ETV Bharat / bharat

উপভোক্তাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে নতুন পদক্ষেপ - ড° এম বুচিয়াহ

ড° এম বুচিয়াহ

ড° এম বুচিয়াহ, Consumer to be put on the highest pedestal!!
উপভোক্তাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে নতুন পদক্ষেপ
author img

By

Published : Jan 19, 2020, 10:33 PM IST

নতুন আইনে আমাৰ সমস্যা সমাধান কৰিব পাৰিব নে?

অৰ্থনৈতিক উদাৰীকৰণ আৰু বিশ্বায়নৰ এই সময়ছোৱাত উপভোক্তাৰ এক গুৰুত্বপূৰ্ণ ভুমিকা আছে । সামগ্ৰী বা উৎপাদনৰ যিহেতু বিশালভিত্তিত বিক্ৰী বাঢ়িছে, হব পৰা লোকচান আৰু ঠগ প্ৰবঞ্চনাৰ বিৰুদ্ধেও ব্যবস্থা লোৱাৰ সময় আহি পৰিছে । যিহেতু, উপভোক্তাৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে ব্যবস্থা লোৱা হৈছে, সমান্তৰালভাৱে উপভোক্তাক তেওলোকৰ অধিকাৰৰ বিষয়ে সতৰ্ক কৰাতোও প্ৰয়োজন । বেছিসংখ্যক উপভোক্তা তেওলোকৰ অধিকাৰৰ বিষয়ে সতৰ্কিত নহয়, বিশেষকৈ গ্ৰাম্যাঞ্চলৰ উপভোক্তাসমুহ । যোৱা বছৰ চৰকাৰে উপভোক্তাৰ সুৰক্ষা আইন,১৯৮৬ ৰ ক্ষেত্ৰত কিছু পৰিবৰ্তন আনিবলৈ নতুন বিল এখন প্ৰস্তাৱিত কৰিলে । ২০১৯ বৰ্ষৰ ৯ আগষ্ট তাৰিখে বিলখন ৰাষ্ট্ৰপতিৰ দ্বাৰা স্বাক্ষৰিত হ'ল । উপভোক্তাৰ অধিকাৰৰ সুৰক্ষা, অনৈতিক ব্যৱসায় ৰোধ কৰা, অভিযোগ দৰ্খাস্তকৰনৰ ব্যবস্থা, ইণ্টাৰনেটযোগে লেন-দেনৰ ব্যৱস্থা তথা ব্যৱসায় , এই আটাইবোৰ নতুন আইনখনে অন্তৰ্ভুক্ত কৰিছে । উপভোক্তাৰ সবলীকৰনৰ ক্ষেত্ৰত এই নতুন আইনখন যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ " য়ু এছ ফেদৰেশ্যন ট্ৰেড কমিছন" আৰু অষ্ট্ৰেলিয়াৰ "অষ্ট্ৰেলিয়ান কনজিউমাৰ এণ্ড কমিছনে" উপভোক্তাৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে । উপভোক্তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন পৰিষদ গঠন কৰা হৈছে । তাৰ লগতে উপভোক্তাৰ অধিকাৰৰ সুৰক্ষা আৰু অনৈতিক ব্যৱসায় ৰোধ কৰাৰ কাৰণে এই আইনখনৰ অধীনত উপভোক্তাৰ সুৰক্ষা কৰ্তৃপক্ষ এখন আছে । এজন মুখ্য আয়ুক্ত তথা উপ আয়ুক্তৰ অধীনত এই কামখিনি চলিব । নিৰ্দেশক এজনৰ দ্বায়িত্বত অনুসন্ধান বিভাগ চলিব আৰু এই বিভাগৰ ৰেইড তথা অন্য কিছু ক্ষমতা থাকিব । যদি কোনো ধৰণৰ অনৈতিক ব্যৱসায় তথা অধিকাৰ ভংগৰ কিবা উমান পোৱা যায়, প্ৰতিবেদন দাখিল কৰা যাব । নতুন আইনখনে আনকি উপভোক্তা পৰিষদৰ ওপৰতো কিছু সীমবদ্ধতা আনিছে । জিলাভিত্তিত গঠন হোৱা পৰিষদবোৰে অকল ১ কোটি টকালৈকেহে অভিযোগ বা কেছ লব পাৰিব।ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিষদবোৰে ১০ কোটিৰ অভিযোগ পৰ্যন্ত লব পৰিব । জিলভিত্তিক পৰিষদত শুনানি হোৱাৰ পিছত , সেই ৰায় ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰিষদত পুনৰ আবেদন কৰিব পাৰিব । আগৰ ৰায়ক পুনৰিক্ষণ কৰিব পৰা ক্ষমতাও ৰাজ্যিক পৰিষদৰ আছে । নীতি-নিয়ম ভংগ কৰাসকলৰ বিৰুদ্ধে জৰিমনাসহ শাস্তিৰ ব্যবস্থা আছে । অবাস্তৱ কথা বা বিজ্ঞাপনৰ জৰিয়তে উপভোক্তাক আভুৱা ভৰিব খুজিলে ১০ লাখলৈকে জৰিমনা বিহা হব পাৰে । ভুৱা বিজ্ঞাপন বা তেনেকুৱা ধৰণৰ কাৰ্যত কোনো তাৰকা জৰিত থাকিলে অন্য বিজ্ঞাপনৰ পৰা তেওক নিষিদ্ধ কৰা যাব । যদি সেই নিয়মাৱলী কোৱা ধৰণেই প্ৰযোজ্য হোৱা দেখা নাযায়, ছমাহ পৰ্যন্ত জেল আৰু ২০ লাখলৈকে জৰিমনা ভৰাৰ সম্ভাৱনীয়তা আছে । সামগ্ৰীৰ উৎপাদক তথা সেৱা প্ৰদান কৰোতা উভয়ে জেল তথা জৰিমনা ভৰাৰ সন্মুখীন হব লাগিব । বিভিন্ন সংঘাতবোৰৰ সমাধান উলিয়াবলৈ মধ্যস্থতা কেন্দ্ৰসমুহ স্থাপন কৰা হৈছে, উদ্দেশ্য এটাই যাতে সোনকালে যিকোনো সংঘাতৰ সমাধান এটা উলিয়াব পাৰি । নিৰ্ধাৰিত সময়ৰ ভিতৰত সমাধান নোলালে জিলভিত্তিক পৰিষদবোৰে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰিষদক আবেদন কৰিব পাৰে । নতুন আইনৰ অধীনত উপভোক্তাই যিকোনো ঠাইৰ পৰা তেওঁলোকৰ সমস্যাসমুহ অনলাইন যোগে দৰ্খাস্ত কৰিব পাৰে। উপভোক্তাৰ সুবিধাৰ্থেই এই আইনখন ডিজাইন কৰা হৈছে । সামগ্ৰী বা বস্তুৰ সংজ্ঞা ১৯৮৬ চনৰ আইনখনত অন্তৰ্ভুক্ত কৰা হৈছিল । যদি উপভোক্তাক সেৱা প্ৰদানৰ ক্ষেত্ৰত পলম হয়, ক্ষতিপূৰণ দিব লাগিব । এই ৰায় প্ৰদান কৰা গৈছিল ললিত কুমাৰ বনাম কৃষ্ণ কেছত । চাৰিঘন্টা সময় এজন উপভোক্তাক ৰখায় থোৱা কাৰণে এবাৰ ৩৫০০০ টকাৰ ক্ষতিপূৰণ দিব লগা হৈছিল । নিৰ্দ্ধাৰিত সময়সীমাৰ ভিতৰত উপভোক্তাৰ কেছ সমাধা হব লাগিব । ইয়েই উৎপাদক আৰু বিক্ৰেতাক দ্বায়ীত্বশীলভাৱে কাম কৰাব । সৰু ল'ৰা-ছোৱালীক উদ্দেশ্যি বনোৱা অনিষ্টকৰ খাদ্যবস্তুবোৰৰ বিজ্ঞাপনৰ ওপৰত কিছু সীমাবদ্ধতা থাকিব লাগিব । উপভোক্তাৰ সুৰক্ষা সন্দৰ্ভীয় বিভিন্ন আলোচনা চক্ৰ চৰকাৰী পূজি প্ৰাপ্ত সংস্থাবোৰৰ জৰিয়তে হব লাগিব, বিশেষকৈ বিস্ববিদ্যালয়, মহাবিদ্যালয় তথা বিদ্যালয়সমূহত । সামগ্ৰীৰ মানদণ্ড পৰীক্ষা কৰাৰ কাৰণে পৰীক্ষাগাৰ স্থাপনৰ কথাও বিবেচনা কৰা হৈছে । কেইটামান বিশেষ স্তৰ পাৰ হোৱাৰ পিছতহে সামগ্ৰী বজাৰত উলিয়াই দিয়াতো উপভোক্তাৰ কাৰণে উপযুক্ত হ'ব । চৰকাৰৰ আইন বা নিয়ম প্ৰনয়নৰ দ্বায়িত্ব আৰু নৈতিকতাৰ ক্ষেত্ৰত উপভোক্তাৰ অংশগ্ৰহণ যথেষ্ট কঠিন ৷ সদৌ শেষত এটাই কথা, উপভোক্তাৰ অধিকাৰৰ ক্ষেত্ৰত নতুন আইনখন ইতিবাচক । যদিহে কোনো উপভোক্তাৰ সমস্যাবোৰ সচাঁকৈয়ে সমাধা হ'ব পাৰে আৰু তেওঁ সঠিক ক্ষতিপূৰণ লাভ কৰে, উপভোক্তাজন সন্তুষ্ট বুলি কব পাৰি । আৰু সঠিক্ভাৱে কাৰ্যকৰী হোৱাৰ পিছত এখন আইনক ফলপ্ৰসূ বুলি কব পাৰি ।

