ETV Bharat / bharat

ৰামলীলা মৈদানত কংগ্ৰেছৰ "BHARAT BACHAO"ৰেলী

author img

By

Published : Dec 14, 2019, 4:38 PM IST

"SABKA SATH SABKA BIKASH" বাক্যশাৰীক কিমান অনুশৰণ কৰিছে তেওঁলোকে ? ক'লা টকাক ৰোধ কৰিবলৈ বিমুদ্ৰাকৰণ কৰিছিল চৰকাৰখনে বাহিৰলৈ আহিল নে ক'লা টকাসমূহ ? বৰ্তমানৰ সময় এনেকুৱা যে যাৰ যিকোনো আইন বলবৎ কৰাৰ অধিকাৰ আছে সকলোৰে ৷ এওঁলোকে প্ৰতিদিনে সংবিধানখনক অৱমাননা কৰে সেয়ে মোদী আৰু শ্বাহে সংশোধনী আইনখন বলবৎ কৰিলে যাতে সম্পৰ্ণ ভাৰতবৰ্ষ নিঃশেষ হৈ যায় ৷

ৰামলীলা মৈদানত কংগ্ৰেছৰ "BHARAT BACHAO" ৰেলী
"BHARAT BACHAO" ৰেলী

নিউজ ডেস্ক, 14 ডিচেম্বৰ: শনিবাৰে নতুন দিল্লীৰ ৰামলীলা মৈডানত অনুষ্ঠিত "BHARAT BACHAO" সমদলত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ কেইবাগৰাকীও জেষ্ঠ নেতা ৷ এই অনুষ্ঠানৰ মূল উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰৰ বিভেদমূলক আৰু কূটাঘাটমূলক কামৰ বিৰোধিতা কৰা ৷ "BHARAT BACHAO" সমদলত উপস্থিত হৈ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী,কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী,জেষ্ঠ কংগ্ৰেছ নেতা মনমোহন সিঙৰ লগতে কংগ্ৰেছ নেতা কমল নাথে ভিন্ন মন্তব্য আগবঢ়াই ৷

ৰামলীলা মৈদানত কংগ্ৰেছৰ
ৰামলীলা মৈদানত কংগ্ৰেছৰ "BHARAT BACHAO" ৰেলী

ছোনিয়া গান্ধী: যদিহে দেশখন ৰক্ষা কৰিব লাগে তেন্তে প্ৰতিজনে কঠোৰ সংঘৰ্ষ কৰিব লাগিব ৷ যুৱ প্ৰজন্মই নিজ ভৱিষ্যত সম্পূৰ্ণ অন্ধকাৰ দেখিছে,কৃষকসকলৰ সমস্যা দিনে দিনে ইমান বাঢ়ি গৈছে যে তেওঁলোকৰ বাবে জীয়াই থকাটো অতি কঠিন হৈ পৰিছে ৷ "SABKA SATH SABKA BIKASH" বাক্যশাৰীক কিমান অনুশৰণ কৰিছে তেওঁলোকে ? ক'লা টকাক ৰোধ কৰিবলৈ বিমুদ্ৰাকৰণ কৰিছিল চৰকাৰখনে বাহিৰলৈ আহিল নে ক'লা টকাসমূহ ? বৰ্তমানৰ সময় এনেকুৱা যে যাৰ যিকোনো আইন বলবৎ কৰাৰ অধিকাৰ আছে সকলোৰে ৷ এওঁলোকে প্ৰতিদিনে সংবিধানখনক অৱমাননা কৰে সেয়ে মোদী আৰু শ্বাহে সংশোধনী আইনখন বলবৎ কৰিলে যাতে সম্পৰ্ণ ভাৰতবৰ্ষ নিঃশেষ হৈ যায় ৷ জনতাৰ মাজত কাজিয়া লগাই নিজৰ ভূলসমূহ লুকুৱাই ৰখাটোৱে মোদী আৰু শ্বাহৰ মূল এজেণ্ডা ৷

কমল নাথ: আমাৰ কৃষকসকলেও আজি ন্যায় বিচাৰিছে যাৰ জন্মও ঋণত হয় আৰু মৃত্যুও ঋণত হয় ৷ মোদী জি আপুনি ৰাষ্ট্ৰীয়তাবাদৰ শিক্ষা কাক দিব বিচাৰিছে ? কোনোবাই এওঁক প্ৰশ্ন কৰক যে এওঁ কিমানজন মুক্তিযুদ্ধা দেশলৈ আৱদান দিছে ?

মনমোহন সিং: আজি সময় আহি পৰিছে কংগ্ৰেছ দলটোক শক্তিশালী কৰা যাতে দেশখনক এটা সঠিক দিশলৈ আগুৱাই নিব পাৰো ৷

ৰাহুল গান্ধী: শুকুৰবাৰে মোক সদনত ক্ষমা বিচাৰিব দিয়া হৈছিল ৷ মোৰ নাম ৰাহুল সাৱৰকৰ নহয় ৰাহুল গান্ধী আৰু মই সঁচা কথাৰ বাবে কেতিয়াও ক্ষমা নিবিচাৰো ৷ এই দেশখনৰ শক্তি দেশখনৰ অৰ্থনৈতিক ব্যৱস্থা আছিল ৷ প্ৰথমে ভাৰত আৰু চীনক পৃথিৱীৰ ভৱিষ্যত বুলি কোৱা হৈছিল আৰু বৰ্তমান আমাৰ আলোচনাৰ বিষয় হৈ পৰিছে পিঁয়াজ ৷ মোদীয়ে ভাৰতৰ অৰ্থ ব্যৱস্থাক এনেদৰে আঘাত হানিছে যে এই আঘাতক বৰ্তমানলৈ সম্ভালিৱ পৰা যোৱা নাই ৷

প্ৰথমে দেশত 9 শতাংশ GDP আছিল যি বৰ্তমান 4 শতাংশ হৈ পৰিছে ৷ যাৰ বাবে চৰকাৰে GDP হিচাপৰ পদ্ধতিটোৱে সলনি কৰি দিছে ৷ দৰাচলতে আমাৰ দেশৰ GDP 2.5 শতাংশ ৷ মুঠতে চাৰিওফালে কেৱল ভ্ৰষ্টাচাৰ চলাই গৈছে ৷ যেতিয়ালৈ দেশৰ দুখীয়া,কৃষক আৰু যুৱচাম আৰ্থিকভাৱে সৱল নহয় তেতিয়ালৈ এই দেশৰ অৰ্থনীতি আগবাঢ়িব নোৱাৰে ৷

ভাৰতক দিনে দিনে দুৰ্বল কৰি আছে,ভাগ ভাগ কৰা হৈছে আৰু মোদীয়ে কেৱল সত্তাৰ বাবে দেশখনক ধ্বংস কৰি আছে ৷"BHARAT BACHAO" সমদলত এনেধৰণে নিজ মন্তব্য ৰাখে কংগ্ৰেছৰ জেষ্ঠ নেতৃত্বই ৷

Intro:Body:

BHARAT BACHAO 

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.