ETV Bharat / bharat

দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাই আছে কোভিড 19 আক্ৰান্ত হোৱা লোকৰ সংখ্যা - ভাৰত

বিশ্বৰ কোভিড ১৯ আক্ৰান্তৰ দেশৰ তালিকাত শীৰ্ষ চতুৰ্থ স্থানত আছে ভাৰত । আমেৰিকা,ব্ৰাজিল,ৰাছিয়াৰ পাছতেই এই স্থানত আছে ভাৰত ।

COVID 19 INDIA TRACKER
দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাই আছে কোভিড 19 আক্ৰান্ত হোৱা লোকৰ সংখ্যা
author img

By

Published : Jun 22, 2020, 7:22 AM IST

নিউজ ডেস্ক,22 জুনঃ দেওবাৰৰ দিনটোত ভাৰতত সৰ্বাধিক 15,158 গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ ৰ অৱস্থিতি । ইয়াৰে 9,069 গৰাকী লোক দেওবাৰে আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যু হৈছে 426 গৰাকী ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সোমবাৰলৈ দেশত 4,26,910 গৰাকীলৈ বৃদ্ধি পাইছে ক'ভিড-19 আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ ইয়াৰে 2,37,252 গৰাকী লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যু হৈছে 13,703 গৰাকীলৈ ৷ আনহাতে সক্ৰিয় হৈ আছে 1,75,904 টা ঘটনা ৷

COVID 19 INDIA TRACKER
দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাই আছে কোভিড 19 আক্ৰান্ত হোৱা লোকৰ সংখ্যা

দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক 1,32,075 গৰাকী লোক আক্ৰান্ত হৈছে কোভিড 19 ত ৷ ইয়াৰে 65,744 গৰাকী লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যু হৈছে 6,170 গৰাকীৰ ৷ মহাৰাষ্ট্ৰৰ পাছতেই ৰাজধানী দিল্লী আৰু তামিলনাডুত বৃদ্ধি পাইছে ক'ভিড-19 আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ ৰাজ্য দুখনত ক্ৰমে 59 হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে ক'ভিড 19 ত ৷ আনহাতে মৃত্যু হৈছে ক্ৰমে 2,175 আৰু 757 গৰাকী লোকৰ ৷

লগতে চাওকঃ দিল্লীৰ কোভিড-১৯ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অমিত শ্বাহৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.