নিউজ ডেস্ক, ১ এপ্ৰিলঃ বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত ২ এপ্ৰিলৰ পুৱাভাগত ভিডিঅ' কনফাৰেঞ্চযোগে বৈঠকত বহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী। মহামাৰী COVID-19 কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি সেই সন্দৰ্ভত বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ।
উল্লেখ্য যে, ২ এপ্ৰিলৰ পুৱা ১১ বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী সমূহৰ লগত লক ডাউনৰ পাচত দেশসমূহত COVID-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা কিমানলৈ বৃদ্ধি পাইছে আৰু বৰ্তমান ৰাজ্যসমূহৰ পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰিব মোডীয়ে। তাৰোপৰি, প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২১ দিনৰ লক ডাউন সন্দৰ্ভতো আলোচনা কৰা হ'ব বুলি জানিবলৈ দিয়ে ।
আনহাতে, এই বৈঠকত উপস্থিত থাকিব পশ্চিম বংগৰ মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জী, পঞ্জাৱৰ মুখ্য়মন্ত্ৰী অমৰিন্দৰ সিং, মহাৰাষ্ট্ৰৰ মুখ্য়মন্ত্ৰী উদ্ধৱ ঠাকৰে,উত্তৰ প্ৰদেশৰ মুখ্য়মন্ত্ৰী যোগী আদিত্যনাথৰ লগতে আন বহু কেইগৰাকী নেতা।
লক ডাউনৰ পাচত প্ৰধানমন্ত্ৰী মোডী আৰু মুখ্যমন্ত্ৰীৰ মাজত ভিডিঅ' কনফাৰেঞ্চযোগে হোৱা এইখন দ্বিতীয়খন বৈঠক ।