ETV Bharat / bharat

পুণেত কোভিড-১৯ ৰোগীৰ আত্মহত্যা - কৰ'ণা ভাইৰাছ মহামাৰী

পুণেৰ এটা কোৱাৰেণ্টাইন চেণ্টাৰত ছিপ লৈ আত্মহত্যা এগৰাকী কোভিড পজিটিভ ৰোগীৰ। কিছুদিন পূৰ্বে এই ভাইৰাছত আক্ৰান্ত হৈছিল লোকজন। বৰ্তমানলৈ জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ। ঘটনা সন্দৰ্ভত পুণে আৰক্ষীৰ তদন্ত অব্যাহত।

Covid-19 positive patient commits suicide in Pune
পুণেত কোভিড-১৯ ৰোগীৰ আত্মহত্যা
author img

By

Published : Jul 7, 2020, 1:59 PM IST

নিউজ ডেস্ক, ৭ জুলাইঃ মহাৰাষ্ট্ৰৰ পুণেৰ এটা কোৱাৰেণ্টাইন চেণ্টাৰত এগৰাকী ৬০ বছৰীয়া লোকে ছীপ লৈ আত্মহত্যা কৰে । কিছুদিন পূৰ্বে আত্মহত্যা কৰা লোকজন আৰু তেখেতৰ পুত্ৰৰ কোভিড-১৯ পজিটিভ পোৱা গৈছিল। ইয়াৰ পাছতে সোমবাৰে পুৱা প্ৰায় ১০ বজাত লোকজনে আত্মহত্যা কৰে ।

পুণে আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, কোন্ধৱা অঞ্চলৰ কোৱাৰেণ্টাইন চেণ্টাৰত সংঘটিত হয় এই ঘটনা । কিন্তু বৰ্তমানলৈ স্পষ্টভাৱে জানিব পৰা হোৱা নাই লোকজনৰ আত্মহত্যাৰ কাৰণ । সম্প্ৰতি ঘটনা সন্দৰ্ভত পুণে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে মহামাৰী কৰ'ণা ভাইৰাছত। এইপৰ্যন্ত ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২,১১,৯৮৭ গৰাকীলৈ বৃদ্ধি পাইছে। ইয়াৰে ৮৭,৬৮২ গৰাকী ৰোগী চিকিত্সাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ১,১৫,২৬২ গৰাকীয়ে। আনহাতে, এই মহামাৰীৰ ফলত মহাৰাষ্ট্ৰত মুঠ ৯,০২৬ গৰাকী ৰোগী মৃত্যুমুখত পৰিছে।

মহাৰাষ্ট্ৰৰ ভিতৰত মুম্বাই, থানে আৰু পুণেত অধিকসংখ্যক লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। বৰ্তমানলৈকে মুম্বাইত ৮৫,৭২৪ গৰাকী, থানেত ৪৯,৪৮৫ গৰাকী আৰু পুণেত ২৮,৯৬৬ গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ।

লগতে পঢ়ক : IFSCA ৰ অধ্যক্ষ হিচাপে নিযুক্ত ইনজেটী শ্ৰীনিবাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.