ETV Bharat / bharat

কৰ’ণা ভাইৰাছ : গোৱাত সংস্থাপন কৰা হ’ব উন্নত মানৰ কিঅস্ক মেচিন - কিঅস্ক মেচিন

গোৱাৰ ৰাজ্যিক চৰকাৰে উন্নত প্ৰযুক্তিৰে তৈয়াৰী কিঅস্ক মেচিনৰ দ্বাৰা কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্তসকলক চিনাক্ত কৰিব ৷ ইণ্ডিয়ান মেডিকেল কাউন্সিল ফৰ ৰিচাৰ্ছৰ নীতি অনুসৰি নিৰ্মিত কিঅস্ক মেচিনসমূহ বিভিন্ন স্থানত সংস্থাপন কৰা হ’ব ৷

গোৱাত সংস্থাপন কৰা হ’ব উন্নত মানৰ কিঅস্ক মেচিন

author img

By

Published : Apr 13, 2020, 11:01 AM IST

নিউজ ডেস্ক, 13 এপ্ৰিলঃ কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকসকলৰ পৰীক্ষণৰ বাবে গোৱাত সংস্থাপন কৰা হ’ব state-of-the-art গুণাগুণ সম্পন্ন কিঅস্ক (kiosks) মেচিন ৷ ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদৰ নীতি অনুসৰি তৈয়াৰী এইসমূহ মেচিন ৰাজ্যখনৰ বিভিন্ন স্থানত সংস্থাপন কৰা হ’ব বুলি জনাইছে গোৱাৰ স্বাস্থ্য মন্ত্ৰী বিশ্বজিৎ ৰানে ৷

ৰাজ্যখনত এতিয়ালৈকে দুগৰাকী সক্ৰিয় কোভিড-19 আক্ৰান্ত ৰোগী আছে ৷ কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা আলোচনাৰ অন্তত ৰাজ্যখনে এইসমূহ মেচিন সংস্থাপন কৰাৰ কথা প্ৰকাশ কৰে ৷ এইসমূহ অত্যাধুনিক মেচিনৰ দ্বাৰা ৰাজ্যখনত কম সময়ৰ ভিতৰত অধিক লোকৰ পৰীক্ষণ সম্পন্ন কৰিব পৰা যাব বুলি কয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৷

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, লকডাউনৰ সময়ত বন্ধ কৰি ৰখা কুইপেম, নেট্ৰাভেলি (চাংগুৱেম), আগোন্দা (কানকোনা), থানে (চাট্টাৰি), পালি (চানখালিম) আৰু কেৰি (চাট্টাৰি) গ্ৰাম্য ঔষধালয়সমূহ পুনৰ মুকলি কৰি দিয়া হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.