ।
যোৱা শুকুৰবাৰলৈকে বিশ্বত দহ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে । আক্ৰান্ত হোৱা মুঠ সংখ্যা ২ লাখ ১০ হাজাৰতকৈ অধিক । প্ৰতি ঘণ্টাৰ মূৰে মূৰে এই সংখ্যা বৃদ্ধি পোৱাটো অতিকৈ উদ্বেগজনক ।
কিন্তু ভাৰতত তুলনামূলকভাৱে সংখ্যা কম হোৱাৰ ফলত আমি আত্মসন্তুষ্টি লাভ কৰিব নালাগে । যদি সামাজিক সংক্ৰমণৰ হাৰ বৃদ্ধি পায় আৰু কৰ’নাৰ লক্ষণ দেখা দিয়াসকলে আছুতীয়া স্থানৰ পৰা বাহিৰত ওলায় তেন্তে জনস্বাস্থ্যৰ এক ছুনামিয়ে ভাৰতক বিধ্বস্ত কৰি পেলাব ।
১৯ মৰা্চত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক আত্ম নিয়ন্ত্ৰণৰ বাবে কৰা আহ্বান সঠিক আৰু সমযোপযোগী আৰু প্ৰতিৰোধ আৰু দৃঢ়তাৰ প্ৰতিফলন ।
সমান্তৰালভাৱে অধিক আছুতীয়া কক্ষ স্থাপন কৰা হৈছে । তদুপৰি ভাৰতীয় সেনা বাহিনীয়ে নীৰৱে প্ৰশংসনীয় কাম কৰি আছে । শেহতীয়াকৈ বিশাখাপট্টনমত ভাৰতীয় নৌসেনাৰ ইষ্টাৰ্ন নেভেল কমাণ্ডৰ উদ্যোগত কৰ’না ভাইৰাছৰ বাবে এক আছুতীয়া কক্ষ স্থাপন কৰা হৈছে ।
ইয়াৰ পূৰ্বে এনেদৰে সেনাবাহিনীয়ে স্থাপন কৰা চাৰিটা কেন্দ্ৰ আছিলঃ হাৰিয়ানাত স্থলসেনাই পৰিচালনা কৰা জয়ছালমেৰ আৰু মানেচৰৰ কেন্দ্ৰ, নৌসেনাৰ দ্বাৰা পৰিচালিত মুম্বাই কেন্দ্ৰ আৰু বায়ুসেনাৰ হিন্দন কেন্দ্ৰ ।
প্ৰতিৰক্ষা মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি ৪৮ বা ৭২ ঘণ্টাৰ ভিতৰত অধিক আছুতীয়া কক্ষ সাজু হৈ উঠিব । ইয়াৰ ভিতৰত আছে— স্থলসেনাৰ যোধপুৰ, কলকাতা আৰু চেন্নাই, বায়ুসেনাৰ ডুণ্ডিগাল, বেংগালুৰু, কানপুৰ, যোৰহাট আৰু গোৰখপুৰ, নৌসেনাৰ কোচি ।
তদুপৰি সেনা বাহিনীৰ উপস্থিতি থকা মূল চহৰ-মহানগৰত আছুতীয়া কক্ষ স্থাপনৰো পৰামৰ্শ দিয়া হৈছে । বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশাৱলী পালন কৰিবলৈ কোৱা হৈছে । ইয়াৰোপৰি স্থলসেনা, বায়ুসেনা, নৌসেনাৰ চিকিৎসা কৰ্মীসকলৰ এনেধৰণৰ সংকটৰ মুখামুখি হ’ব পৰাকৈ প্ৰয়োজনীয় প্ৰশিক্ষণ আৰু দক্ষতা আছে ।
ভাৰতবৰ্ষৰ কাৰণে এই প্ৰত্যাহ্বান যথেষ্ট কঠিন, কাৰণ কেতিয়াও ভাৰতে এনেকৈ বৃহৎসংখ্যক লোকক আছুতীয়াকৈ ৰখাৰ অভিজ্ঞতাৰ সন্মুখীন হোৱা নাই।
কিছুসংখ্যক নাগৰিক, যাৰ আক্ৰান্ত হোৱাৰ লক্ষন দেখা দিছে, সেইসমূহ নাগৰিকে প্ৰট'কল ভংগ কৰাটো অথবা আছুতীয়াকৈ ৰখাৰ ক্ষেত্ৰত কিছু লোকে প্ৰতিবাদ কৰাৰ যি তথ্য আহিছে সেয়া একেবাৰে ভাল কথা হোৱা নাই।স্থানীয় পুলিচ প্ৰশাসনে এইবোৰত হাত দিব লগা হৈছে।
এয়া প্ৰাৰম্ভিক অৱস্থা আৰু ভাৰতবৰ্ষই ইটালী, স্পেইন আৰু ইৰানৰ দৰে তৃতীয় স্তৰত উপনীত হ'লে বৃহৎ সংখ্যক জনগণৰ বাবে অসামৰিক আৰু ক্ষুদ্ৰ অথচ গুৰত্বপূৰ্ণভাৱে সামৰিক শক্তিয়ে প্ৰদান কৰা প্ৰতিৰোধ আৰু পৰীক্ষাৰ সুবিধা যথেষ্ট নহ'ব ।