Intro:Body:

উপভোক্তাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে নতুন পদক্ষেপ

নতুন আইনে আমাৰ সমস্যা সমাধান কৰিব পাৰিব নে?

অৰ্থনৈতিক উদাৰীকৰণ আৰু বিশ্বায়নৰ এই সময়ছোৱাত উপভোক্তাৰ এক গুৰুত্বপূৰ্ণ ভুমিকা আছে।

সামগ্ৰী বা উৎপাদনৰ যিহেতু বিশালভিত্তিত বিক্ৰী বাঢ়িছে, হব পৰা লোকচান আৰু ঠগ প্ৰবঞ্চনাৰ বিৰুদ্ধেও ব্যবস্থা লোৱাৰ সময় আহি পৰিছে।

যিহেতু, উপভোক্তাৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে ব্যবস্থা লোৱা হৈছে, সমান্তৰালভাৱে উপভোক্তাক তেওলোকৰ অধিকাৰৰ বিষয়ে সতৰ্ক কৰাতোও প্ৰয়োজন।

বেছিসংখ্যক উপভোক্তা তেওলোকৰ অধিকাৰৰ বিষয়ে সতৰ্কিত নহয়, বিশেষকৈ গ্ৰাম্যাঞ্চলৰ উপভোক্তাসমুহ।

যোৱা বছৰ চৰকাৰে উপভোক্তাৰ সুৰক্ষা আইন,১৯৮৬ ৰ ক্ষেত্ৰত কিছু পৰিবৰ্তন আনিবলৈ নতুন বিল এখন প্ৰস্তাৱিত কৰিলে।

