ETV Bharat / bharat

COVID-19 চিকিৎসাঃ ভাৰত বনাম অন্য ৰাষ্ট্ৰ

author img

By

Published : Apr 25, 2020, 2:12 PM IST

ভিন্ন দেশত ভিন্ন পৰিমাণে ব্যয় হয় COVID-19 ৰ চিকিৎসাৰ ব্যয় । ভাৰতত ব্যক্তিগত ছুপাৰ স্পেছিয়েলিটি হাস্পতালৰ ক্ষেত্ৰত ICU আৰু ভেন্টিলেটৰৰ খৰচ মেট্ৰ'ত 12.5 লাখ আৰু 2 টায়াৰ চহৰত 9 লাখ টকা হ'ব ।

COVID-19 চিকিৎসাঃ ভাৰত বনাম অন্য ৰাষ্ট্ৰ
COVID-19 চিকিৎসাঃ ভাৰত বনাম অন্য ৰাষ্ট্ৰ

নিউজ ডেস্ক, 25 এপ্ৰিলঃ বহু হাস্পতাল,বিশেষকৈ ব্যক্তিগত খণ্ডত COVID-19 মহামাৰীৰৰ সেৱাৰ বাবে আন্তঃগাঠনিৰ সালসলনি কৰা হৈছে,আছুতীয়া কোঠাৰ ব্যৱস্থা কৰা হৈছে । এই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হয় যে,কিমান ব্যয় হ'ব পাৰে চিকিৎসাৰ বাবে ।

ব্যক্তিগত খণ্ডৰ হাস্পতালত সাধাৰণ লোকৰ বাবে চিকিৎসা অধিক ব্যয়বহুল হ'ব । এতিয়ালৈ দাখিল কৰা তথ্যমতে ৰোগীৰ অৱস্থা আৰু ৰাজ্য অনুসৰি 50,000 টকাৰ পৰা 4.5 লাখ টকালৈ ব্য়য় হোৱাৰ সম্ভাৱনা আছে চিকিৎসাৰ নামত ।

ব্যক্তিগত খণ্ডৰ হাস্পতালত COVID-19 চিকিৎসাৰ বাবে কোঠাৰ নামত মেট্ৰ' চহৰত ব্যয় হ'ব 5 লাখ, দ্বিতীয় টায়াৰৰ ৰাজধানী চহৰত 3 লাখ আৰু তৃতীয় টায়াৰ চহৰত ইয়াৰ পৰিমান 2 লাখ পৰ্যন্ত । আনহাতে ব্যক্তিগত ছুপাৰ স্পেছিয়েলিটি হাস্পতালৰ কোঠাৰ বাবদ মেট্ৰ' চহৰত 8 লাখ আৰু 2 টায়াৰ চহৰত 7 লাখ পৰ্যন্ত খৰচ হ'ব।

ব্যক্তিগত ছুপাৰ স্পেছিয়েলিটি হাস্পতালৰ ক্ষেত্ৰত ICU আৰু ভেন্টেলেটৰৰ খৰচ মেট্ৰ'ত 12.5 লাখ আৰু 2 টায়াৰ চহৰত 9 লাখ টকা হ'ব । উপৰোক্ত খৰচৰ ধাৰণাটো 15 দিনৰ চিকিৎসাৰ সময়সীয়া হিচাপে ধৰি লোৱা হৈছে । বৰ্তমানলৈ ভাৰতত স্বাস্থ্য বীমাই সৰ্বাধিক 7 লাখ টকাৰ আৰোপ COVID-19 ৰ বাবে লাভ কৰিছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যয়ঃ

আমেৰিকান স্বাস্থ্য বীমা পৰিকল্পনাৰ এক অধ্যয়ন অনুসৰী দেশখনত হাস্পতালত ভৰ্তি হোৱা ৰোগীৰ গড় চিকিৎসা ব্যয় 30,000 ডলাৰ । আনহাতে সাধাৰণভাৱে COVID-19ৰ বাবে ভৰ্তি কৰোৱা ৰোগীৰ বাবদ ব্যয় হ'ব 9,763 ডলাৰ । ৰোগীৰ স্বাস্থ্যৰ অৱস্থা জটিল হলে এই ব্যয় 20000 ডলাৰ পৰ্যন্ত হ'ব পাৰে ।

ভেন্টিলেছনত ৰোগীক ভৰ্তি কৰি 96 ঘণ্টাৰ অধিক ৰাখিলে ব্যয় হ'ব 88,114 ডলাৰ । আৰু 96 ঘণ্টাতকৈ কম সময় ৰাখিলে 34,225 ডলাৰ খৰচ হ'ব ৷ আনহাতে FAIR স্বাস্থ্যৰ তথ্য অনুসৰি 6 দিনৰ হাস্পতালৰ গড় ব্যয় 73,3000 ডলাৰ ।

বৃটেইনঃ

বৃটেইনত চৰকাৰে বিনামূলীয়ৈকৈ কৰিছে COVID-19 ৰ পৰীক্ষা। তেওঁলোক বিশ্বৰ সৰ্বোৎকৃষ্ট স্বাস্থ্য সেৱাৰ দেশ। ব্যক্তিগত চিকিৎসালয়ত COVID-19 ৰ চিকিৎসা ব্যয় হ'ব 375 পাউণ্ড । ভাৰতীয় হিচাপৰ 33000 টকা ।

চীনঃ

কৰ'ণা ভাইৰাছৰ জন্মস্থান চীন । এই দেশত বিনামূলীয়ৈকৈ কৰিছে COVID-19 ৰ পৰীক্ষা আৰু চিকিৎসা । আনহাতে দেশখনৰ এখন আলোচনাত প্ৰকাশ কৰা অনুসৰি পৰীক্ষণৰ বাবে ব্যয় হয় 370 য়েন । আনহাতে চিকিৎসাৰ বাবে ব্যয় হয় 23000 য়েন ।

দক্ষিণ কোৰিয়াঃ

দক্ষিণ কোৰিয়াত স্বাস্থ্য বীমা সংস্থা আৰু চৰকাৰে যুটীয়াভাৱে বহন কৰে চিকিৎসাৰ ব্যয় ।

ইটালীঃ

বিশ্বৰ অন্যতম সৰ্বোৎকৃষ্ট স্বাস্থ্য সেৱাৰ দেশ । ইয়াত প্ৰতিদিনে ICUৰ চিকিৎসাৰ বাবে ব্যয় হয়,1200/1300 ইউৰো। আনহতে COVID-19 ৰোগী 2 সপ্তাহ থাকিলে চৰকাৰে 20000 ইউৰোৰ ৰাজসাহায্য প্ৰদান কৰে ।

জাৰ্মানীঃ

জাৰ্মানীত ব্যয় হয় 250 ইউৰো। বৰ্তমান চৰকাৰী স্বাস্থ্য বীমাই বহন কৰিছে এই ধন ।

শ্ৰীলংকাঃ

শ্ৰীলংকাত ব্যক্তিগত হাস্পতালত ব্যয় হয় 6000 টকা ।

পাকিস্তানঃ

চৰকাৰীভাৱে বিনামূলীয়া পৰীক্ষণৰ ব্যৱস্থা কৰিছে পাকিস্তানত । ব্যক্তিগত খণ্ডত এই ব্যয় 300-500 টকা ।

লগতে পঢ়কঃ COVID-19 সন্দৰ্ভত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী সকলৰ ভিডিঅ' কনফাৰেঞ্চ হৰ্ষবৰ্ধনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.