ETV Bharat / bharat

COVID-19: খেতিয়কক কিদৰে 250 লাখ কুইন্টল বীজ যোগান ধৰা হ'ব ? - Indian seeds

কৰ'ণা মহামাৰীৰ বাবে বৰ্তমান দেশত বীজ উৎপাদনৰ পৰা পেকেজিঙলৈ সকলো প্ৰক্ৰিয়া বিফল পৰিলক্ষিত হৈছে ৷ কৃষকৰ বাবে ভাৰত আজি চহকী হৈ আছে কিন্তু এনেধৰণে চলি থাকিলে কৃষকসকলক ৰক্ষা কৰিবলৈ কেন্দ্ৰই শীঘ্ৰে পদক্ষেপ ল'ব লাগিব ৷ এই সময়ছোৱাত সকলোৰে বাবে প্ৰথম প্ৰশ্নটো হৈছে কিদৰে বাৰিষা কালৰ বাবে খেতিয়কক 250 লাখ কুইন্টল প্ৰদান কৰা হ'ব ৷

কৰ'ণা ভাইৰাছৰ ফলত উপায়হীন হৈ পৰিছে দেশৰ কৃষক

author img

By

Published : Apr 6, 2020, 5:09 PM IST

নিউজ ডেস্ক, 6 এপ্ৰিলঃ আমাৰ অস্তিত্ব কৃষি-কৰ্মৰ ওপৰত নিৰ্ভৰশীল ৷ কিন্তু এই সংকটৰ সময়চোৱাত ক্ৰমাৎ অস্তিত্বহীন হৈ পৰিছে দেশবাসী ৷ কৰ'ণা ভাইৰাছৰ ফলত উপায়হীন হৈ পৰিছে দেশৰ কৃষক ৷ আগন্তুক সময়চোৱাৰ বাবে দেশক 250 লাখ কুইন্টলৰ বীজৰ আৱশ্যক কিন্তু আমাৰ শস্যৰাজী মানদণ্ড কেনে হ'ব এয়া চৰকাৰী আৰু বেচৰকাৰী সংগঠনসমূহে ভাৰতৰ কৃষকসকলক যোগান ধৰা বীজসমূহৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰে ৷ কিন্তু কৰ'ণা ভাইৰাছৰ স'তে যুঁজ দি থকা সময়ত , আগন্তুক বাৰিষা কালৰ বাবে খেতিয়কলৈ ভাল মানদণ্ডৰ বীজ সময়ত উৎপাদন কৰাটো এক প্ৰকাৰৰ অসম্ভৱ ৷

কৰ'ণা ভাইৰাছৰ ফলত উপায়হীন হৈ পৰিছে দেশৰ কৃষক

বাৰিষা কালৰ বাবে ভাৰতক প্ৰায় 250 লাখ কুইন্টলৰ বীজৰ আৱশ্যক ৷ এই বীজৰ বাবে মাৰ্চৰ পৰা মে' মাহলৈ প্ৰস্তুতি আৰম্ভ হয় ৷ খেতি পথাৰত পৰাগ-ৰেণুসমূহৰ বিশেষ দলৰ দ্বাৰা পৰ্যবেক্ষণ কৰা হ'ব ৷ তাৰ পিছত বীজখিনি শুকাই পৰৱৰ্তী প্ৰক্ৰিয়াৰ বাবে প্ৰেৰণ কৰা হ'ব ৷ পৰীক্ষাগাৰত বীজসমূহ দি অৱশেষত কৃষকলৈ প্ৰেৰণ কৰা হয় ৷ বীজ উৎপাদনৰ প্ৰক্ৰিয়াটোৰ বাবে কিছু সময়ৰ প্ৰয়োজন হয় ৷ এই সময়ছোৱাত বীজসমূহ বাৰে বাৰে স্থানান্তৰ কৰাটো অসম্ভৱ ৷ বীজ উৎপাদন,পৰিবহণৰ পৰা পৰীক্ষাগাৰলৈ আৰু পেকেজিং কৰালৈ অতি জটিল প্ৰক্ৰিয়া ৷

কৰ'ণা মহামাৰীৰ বাবে বৰ্তমান দেশত বীজ উৎপাদনৰ পৰা পেকেজিঙলৈ সকলো প্ৰক্ৰিয়া বিফল পৰিলক্ষিত হৈছে ৷ কৃষকৰ বাবে ভাৰত আজি চহকী হৈ আছে কিন্তু এনেধৰণে চলি থাকিলে কৃষকসকলক ৰক্ষা কৰিবলৈ কেন্দ্ৰই শীঘ্ৰে পদক্ষেপ ল'ব লাগিব ৷ এই সময়ছোৱাত সকলোৰে বাবে প্ৰথম প্ৰশ্নটো হৈছে কিদৰে বাৰিষা কালৰ বাবে খেতিয়কক 250 লাখ কুইন্টল বীজ প্ৰদান কৰা হ'ব ৷

পোনপ্ৰথমে চৰকাৰে অধিসূচনা জাৰি কৰাৰ পাছতো আৰক্ষীয়ে বীজ উৎপানৰ দোকানসমূহ, খেতিৰ লগত জৰিত উদ্যোগসমূহ বন্ধ কৰিবলৈ কৰ্মচাৰীসকলক হেচা প্ৰয়োগ কৰি আহিছে ৷ এই সমস্যাসমূহ দূৰ কৰাটো অতি প্ৰয়োজনীয় ৷ এই ক্ষেত্ৰত চৰকাৰে কেৱল অধিসূচনা জাৰি কৰাটোৱে যথেষ্ট নহয় ৷

ইয়াৰোপৰি কৃষি মন্ত্ৰণালয়, কৃষক কল চেন্টাৰ, হেল্পলাইন নম্বৰৰ জৰিয়তে কৃষকসকলে বিভিন্ন ধৰণে সামাজিক দূৰত্ব বজাই ৰখা, খেতি পথাৰৰ চাফ-চিকুণতা কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে সজাগতা প্ৰদান কৰাত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ আৰু ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়সমূহে পদক্ষেপ গ্ৰহণ কৰিব লাগে ৷

আনহাতে বীজসমূহ সুস্থিৰভাৱে খেতি পথাৰলৈ অনা, পৰৱৰ্তী সময়ত ফছলসমূহ চহৰসমূহৰ লগতে যি যি স্থানলৈ পঠিয়াব লাগে সেই স্থানলৈ স্থানান্তৰ কৰাৰ ক্ষেত্ৰত ভাৰতীয় ৰেলে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিব লাগে ৷ ৰেলৰ পেছেঞ্জাৰ শ্ৰেণী আৰু এ চি শ্ৰেণী সমূহতো কম পৰিমাণৰ সামগ্ৰী পৰিবহনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি ৷

আনহাতে বীজ উদ্যোগটো পেকেজিঙৰ ওপৰটো নিৰ্ভৰশীল সেয়ে পেকেজিং উদ্যোগসমূহকো কাম কৰাৰ অনুমতি প্ৰদান কৰিব লাগে ৷ এই সময়চোৱাত সকলোৱে এটা উচিত নিৰ্ণয় ল'ব লাগে যাতে COVID-19 য়ে দেশৰ কৃষি আৰু খাদ্য সামগ্ৰী যোগান ব্যৱস্থাত প্ৰভাৱ পেলাব নোৱাৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.