ETV Bharat / bharat

বিগত ২৪ ঘণ্টাত দেশজুৰি কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি ২০,৯০৩ গৰাকী - তামিলনাডু

শুকুৰবাৰে অৰ্থাৎ বিগত ২৪ ঘণ্টাত কৰ'ণা আক্ৰান্ত হৈছে ২০,৯০৩ গৰাকী ব্যক্তি । যাৰ পৰিপ্ৰেক্ষিতত ভাৰতত বৰ্তমান পৰ্যন্ত কৰ'ণা আক্ৰান্তৰ সংখ্যা ৬,২৫,৫৪৪ গৰাকীলৈ বৃদ্ধি পায় বুলি সদৰি কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে ।

কৰ'ণা ভাইৰাছ
কৰ'ণা ভাইৰাছ
author img

By

Published : Jul 3, 2020, 2:25 PM IST

নিউজ ডেস্ক, ৩ জুলাইঃ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি শুকুৰবাৰে তথা বিগত ২৪ ঘণ্টাত ২০,৯০৩ গৰাকী ব্যক্তিৰ দেহত COVID-19ত আক্ৰান্ত হয় বুলি সদৰি কৰে । শুকুৰবাৰে আক্ৰান্ত হোৱা এই সংখ্যা এদিনত কৰ'ণা আক্ৰান্ত সংখ্যাৰ হিচাপত বৰ্তমান পৰ্যন্ত সৰ্বাধিক বুলি উল্লেখ কৰে স্বাস্থ্য মন্ত্ৰণালয়ে ।

COVID-19
বিগত ২৪ ঘণ্টাত দেশজুৰি কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি ২০,৯০৩ গৰাকী

এই নতুন সংখ্য়াৰে ভাৰতত COVID-19ত আক্ৰান্তৰ সংখ্যা ৬,২৫,৫৪৪ গৰাকীলৈ বৃদ্ধি পায় বুলি উল্লেখ কৰে । লগতে দেশজুৰি ২,২৭,৪৩৯ গৰাকীৰ দেহত বৰ্তমানেও কৰ'ণা সক্ৰিয় হৈ থকাৰ বিপৰীতে ৩,৭৯,৮৯২ গৰাকী ৰোগী আৰোগ্য হৈছে বুলি সদৰি কৰে । লগতে বিগত ২৪ ঘণ্টাত কৰ'ণা আক্ৰান্ত হৈ ৩৭৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতত বৰ্তমান পৰ্যন্ত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৮,২১৩ গৰাকীলৈ বৃদ্ধি পায় ।

আনহাতে, স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি দেশৰ ভিতৰত COVID-19ৰ দ্বাৰা সকলতকৈ অধিক প্ৰভাবিত ৰাজ্য হৈছে মহাৰাষ্ট্ৰ । মহাৰাষ্ট্ৰত বৰ্তমান পৰ্যন্ত কৰ'ণাত ১,৮৬,৬২৬ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮,১৭৮ গৰাকী লোক ।

তাৰোপৰি তামিলনাডু হৈছে দ্বিতীয় সৰ্বাধিক ক্ষতিগ্ৰস্থ ৰাজ্য । ৰাজ্যখনত ৯৮,৩৯২ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ১,৩২১ গৰাকী লোকৰ । তৃতীয় স্থানত থকা দিল্লীত কৰ'ণা আক্ৰান্তৰ মুঠ সংখ্যা ৯২,১৭৫ বৃদ্ধি পায় । আনহাতে এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ২,৮৬৪ গৰাকী লোকৰ ।

লগতে চাওকঃ তেলেংগানাত ৩ গৰাকী আৰক্ষী বিষয়া কৰ'ণা মুক্ত,পুনৰ নিয়োজিত ফায়াৰিং ৰেঞ্জত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.