ETV Bharat / bharat

ভাৰতত বিগত 24 ঘণ্টাত কৰ'ণা আক্ৰান্তৰ সংখ্যা 64,399 গৰাকী

author img

By

Published : Aug 9, 2020, 1:08 PM IST

ভাৰতত 21,53,011 গৰাকীলৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ বিগত 24 ঘণ্টাত ভাৰতত কৰ'ণাত আক্ৰান্ত হৈছে 64,399 গৰাকী ব্যক্তি ৷ আনহাত, বিগত 24 ঘণ্টাত এই ভাইৰাছত আক্ৰান্ত হৈ 861 গৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত 43,379 গৰাকীলৈ বৃদ্ধি হৈছে ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷

কৰ'ণা ভাইৰাছ
ভাৰতত বিগত 24 ঘণ্টাত কৰ'ণা আক্ৰান্তৰ সংখ্যা 64,399 গৰাকী

নিউজ ডেস্ক, 9 আগষ্টঃ দেওবাৰ অৰ্থাৎ বিগত 24 ঘণ্টাত মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে 64,399 গৰাকী ব্যক্তি ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে সদৰি কৰে এই কথা ৷ ভাৰতত এদিনত কৰ'ণা ভাইৰাছ আক্ৰান্ত হোৱা সংখ্যাৰ ভিতৰত বৰ্তমান পৰ্যন্ত এইটো সৰ্বোচ্চ সংখ্যা হিপাচে পৰিগণিত হৈছে বুলিও উল্লেখ কৰে৷ আনহাতে, বিগত 24 ঘণ্টাত ভাৰতত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 861 গৰাকী ব্যক্তি ৷ যাৰ পৰিপ্ৰেক্ষিতত ভাৰতত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 43,379 গৰাকীলৈ বৃদ্ধি পায় বুলিও উল্লেখ কৰে ৷

উল্লেখ্য যে, ভাৰতত বৰ্তমান পৰ্যন্ত কৰ'ণা আক্ৰান্তৰ সংখ্যা হৈছে 21,53,011 গৰাকীৰো অধিক ৷ তাৰ ভিতৰত 6,28,747 গৰাকী ব্যক্তিৰ দেহত এই ভাইৰাছ সক্ৰিয় হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে 14,80,885 গৰাকী লোক ৷

আনহাতে,দেশৰ ভিতৰতে কৰ'ণা আক্ৰান্তৰ ক্ষেত্ৰত সৰ্বাধিক ৰোগী থকা ৰাজ্য মহাৰাষ্ট্ৰত 1,47,355 গৰাকীলৈ বৃদ্ধি পাইছে ৷ তাৰোপৰি ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদ(ICMR)ৰ তথ্য অনুসৰি 8 আগষ্টত ভাৰতত 7,19,364 গৰাকী ব্যক্তিৰ কৰ'ণা টেষ্ট কৰা হয় ৷ যাৰ ফলত ভাৰতত বৰ্তমান পৰ্যন্ত 2.41 কোটিৰো অধিক ব্যক্তিৰ কৰ'মা টেষ্ট কৰা হয় বুলি সদৰি কৰে ৷

লগতে পঢ়কঃ কোজিকোডে বিমান দুৰ্ঘটনাৰ তদন্তৰ তথ্য ৰাজহুৱা কৰা হ'ব : হৰদ্বীপ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.