নিউজ ডেস্ক, 20 আগষ্ট : কৰ্ণাটকত বুধবাৰে এদিনত কৰ‘ণা ভাইৰাছত সৰ্বাধিক লোক আক্ৰান্ত হৈছে ৷ কেৱল বুধবাৰৰ দিনটোত কৰ্ণাটকত 8,642 গৰাকী লোক কৰ‘ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ ইয়াৰ লগতে ৰাজ্যখনত কৰ‘ণাত আক্ৰান্ত লোকৰ সংখ্যা 2.49 লাখলৈ বৃদ্ধি হৈছে ৷ কেৱল বুধবাৰৰ দিনটোত 7,201 গৰাকী কৰ‘ণাত আক্ৰান্ত লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷ ৰাজ্যখনৰ স্বাস্থ্য বিভাগে সদৰি কৰিছে এই তথ্য ৷
উল্লেখ্য যে, ৰাজ্যখনত কৰ‘ণাত আক্ৰান্ত হৈ নতুনকৈ 126 গৰাকী লোকৰ মৃত্যু হৈছে আৰু ইয়াৰ লগতে মুঠ মৃত লোকৰ সংখ্যা 4,327 গৰাকীলৈ বৃদ্ধি হৈছে ৷ ৰাজ্যখনত এতিয়াও চিকিৎসাধীন অৱস্থাত আছে 81, 097 গৰাকী ক'ভিড-19 ত আক্ৰান্ত লোক ৷ কৰ্ণাটকত এই পৰ্যন্ত কৰ‘ণা ভাইৰাছৰ পৰা আৰোগ্য হৈছে 1.64 লাখ লোক ৷
লগতে পঢ়ক : আদানী গ্ৰুপক লীজত দিয়া হ'ব দেশৰ তিনিটা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