ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ শিখ ধৰ্মাৱলম্বী লোকে ঘৰতে পালন কৰিব বৈশাখী উৎসৱ

author img

By

Published : Apr 11, 2020, 10:40 PM IST

জম্মু-কাশ্মীৰৰ শিখ ধৰ্মাৱলম্বী লোকে ঘৰতে পালন কৰিব বৈশাখী উৎসৱ ৷ আকাল তখটৰ আহ্বানত এই সিদ্ধান্ত গ্ৰহণ ৷

আকাল তখটৰ আহ্বান
জম্মু-কাশ্মীৰৰ শিখ ধৰ্মাৱলম্বী লোকে ঘৰতে পালন কৰিব বৈশাখী উৎসৱ

নেশ্যনেল ডেস্ক, 11 এপ্ৰিল : জম্মু-কাশ্মীৰৰ শিখ ধৰ্মাৱলম্বী লোকসকলে শনিবাৰে মন্তব্য় কৰে যে, আকাল তখটৰ আহ্বানত তেওঁলোকে ঘৰতে পালন কৰিব বৈশাখী উৎসৱ ৷ COVID-19 ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰিছে জম্মু-কাশ্মীৰৰ শিখ ধৰ্মাৱলম্বী লোকসকলে ৷

জম্মু-কাশ্মীৰৰ শিখ সংগঠনসমূহৰ এক যুটীয়া প্ৰতিবেদন অনুসৰি, "জাথেদাৰ শ্ৰী আকাল তখট ছাহিব অমৃতসৰৰ অনুৰোধ আৰু বৈশাখীত কোনো ধৰণৰ সমাৱেশ নকৰাৰ উদ্দেশ্যেই এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ লকডাউন মানি চলাৰ লগতে সকলোৱে নিজ নিজ ঘৰতে সেৱা-সৎকাৰ কৰিম ৷"

শিখ ইউনাইটেড ফ্ৰন্ট, শিৰোমনি আকালী দল, শিখ ৱেলফেয়াৰ চছাইটি, সেৱা চছাইটি, শিখ নৌজৱান সেৱা, শিখ ষ্টুডেন্ট ফেডাৰেছন আৰু জিলা গুৰুদ্বাৰ প্ৰবন্ধক সমিতিৰ সদস্যসকলে ফোনযোগে বাৰ্তালাপ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

উল্লেখ্য যে, 3 এপ্ৰিলৰ দিনা আকাল তখটে শিখ সম্প্ৰদায়ৰ লোকক ঘৰৰ পৰাই সেৱা-সৎকাৰ কৰাৰ লগতে বৈশাখী পালন কৰিবলৈ অনুৰোধ জনাইছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.