ETV Bharat / bharat

মহাৰাষ্ট্ৰত COVID-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি ৫৪,৭৫৮ গৰাকীলৈ - মহাৰাষ্ট্ৰ

দেশৰ ভিতৰতে COVID-19ত সৰ্বাধিক আক্ৰান্ত হোৱা ৰাজ্য মহাৰাষ্ট্ৰত, এই মহামাৰীত আক্ৰান্তৰ সংখ্যা ৫৪,৭৫৮ গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে, মৃত্যু হোৱা লোকৰ সংখ্য়া ১,৭৯২ গৰাকীলৈ বৃদ্ধি পাইছে ।

Covid-19: With above 50k mark, Maharashtra becomes worst-hit state

author img

By

Published : May 27, 2020, 3:46 PM IST

নেশ্যনেল ডেস্ক, ২৭ মে': মহাৰাষ্ট্ৰ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা মহামাৰীৰ ত্ৰাস । উল্লেখ্য যে, দেশৰ ভিতৰতে মহাৰাষ্ট্ৰত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক পোৱা গৈছে । বৰ্তমান ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ৫৪,০০০ অতিক্ৰম কৰিছে । ৰাজ্যখনত ৩৬,০০৪ টাকৈ সক্ৰিয় আক্ৰান্ত লোক আছে বুলি জানিব পৰা গৈছে ।

ৰাজ্যখনত COVID-19ত আক্ৰান্তৰ সংখ্যা ৫৪,৭৫৮ গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে এই মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ১,৭৯২ গৰাকীলৈ । লগতে বৰ্তমানলৈ ১৬,৯৫৪ গৰাকী লোকে আৰোগ্য লাভ কৰিছে ।

মহাৰাষ্ট্ৰত মঙলবাৰে মৃত্যুক সাৱটি লয় ৯৭ গৰাকী লোকে । অৱশ্যে বিষয়া সকলে জানিবলৈ দিয়া মতে, এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা কিছু পৰিমাণে হ্ৰাস পাইছে ।

চলিত লক ডাউনৰ বিষয়ক লৈ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ চৰকাৰী বাসভৱনত মিত্ৰজোঁটৰ সৈতে এখন বৈঠক অনুষ্ঠত কৰা হয় । এই বৈঠকত কেইবাটাও অঞ্চলৰ পৰা লক ডাউন শিথিল কৰাৰ বিষয়েও আলোচনা কৰে ।

এই বৈঠকত উপস্থিত লোকসকলৰ পৰা COVID-19 ৰ প্ৰসাৰৰ পৰা ৰাজ্যখনক কেনেদৰে ৰক্ষা কৰিব পাৰি সেই বিষয়ে নিজ নিজ ধাৰণা আৰু পৰিকল্পনা আগবঢ়াব বুলি আশা কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.