ETV Bharat / bharat

বিহাৰ নিৰ্বাচনে ডিএমকেৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা - কংগ্ৰেছৰ পুনৰুত্থান

বিহাৰ নিৰ্বাচনৰ বিফলতাই কংগ্ৰেছৰ বাবে তামিলনাডুত নতুন প্ৰত্যাহ্বান সৃষ্টি কৰাৰ সম্ভাৱনা ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰমাৎ হ্ৰাস পাইছে কংগ্ৰেছৰ প্ৰভাৱ ৷ বিহাৰ নিৰ্বাচনৰ ফলাফলে ডিএমকেৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা ৷ দুয়োটা দলৰে মুখপাত্ৰৰ মতে অক্ষুণ্ণ থাকিব মিত্ৰতা ৷

বিহাৰ নিৰ্বাচনে ডিএমকেৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা

author img

By

Published : Nov 12, 2020, 12:11 PM IST

চেন্নাই,12 নৱেম্বৰ: বিহাৰ নিৰ্বাচনৰ বিফলতাই তামিলনাডুত কংগ্ৰেছৰ বাবে বিপৰ্যয় মাতি আনিব পাৰে ৷ পুৰণি দলটোৰ দুৰ্বল প্ৰদৰ্শনে তামিলনাডুত দ্রাবিড় মুন্নেত্র কড়গম (ডিএমকে) দলক কংগ্ৰেছৰে সৈতে মিত্ৰতা কৰা বা নকৰাক লৈ পুনৰ বিবেচনা কৰিবলৈ ভবাই তুলিব বুলি আশংকা কৰা হৈছে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত হিচাবৰ পৰা প্ৰায় বাদ পৰা কংগ্ৰেছ দল এতিয়া 2021 ক শাসনলৈ অহাৰ বাবে লক্ষ্য স্থিৰ কৰি লোৱা ডিএমকে দলৰ পূৰ্ণ নিৰীক্ষণলৈ অহাৰ আশংকাই অধিক ৷

সদ্য ঘোষিত বিহাৰ নিৰ্বাচনৰ ফলাফল যেন 2016 চনত তামিলনাডুত ঘটা ঘটনাৰে এক পুনৰাবৃত্তি ৷ 2016 ৰ নিৰ্বাচনত কংগ্ৰেছে 41 আসনৰ বাবে প্ৰতিদ্বন্দীতা 33 খন আসনতে পৰাজয় বৰণ কৰি মাত্ৰ আঠখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল ৷ যাৰ পৰিণতিত ডিএমকে দলে পৰাজয় বৰণ কৰিব লগা হৈছিল ৷ ৰাষ্ট্ৰীয় দলটোৰ ক্ৰমাৎ হ্ৰাস পাই অহা নিৰ্বাচনী প্ৰাসংগিকতা এতিয়া ডিএমকে দলৰ বাবে এক গভীৰ চিন্তাৰ কাৰণ হৈ পৰিছে ৷ 2011 টো মিত্ৰতা কৰি কংগ্ৰেছে 63 খন আসনৰ বাবে প্ৰতিদ্বন্দীতা কৰি কেৱল 5 খন আসন লাভ কৰিছিল ৷

এতিয়া বিহাৰ নিৰ্বাচনে বহু আলোচিত কংগ্ৰেছৰ পুনৰুত্থানক লৈ এক ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে ৷ ৰাজ্যসভাৰ সদস্য তথা ডিএমকেৰ মুখপাত্ৰ গৰাকীয়ে কয় যে কংগ্ৰেছে আত্ম মূল্যাংকন কৰাৰ প্ৰয়োজন আছে আৰু বিহাৰৰ নিৰ্বাচনেও এই কথাকে প্ৰতিফলিত কৰে যে দলটোৱে নিজক পুনৰ্গঠন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷

অৱশ্যে দলটোৰ যুৱনেতা উদয়ানিধি ষ্টেলিনে কয় যে প্ৰতিখন ৰাজ্যৰ নিৰ্বাচন পৃথক গতিকে বিহাৰ নিৰ্বাচনে তামিলনাডুৰ নিৰ্বাচনত কোনো ধৰণৰ প্ৰভাৱ নেপেলাই ৷ ইফালে মিত্ৰতাৰ ক্ষেত্ৰত কোনোধৰণৰ বিভেদ অহাৰ কথী নাকচ কৰি কংগ্ৰেছৰ মুখপাত্ৰ এ গ'পান্নাই কয় যে বিহাৰৰ ফলাফলে তামিলনাডুত কোনো প্ৰভাৱ পেলাব নোৱাৰে ৷ ওৱাইচিৰদৰে কিছু লোকে নিৰপেক্ষ ভোটসমূহ বিভাজন কৰিছে আৰু কংগ্ৰেছে যথেষ্ঠ ক্ষীণ ব্যৱধানত আসন হেৰুৱাইছে ৷ তামিলনাডু বিহাৰ নহয় আৰু ডিএমকেৰ সৈতে আমাৰ মিত্ৰতা অক্ষুণ্ণ থাকিব ৷

লগতে পঢ়ক:বিজেপিত যোগদান সহস্ৰাধিক প্ৰাক্তন আছু সদস্যৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.