প্ৰধানমন্ত্ৰীৰ আহ্বানমৰ্মেই সামাজিক-ৰাজনৈতিক প্ৰতিটো প্ৰেক্ষাপট যেনে ৰাজ্য চৰকাৰ, জিলা, তালুক, পঞ্চায়ত, গাৱ, মহলা, কৰ্পৰেট গোষ্ঠী, বিশ্ববিদ্যালয়, মহাবিদ্যালয়, বিদ্যলয় সকলোতে এক দূৰদৰ্শী ব্যৱস্থা গ্ৰহণ কৰা উচিত।
অতি কম সময়ৰ ভিতৰত আছুতীয়া কক্ষৰ প্ৰয়োজন হৈ যাব পাৰে, বেয়াতকৈ বেয়া পৰিস্থিতিত হাজাৰ।
মিলিটেৰি আছুতীয়া কক্ষই মান্য ক্ৰিয়া পদ্ধতিৰ টেম্প্লেট হিচাপে কাম কৰিব পাৰে, যিয়ে আছুতীয়া ৰখাৰ প্ৰয়োজন হোৱা লোকসকলক ৰাখিব। তেওঁলোকক সুস্বাস্থ্য ৰক্ষাৰ লগতে, কাপোৰ-কানি, গা ধোৱা সকলো ব্যৱস্থা কৰি পুৰ্ণ নিৰীক্ষণত ৰাখিব। নিগেটিভ ফলাফল ওলোৱাখিনিক শেষত ৰিলিজ দিয়াৰ ব্যৱস্থা কৰিব।
COVID-19 ৰ নিশ্চিতি পোৱাৰ লগে লগে তেওঁলোকক অন্য মেডিকেল সুবিধালৈ স্থানান্তৰ কৰা হ'ব যত ইয়াক চিকিৎসা কৰিব পৰা যায়।
মেডিকেল সম্পদৰ পৰা আৰম্ভ কৰি মানৱ সম্পদলৈকে হঠাৎ প্ৰয়োজন হৈ যাব পাৰে । প্ৰশিক্ষণপ্ৰাপ্ত মেডিকেল কৰ্মচাৰীসকলৰ ওপৰত বহুত কামৰ ভাৰ পৰিছে, সমৰ্পিত স্বেচ্ছাসেৱকৰ প্ৰয়োজন হ'ব। এই স্বেচ্ছাকৰ্মীসকল যাক এই সময়ত quarantine Sherpas বুলিও অভিহিত কৰিব পাৰি, তেওঁলোকক সৰু সংখ্যাত মৌলিক মান্য ক্ৰিয়া পদ্ধতিৰে চিনাক্তকৰণ আৰু সজ্জিতকৰণ কৰিব পৰা যায় । দল প্ৰতিনিধি সকলক চিনাক্ত কৰা আৰু তেওঁলোকৰ মাজত টেম্পলেট বিবৃতি কৰি লৈ যোৱা হওক যাতে শুদ্ধ স্তৰ প্ৰস্তুত কৰিব পৰা যায়।. যদিহে আছুতীয়াকৰণৰ ক্ষেত্ৰত সংখ্যাৰ বৃদ্ধি হয়, MQF ৰ দৰে সুবিধাসমূহ ঘণ্টাৰ ভিতৰতে বঢ়াব লাগিব। চীনৰ মডেলটো এই ক্ষেত্ৰত যথেষ্ট প্ৰাসংগিক।
ভাৰতৰ বিভিন্ন ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনক পৰামৰ্শ প্ৰদান কৰাটো ভাল হ'ব যাতে তেওঁলোকে সামৰিক- অসামৰিক উভয়কে লৈ (যাৰ ওচৰত প্ৰয়োজনীয় শক্তি আৰু সামৰ্থ্য আছে) স্বেচ্ছাসেৱকৰ দল গঠণ কৰে।
সামাজিক মাধ্যমেও সজাগতা সৃষ্টি কৰা আৰু বিভিন্ন মৌলিক প্ৰয়োজনীয় বস্তু সংগ্ৰহ যেনে- বিচনা, টাৱেল, মেডিকেল কাপোৰ আদিৰ কাৰণে বৰঙনি উঠাবলৈ সহায় কৰিব পাৰে।গ্লোভ আৰু মাস্ক নিপটোৱাৰ ক্ষেত্ৰতো সাৱধানতা অবলম্বন কৰা উচিত।
যত বিদ্যালয় মহাবিদ্যালয় অহা কেইসপ্তাহমানৰ কাৰণে বন্ধ দিয়া হৈছে, পিছত তেওঁলোকক সজাগতাৰ হকে বিভিন্ন প্ৰশিক্ষণ দিয়াটোও গুৰুত্বপূৰ্ণ।চেলিব্ৰিটি এংকৰৰ পৰা আৰম্ভ কৰি সামাজিক মাধ্যমত গুৰুত্ব থকা নেতা তথা বিভিন্ন গণমাধ্যমসমূহে নিজৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ উপৰি প্ৰধানমন্ত্ৰীৰ আহ্বানক প্ৰয়োগ কৰাৰ বাবে চেষ্টা কৰা উচিত। ভাৰত এক যুদ্ধক্ষেত্ৰত উপনীত হৈছে।
নাগৰিক-সৈনিক তথা কোৱাৰেন্টাইন ছেৰ্পাসকলৰ দ্বাৰা কৰ'না ভাইৰাছ নিয়ন্ত্ৰণ কৰিব পাৰি ।
-চি উদয় ভাস্কৰ