ETV Bharat / bharat

সামগ্ৰিক ভিত্তিত কোভিড-১৯ ৰ তথ্য

author img

By

Published : Jun 17, 2020, 11:33 PM IST

মহামাৰীৰ ৰূপ ধাৰণ কৰা কোভিড-১৯ ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৫৯৫০৬ জনলৈ বৃদ্ধি পাইছে । লগতে সুস্থ হোৱা ৰোগীৰ সংখ্যা ১৮৬৯৩৪ জনলৈ বৃদ্ধি হোৱাৰ লগতে মৃতকৰ সংখ্যা ১১৯০৩ জনলৈ বৃদ্ধি পায় ।

covid-19-news-from-across-the-nation
covid-19-news-from-across-the-nation

নিউজ ডেস্ক, ১৭ জুন : মহামাৰীৰ ৰূপ ধাৰণ কৰা কোভিড-১৯ ত আক্ৰান্ত ৰোগীৰ সংখ্যা দেশত ৩৫৯৫০৬ জনলৈ বৃদ্ধি পাইছে । লগতে সুস্থ হোৱা ৰোগীৰ সংখ্যা ১৮৬৯৩৪ জনলৈ বৃদ্ধি হোৱাৰ লগতে মৃতকৰ সংখ্যা ১১৯০৩ জনলৈ বৃদ্ধি পায় ।

কোভিড-১৯ সন্দৰ্ভত ভাৰতৰ কেইখনমান ৰাজ্যৰ শেহতীয়া তথ্যঃ

covid-19-news-from-across-the-nation
সামগ্ৰিক ভিত্তিত কোভিড-১৯ ৰ তথ্য

কৰ্ণাটক- কৰ্ণাটকত প্লাজমা থেৰাপিৰ জৰিয়তে কোভিড-১৯ ৰোগীক চিকিৎসা কৰাৰ অন্তত বুধবাৰে সুস্থ হৈ ৰোগী ঘৰলৈ উভতি আহে ।

মহাৰাষ্ট্ৰ- বুধবাৰে মুম্বাইত কোভিড-১৯ ত আক্ৰান্ত ৭ জন সুৰক্ষা কৰ্মীৰ মৃত্যু হয় । BMC ত থকা ১৫০০ সুৰক্ষা কৰ্মীৰ ভিতৰত ১১৪ গৰাকীয়ে কোভিড-১৯ ত আক্ৰান্ত হয় ।

ৰাজস্থান- ৰাজস্থানৰ কোটা জিলাখন বিগত দুমাহৰ পৰা ৰেড জ'ন এলেকা হিচাপে চিহ্নিত হৈ আছে । বুধবাৰে জিলাখনত এজনো লোক আক্ৰান্ত হোৱা নাই । মংগলবাৰে চিকিৎসালয়ৰ পৰা ১৯ জন ৰোগীক অব্যাহতি দিয়া হয় । তাৰে ১৬ জনেই কোটাৰ বুলি জানিব পৰা গৈছে ।

উত্তৰ প্ৰদেশ- বুধবাৰলৈ উত্তৰ প্ৰদেশত কৰ'ণা ৰোগীৰ সংখ্যা ১৪৭২৪ জনলৈ বৃদ্ধি হয় । মৃতকৰ সংখ্যা ৫৪৫ জনলৈ বৃদ্ধি হয় ।

উত্তৰাখণ্ড- ৰাজ্যখনত বুধবাৰে পুনৰ তিনিজন নতুন ৰোগী আক্ৰান্ত হয় । ইয়াৰ লগতে ৰাজ্যখনত কৰ'ণা ৰোগীৰ সংখ্যা ১৯৮৫ জনলৈ বৃদ্ধি হয় । তথ্য অনুসৰি ৰাজ্যখনত ১২৩০ জন ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে । বৰ্তমানেও ৭৫৫ জন ৰোগী চিকিৎসাধীন হৈআছে । মৃতকৰ সংখ্যা ২৫ জন ।

উৰিষ্যা- মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ মতে, সক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰতিখন গাঁও পঞ্চায়ত হোম কেয়াৰৰ সুবিধা স্থাপন কৰিছে । গ্ৰাম্যঞ্চলৰ সুবিধাৰ বাবে এই ব্যৱস্থা চৰকাৰৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.