ETV Bharat / bharat

কোভিড-19 : ঘৰতে প্ৰস্তুত কৰা মাস্ক পিন্ধিবলৈ নিৰ্দেশনা চৰকাৰৰ

author img

By

Published : Apr 4, 2020, 6:39 PM IST

কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা জাৰি দেশবাসীলৈ ৷ ঘৰতে মাস্ক প্ৰস্তুত কৰি পিন্ধিবলৈ নিৰ্দেশ ৷

কোভিড-19
ঘৰতে প্ৰস্তুত কৰা মাস্ক পিন্ধিবলৈ নিৰ্দেশনা চৰকাৰৰ

নেশ্যনেল ডেস্ক, 4 এপ্ৰিল : ভাৰতত দিনে দিনে দ্ৰুত হাৰত কোভিড-19 ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ঘৰতে প্ৰস্তুত কৰা মাস্ক পিন্ধিবলৈ জনতাক নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ বিশেষকৈ ঘৰৰ পৰা ওলাই অহাৰ সময়ত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা ৷

মুখমণ্ডল সুৰক্ষিত কৰি ৰাখিব পৰাকৈ ঘৰতে প্ৰস্তুত কৰি এনে মাস্ক পিন্ধিবৰ বাবে নিৰ্দেশনা জাৰি কৰি কেন্দ্ৰীয় চৰকাৰে কয়, "এনেধৰণৰ মাস্ক ব্যৱহাৰ কৰাৰ ফলত প্ৰতিজন লোকে নিজ নিজ সমূদায়ক সুৰক্ষিত কৰিবলৈ সক্ষম হ'ব ৷ বহুকেইখন দেশে এনেদৰে মাস্ক প্ৰস্তুত কৰি সাধাৰণ লোকক উপকৃত কৰা পৰিলক্ষিত হৈছে ৷"

উল্লেখ্য যে, শনিবাৰ পৰ্যন্ত দেশত কোভিড-19 ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 2,902 হোৱাৰ লগতে মৃত্যু হৈছে 68 জনৰ ৷

আমেৰিকাত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে সকলো নাগৰিককে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ বাবে মাস্ক প্ৰস্তুত কৰি ব্য়ৱহাৰ কৰিবলৈ আহ্বান জনাইছে ৷ এনে মাস্কসমূহ ঘৰতে প্ৰস্তুত কৰাৰ লগতে অনলাইন ক্ৰয় কৰিব পৰা ব্যৱস্থাও কৰা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.