২০১৯ বৰ্ষৰ ৯ আগষ্ট তাৰিখে বিলখন ৰাষ্ট্ৰপতিৰ দ্বাৰা স্বাক্ষৰিত হ'ল।

উপভোক্তাৰ অধিকাৰৰ সুৰক্ষা, অনৈতিক ব্যৱসায় ৰোধ কৰা, অভিযোগ দৰ্খাস্তকৰনৰ ব্যবস্থা, ইণ্টাৰনেটযোগে লেন-দেনৰ ব্যৱস্থা তথা ব্যৱসায় , এই আটাইবোৰ নতুন আইনখনে অন্তৰ্ভুক্ত কৰিছে।

উপভোক্তাৰ সবলীকৰনৰ ক্ষেত্ৰত এই নতুন আইনখন যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ " য়ু এছ ফেদৰেশ্যন ট্ৰেড কমিছন" আৰু অষ্ট্ৰেলিয়াৰ "অষ্ট্ৰেলিয়ান কনজিউমাৰ এণ্ড কমিছনে" উপভোক্তাৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে।

উপভোক্তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন পৰিষদ গঠন কৰা হৈছে।

তাৰ লগতে উপভোক্তাৰ অধিকাৰৰ  সুৰক্ষা আৰু অনৈতিক ব্যৱসায় ৰোধ কৰাৰ কাৰণে এই আইনখনৰ অধীনত উপভোক্তাৰ সুৰক্ষা  কৰ্তৃপক্ষ এখন আছে।

এজন মুখ্য আয়ুক্ত তথা উপ আয়ুক্তৰ অধীনত এই কামখিনি চলিব।

নিৰ্দেশক এজনৰ দ্বায়িত্বত অনুসন্ধান বিভাগ চলিব আৰু এই বিভাগৰ ৰেইড তথা অন্য কিছু ক্ষমতা থাকিব।

যদি কোনো ধৰণৰ অনৈতিক ব্যৱসায় তথা অধিকাৰ ভংগৰ কিবা উমান পোৱা যায়, প্ৰতিবেদন দাখিল কৰা যাব।

নতুন আইনখনে আনকি উপভোক্তা পৰিষদৰ ওপৰতো কিছু সীমবদ্ধতা আনিছে।

জিলাভিত্তিত গঠন হোৱা পৰিষদবোৰে অকল ১ কোটি টকালৈকেহে অভিযোগ বা কেছ লব পাৰিব।ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিষদবোৰে ১০ কোটিৰ অভিযোগ পৰ্যন্ত লব পৰিব।

জিলভিত্তিক পৰিষদত শুনানি হোৱাৰ পিছত , সেই ৰায় ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰিষদত পুনৰ আবেদন কৰিব পাৰিব।

আগৰ ৰায়ক পুনৰিক্ষণ কৰিব পৰা ক্ষমতাও ৰাজ্যিক পৰিষদৰ আছে।

নীতি-নিয়ম ভংগ কৰাসকলৰ বিৰুদ্ধে জৰিমনাসহ শাস্তিৰ ব্যবস্থা আছে। I

অবাস্তৱ কথা বা বিজ্ঞাপনৰ জৰিয়তে উপভোক্তাক আভুৱা ভৰিব খুজিলে ১০ লাখলৈকে জৰিমনা বিহা হব পাৰে।

ভুৱা  বিজ্ঞাপন বা তেনেকুৱা ধৰণৰ কাৰ্যত কোনো তাৰকা জৰিত থাকিলে অন্য  বিজ্ঞাপনৰ পৰা তেওক নিষিদ্ধ কৰা যাব।

যদি সেই নিয়মাৱলী কোৱা ধৰণেই প্ৰযোজ্য হোৱা দেখা নাযায়, ছমাহ পৰ্যন্ত জেল আৰু ২০   লাখলৈকে জৰিমনা ভৰাৰ সম্ভাৱনীয়তা আছে।

সামগ্ৰীৰ উৎপাদক তথা সেৱা প্ৰদান কৰোতা উভয়ে জেল তথা জৰিমনা ভৰাৰ সন্মুখীন হব লাগিব।

