নিউজ ডেস্ক, 8 এপ্ৰিলঃ দেশত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৷ কৰ'ণা ৰোগীৰে ভৰি পৰিছে চিকিৎসালয়সমূহ ৷ যিসকল ব্যয়োজেষ্ঠ অথবা পূৰ্বতে হৃদজনিত, হাঁওফাও, লিভাৰজনিত ৰোগত আক্ৰান্ত বা যিসকলৰ ৰোগ প্ৰতিৰোধক ক্ষমতা কম তেওঁলোকে চিকিৎসকৰ উপদেশ মানি হাস্পতালত থকাটো অতি আৱশ্যকীয় ৷
কিন্তু ইয়াৰ ভিতৰতো বহু লোকৰ শৰীৰত সামান্য পৰিমাণৰ কৰ'ণা লক্ষণে দেখা দিয়ে তেওঁলোকক ঘৰতে ৰাখি সুস্থ কৰি তোলাৰ সম্ভাৱণা আছে ৷ কম পৰিমাণে COVID 19 ৰ লক্ষণে দেখা দিয়া ৰোগীসকলক সুস্থ কৰি তোলাটোও এক প্ৰকাৰৰ প্ৰত্যাহ্বান ৷
কৰ'ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ তলত কেইটামান সতৰ্কতা উল্লেখ কৰা হ'ল..
লগতে পঢ়কঃ কোভিড-19ৰ সন্ত্ৰাসৰ মাজতে পাকিস্তানে অব্যাহত ৰাখিছে অবৈধ অনুপ্ৰৱেশ
- কৰ'ণা ভাইৰাছৰ লক্ষণসমূহৰ পৰা ব্যক্তিজনৰ আঁতৰাই ৰখা ৷
- ব্যক্তিজনক আছুতীয়াকৈ বায়ু চলাচল কৰা এটা কোঠা আৰু বাথৰূম প্ৰদান কৰা ৷
- অন্য লোকসকলে আক্ৰান্ত ব্যক্তিজনৰ পৰা দূৰত্ব বজাই ৰখাৰ লগতে যদিহে সম্ভৱপৰ হয় তেন্তে ৰোগীজনৰ পৰা 1 মিটাৰৰ ব্যৱধান ৰাখি বেলেগ বিচনাত শোৱা উচিত ৷
- কেৱল এজন মানুহে ৰোগীজনৰ স্বাস্থ্যৰ যতন লোৱাৰ লগতে অন্য লোকসকলে ৰোগীজনৰ পৰা দূৰত্ব বজাই ৰখা উচিত ৷
- যিগৰাকী ব্যক্তিয়ে ৰোগীজনৰ স্বাস্থ্যৰ যতন লয় তেওঁ পৰিষ্কাৰ-পৰিচন্নতা বজাই ৰখাৰ লগতে ৰোগীৰ সংস্পৰ্শত অহাৰ পাছতে ব্যক্তিজনে প্ৰায়ে নিজৰ হাত চাবোন পানীৰে ধুই থকাটো উচিত ৷
- চাবোন পানীৰে হাত ধোৱাৰ পাছতে কেৱল এবাৰ ব্যৱহাৰ কৰা তাৱেলেৰে হাতখন শুকুৱাটো অতি গুৰুত্বপূৰ্ণ ৷ বিশ্ব স্বাস্থ্যই সংস্থাই প্ৰদান কৰা পৰামৰ্শ অনুসৰি ৰোগী আৰু ৰোগীৰ যত্ন লোৱা লোকজনে মুখত মাস্ক লগাই ৰখাটো উচিত ৷
- ৰোগীয়ে ব্যৱহাৰ কৰা বাচন-বৰ্তনৰ লগতে বিচনা চাদৰ ইত্যাদি সকলো সামগ্ৰী সুকীয়াকৈ ৰখাৰ লগতে বিচনা চাদৰ তাৱেল সকলো আছুতীয়াকৈ চাবোন পানীৰে ধুব লাগে ৷
- কেঁচুৱাক নিজৰ গাখীৰ পান কৰোৱা মাতৃসকলে গাখীৰ খোওৱাৰ সময়ত স্মাক পৰিধান কৰাটো অত্যন্ত প্ৰয়োজনীয় ৷
- যদিহে ৰোগীয়ে কোনো ধৰনৰ সামগ্ৰী হাতেৰে স্পৰ্শ কৰে তেন্ত সেইটো চেনিটাইজ কৰিহে পুনৰ স্পৰ্শ কৰা উচিত ৷
ৰোগীয়ে যথোপযুক্ত বিশ্ৰাম কৰাৰ লগতে পুষ্টি থকা আৰু জুলীয়া খাদ্য সেৱন কৰিব লাগে ৷
উল্লেখ্য যে, ৰোগৰ লক্ষণসমূহ পৰ্যবেক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ ৷ কিছু লোকৰ ক্ষেত্ৰত এই ৰোগে অতি কম প্ৰভাৱ পেলাই যদিও কোনো কোনো ক্ষেত্ৰত অতি ভয়াৱহ ৰূপ লোৱাও পৰিলক্ষিত হৈছে ৷ যদিহে কোনো লোকে উশাহ-নিশাহত কষ্ট পায় তেন্তে শীঘ্ৰেই তেওঁলোকক চিকিৎসকৰ কাষলৈ লৈ যাওক ৷
লগতে পঢ়কঃ কোভিড-19ত আক্ৰান্ত হৈ ভাৰতীয় মুলৰ আমেৰিকান সাংবাদিকৰ মৃত্যু