ETV Bharat / bharat

COVID-১৯: ঝাৰখণ্ডত আক্ৰান্তৰ সংখ্যা ১,০৪,৬৮৮ জনলৈ বৃদ্ধি - ৰাজ্যখনত নতুনকৈ

দেশৰ ভিন্ন ৰাজ্যৰ লগতে ঝাৰখণ্ডতো কৰ'ণা মহামাৰীয়ে কালৰূপ ধাৰণ কৰিছে। ৰাজ্যখনত নতুনকৈ COVID-১৯ত আক্ৰান্ত হৈছে ২৪৬ জন লোক আৰু মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে ৮ জন লোকে।মঙলবাৰে মুঠ আক্ৰান্তৰ সংখ্যা ১,০৪,৬৮৮ জনলৈ বৃদ্ধি।

COVID-১৯: ঝাৰখণ্ডত আক্ৰান্তৰ সংখ্যা ১,০৪,৬৮৮ জনলৈ বৃদ্ধি

author img

By

Published : Nov 10, 2020, 11:58 AM IST

নেশ্যনেল ডেস্ক, ১০ নৱেম্বৰ: ঝাৰখণ্ডৰ এগৰাকী স্বাস্থ্য বিষয়াই প্ৰকাশ কৰিছে যে, ২৪৬জন নতুনকৈ আক্ৰান্ত ৰোগীসহ ৰাজ্যখনত COVID-১৯ত আক্ৰান্তৰ সংখ্যা মঙলবাৰে হৈছেগৈ ১,০৪,৬৮৮ জন। নতুনকৈ ৮ জন ৰোগীৰ মৃত্যু হৈছে আৰু এতিয়ালৈকে ঝাৰখণ্ডত মহামাৰীৰ কবলত পৰি ৯০৫ গৰাকী ৰোগীৰ মৃত্যু হৈছে। বিষয়াগৰাকীয়ে কয় যে, ৰাঁচী জিলাত ৰাজ্যখনৰ ভিতৰতে আটাইতকৈ বেছি সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। ৰাঁচীত ৫২ জন লোক মহামাৰীত আক্ৰান্ত হৈছে।

ইয়াৰ পিছতে পূৱ সিংহভূমত ৪৮ জন আৰু ২৭জন ৰোগীৰে সৰ্বাধিক সংক্ৰমণ হোৱা জিলাৰ তৃতীয় স্থানত আছে পলামু। তেওঁ কয় যে, পূৱ সিংহভূমত ৩ জন, হাজাৰীবাগত ২জন আৰু ধনবাদ, ব'কাৰ' আৰু ৰাঁচীত এজনকৈ লোক মৃত্যুমুখত পৰিছে। বৰ্তমান ৰাজ্যখনত ৪,২৫১ জন ৰোগীত মহামাৰীত আক্ৰান্ত হৈ চিকিত্সাধীন হৈ আছে। আনহাতে, ৯৯,৫৩২ জন লোক আৰোগ্য হোৱাৰ তথ্য প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে। লগতে তেওঁ কয় যে, ঝাৰখণ্ডত সোমবাৰে ২৪,৩৮৮ জন লোকৰ নমুনা পৰীক্ষা কৰা হয়।

লগতে পঢ়ক: এটা ৰাস্তাই জলাক'লা খোৱাইছে সাধাৰণ পথচাৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.