বিভিন্ন সংঘাতবোৰৰ সমাধান উলিয়াবলৈ মধ্যস্থতা কেন্দ্ৰসমুহ স্থাপন কৰা হৈছে, উদ্দেশ্য এটাই যাতে সোনকালে যিকোনো সংঘাতৰ সমাধান এটা উলিয়াব পাৰি।

নিৰ্ধাৰিত সময়ৰ ভিতৰত সমাধান নোলালে জিলভিত্তিক পৰিষদবোৰে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰিষদক আবেদন কৰিব পাৰে।

নতুন আইনৰ অধীনত উপভোক্তাই যিকোনো ঠাইৰ পৰা তেওঁলোকৰ সমস্যাসমুহ অনলাইন যোগে দৰ্খাস্ত কৰিব পাৰে। উপভোক্তাৰ সুবিধাৰ্থেই এই আইনখন ডিজাইন কৰা হৈছে।

সামগ্ৰী বা বস্তুৰ সংজ্ঞা ১৯৮৬ চনৰ আইনখনত অন্তৰ্ভুক্ত কৰা হৈছিল।

যদি উপভোক্তাক সেৱা প্ৰদানৰ ক্ষেত্ৰত পলম হয়, ক্ষতিপূৰণ  দিব লাগিব।

এই ৰায় প্ৰদান কৰা গৈছিল ললিত কুমাৰ বনাম কৃষ্ণ কেছত।

চাৰিঘন্টা সময় এজন উপভোক্তাক ৰখায় থোৱা কাৰণে এবাৰ ৩৫০০০ টকাৰ ক্ষতিপূৰণ দিব লগা হৈছিল।

নিৰ্দ্ধাৰিত সময়সীমাৰ ভিতৰত উপভোক্তাৰ কেছ সমাধা হব লাগিব।

ইয়েই উৎপাদক আৰু বিক্ৰেতাক দ্বায়ীত্বশীলভাৱে কাম কৰাব।

সৰু ল'ৰা-ছোৱালীক উদ্দেশ্যি বনোৱা অনিষ্টকৰ খাদ্যবস্তুবোৰৰ বিজ্ঞাপনৰ ওপৰত কিছু সীমাবদ্ধতা থাকিব লাগিব।

উপভোক্তাৰ সুৰক্ষা সন্দৰ্ভীয় বিভিন্ন আলোচনা চক্ৰ চৰকাৰী পূজি প্ৰাপ্ত সংস্থাবোৰৰ জৰিয়তে হব লাগিব, বিশেষকৈ বিস্ববিদ্যালয়, মহাবিদ্যালয় তথা বিদ্যালয়সমূহত। সামগ্ৰীৰ মানদণ্ড পৰীক্ষা কৰাৰ কাৰণে পৰীক্ষাগাৰ স্থাপনৰ কথাও বিবেচনা কৰা হৈছে।

কেইটামান বিশেষ স্তৰ পাৰ হোৱাৰ পিছতহে সামগ্ৰী বজাৰত উলিয়াই দিয়াতো উপভোক্তাৰ কাৰণে উপযুক্ত হ'ব। চৰকাৰৰ আইন বা নিয়ম প্ৰনয়নৰ দ্বায়িত্ব আৰু নৈতিকতাৰ ক্ষেত্ৰত উপভোক্তাৰ অংশগ্ৰহণ যথেষ্ট কঠিন।

সদৌ শেষত এটাই কথা, উপভোক্তাৰ অধিকাৰৰ ক্ষেত্ৰত নতুন আইনখন ইতিবাচক।

যদিহে কোনো উপভোক্তাৰ সমস্যাবোৰ সচাঁকৈয়ে সমাধা হ'ব পাৰে আৰু তেওঁ সঠিক  ক্ষতিপূৰণ লাভ কৰে, উপভোক্তাজন সন্তুষ্ট বুলি কব পাৰি। আৰু সঠিক্ভাৱে কাৰ্যকৰী হোৱাৰ পিছত এখন আইনক ফলপ্ৰসূ বুলি কব পাৰি।

ড° এম বুচিয়াহ

- Dr. M. Buchiah

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.